গছ ভালপোৱা ককাৰ খং
৩) কোৱা আৰু লিখা ।
(ক) কবিতাটোত কাৰ বিয়া কথা কৈছে
উত্তৰঃ কবিতাটোত ৰঘুনাথৰ লৰাটোৰ বিয়াৰ কথা কৈছে ।
(খ) আমলখি গছজোপা কিয় কাটিলে
উত্তৰঃ আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কাটিলে ।
(গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে
উত্তৰঃ বোৱাৰীয়ে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে ।
(ঘ) সহজতে কি বস্ত ঘূৰাই নাপাব বুলি ককাই কৈছে
উত্তৰঃ সহজতে আমলখি গছজোপা ঘূৰাই নাপাব বুলি কৈছে ।
(৪) কোৱা আৰু লিখা ।
(ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল
উত্তৰঃ বিয়া খাবলৈ আহি ককাই যেতিয়া দেখিছিল যে আমলখি গছযোপা কাটি দিলে তেতিয়া ককাৰ খং উঠিছল ।
(খ) বিয়া ঘৰত ককাই কিয় একো নাখালে
উত্তৰঃ বিয়া ঘৰত ককাই আমলখি গছযোপা কাটি দিয়াৰ বাবে একো নেখালে ।
(গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল
উত্তৰঃ খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীবাদ দিব বিচাৰিছিল ।
৫) তলৰ কবিতা ফাকি গদ্যৰুপত লিখা-
আলহী-অতিথি যাব
ৰভা নাইকিয়া হব
বোৱাৰীয়ে ঘৰখন
দিবহি পূৰাই,
পিছে কোৱাচোন ৰঘুনাথ
আমলখি গছজোপা
সহজতে পাবানে ঘূৰাই
(৬) কবিতাটোৰ মূলভাব লিখা।
৭) বাক্য ৰচনা কৰা ।
এজোলোকা,আলহী-অতিথি, আশীবাদ, সহজতে, ঘূৰাই,
৮) ক অংশৰ লগত খ অংশৰ অৰ্থৰ মিল থকা শব্দবোৰ আঁচ টানি মিলোৱা-
ক অংশৰ খ অংশ
ৰৰভা কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিমাণ কৰা চালি
দৰা বৰ
গছ বৃক্ষ
ঔছধ দৰব
৯) তোমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ চুবুৰীয়াক গছ-গছনি নাকাটিবলৈ কেনেদৰে বুজাবা কোৱা।
১০) কেৱল বৃক্ষৰোপণ কৰিলেই নহয়, তাক প্ৰতিপালন কৰাটোও আমাৰেই দায়িত্ব- কথাষাৰ দলীয়ভাৱে আলোচনা কৰা আৰু দলৰ এজনে বণনা কৰা
১১) গছ আমাৰ পৰম মিত্ৰ- এই বিষয়টো লৈ শ্ৰেণীত পতা তক প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা।
১২) আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ বিষয়ে লিখা ।
১৩) কিছুমান গছৰ ফল-ফুল, ডাল-পাত, গা-গছ আদি আটাইবোৰ অংশই আমাৰ বাবে অতি উপকাৰী । কলগছ তেনে এবিধ উপকাৰী গছ। কলগছৰ উপকাৰিতাৰ বিষয়ে দলত আলোচনা কৰি তালিকাখন পূৰ কৰা ।
১৪) সাঁথৰ ভাঙা।
(ক) খাল-বিল শুকাই গল,
গছৰ আগত পানী ৰল।
উত্তৰঃ নাৰিকল
(খ) ৰজাৰ লাঠি
ঘন ঘন গাঁঠি।
উত্তৰঃ কুহিঁয়াৰ ।
জ্যোতিষ কাকতি Jyotish kakati