১৮৫৭ চনৰ বিদ্ৰোহ
১) উত্তৰ লিখা-
(ক) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূর্ণৰূপে ইংৰাজ উপনিবেশত পৰিণত হ’ল ?
উত্তৰ- অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ǀ
(খ)কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয়মর্যাদা , উপাধি , পেন্সন আদি কাঢ়ি লোৱা হৈছিল ?
উত্তৰ- লৰ্ড ডেলহাউচি ǀ
(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্রথম ছহিদ কোন আছিল ?
উত্তৰ- মংগল পাণ্ডে ǀ
(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?
উত্তৰ- পিয়লি বৰুৱা ǀ
(ঙ) অসমৰ কৃষক বিদ্রোহসমূহ কোনে পৰিচালনা কৰিছিল ?
উত্তৰ- ৰাইজ মেলসমূহে ǀ
২) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা
উত্তৰ-
৩) শুদ্ধ/অশুদ্ধ নির্ণয় কৰা
(ক) অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধর্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্রপাত হৈছিল।
উত্তৰ- শুদ্ধ
(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী ।
উত্তৰ- অশুদ্ধ
(গ) ১৮৫৭ চনৰ বিদ্রোহত বাহাদুৰ ছাহ দ্বিতীয় ভাৰতবৰ্ষৰ সম্রাট বুলি ঘোষণা কৰিছিল।
উত্তৰ- শুদ্ধ
(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ইংৰাজক আবেদন জনাইছিল ।
উত্তৰ- অশুদ্ধ
(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্রোহ কৰিছিল।
উত্তৰ- শুদ্ধ
৪) চমু টোকা লিখা-
ক) মণিৰাম দেৱান (খ) ফুলগুৰি ধেৱা (গ) চিপাহী বিদ্ৰোহৰ তৎকালিন কাৰণ
উত্তৰঃ (ক) মণিৰাম দেৱানঃ ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱাক । মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল । মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ ‘দেৱান’ৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ ‘চিনামৰা’ আৰু ‘চেলেঙ’ত নিজাকৈ দুখন চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে । মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে বিভিন্ন প্ৰকাৰে তেওঁক হাৰাশস্তি কৰিবলৈ আৰম্ভ কৰে । অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ অসমত পুনৰ কৰ্ন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমতো সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলালে । কিন্তু আঁচনি মতে কাম নহ’ল । প্ৰস্তুতি ভালেখিনি আগবঢ়াৰ সময়তে মণিৰাম দেৱানৰ বিদ্ৰোহ সম্পৰ্কীয় কিছুমান নথি-পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীনভাৱে মণিৰাম দেৱান আৰু সহযোগীসকলক আটক কৰা হ’ল । কোনো আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে ।
(খ) ফুগুৰি ধেৱাঃ অসমৰ কৃষক বিদ্ৰোহসমূহ পৰিচালনা কৰিছিল ‘ৰাইজ মেলসমূহে’ । সমাজৰ মুখিয়াল লোকসকলৰ তত্বাৱধানত ৰাইজ মেলসমূহ গঢ়ি উঠিছিল । জাতি, ধৰ্ম নিৰ্বিশেষে সকলোৱেই ইয়াত অংশগ্ৰহণ কৰিব পাৰিছিল আৰ্থ-সামাজিক সমস্য়াসমূহ উপস্থাপনৰ ক্ষেত্ৰত ৰাইজমেলসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । তাৰোপৰি ৰাইজমেলৰ ক্ষমতা ইমানেই বেছি আছিল যে কোনো কোনো ঠাইত স্থানীয়ভাৱে চৰকাৰক অচল কৰি দিবলৈও ই সমৰ্থ হৈছিল । অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ১৮৬১ চনত ফুলগুৰিত সংঘটিত হৈছিল । ইয়াক ফুলগুৰিৰ ধেৱা বুলিও জনা যায় ।
(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণঃ আলম হিচাপে লৈ সেনাৰ ছাউনীত হাঠতে সংঘটিত হোৱা ই এটা চিপাহী বিদ্ৰোহ । এই বিদ্ৰোহ পূৰ্ব পৰিকল্পিত নাছিল অথবা ইয়াৰ কোনো আদৰ্শগত ভিত্তিও নাছিল । তেওঁলোকৰ মতে তিনিখন প্ৰেচিডেন্স চহৰৰ মাত্ৰ এখনৰ সেনাৰ ছাউনীতহে এই বিদ্ৰোহ হৈছিল আৰু সকলো ভাৰতীয় সৈন্যই ইয়াত সহযোগ কৰা নাছিল । ইংৰাজসকলেও ১৮৫৭ চনৰ বিদ্ৰোহক এটা সাধাৰণ ‘চিপাহী বিদ্ৰোহ’ হিচাপেই অভিহিত কৰিছে ।
৫) চিপাহী বিদ্রোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি ? যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ-
৬) লর্ড ডেলহাউচিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা ? লিখা।
উত্তৰ-
৭) এচাম ইতিহাসবিদ মতে চিপাহী বিদ্রোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্রথম যুদ্ধ বুলি ক’ব পৰা নাযায়? যুক্তি দর্শোৱা ।
উত্তৰ-
৮) চিপাহী বিদ্রোহৰ নেতাসকলৰ ফটো সংগ্রহ কৰি এটা এলবাম প্রস্তুত কৰা।
উত্তৰ-
৯) ভাৰতৰ এখন মানচিত্র অংকণ কৰি চিপাহী বিদ্রোহ সংঘটিত হোৱা ঠাইসমূহ যথাস্থানত বহুওৱা ।।
উত্তৰ-