হনুমন্তৰ লঙ্কাদৰ্শন
১) চমুকৈ উত্তৰ দিয়া -ঃ
ক) মাধৱ কন্দলী কোন আছিল ?
উঃ মাধৱ কন্দলী প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল ।
খ) মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল ?
উঃ মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল ।
গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত পাচঁটা কাণ্ড পোৱা যায় ?
ঘ) মাধৱ কন্দলীক শংকৰদেৱে কবি বুলি অভিহিত কৰিছিল ?
উঃ মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ?
ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত সন্নিৱিষ্ট বৰ্তমানে উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল ।
চ) হনুমন্তৰ লংকাদৰ্শন – কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?
উঃ হনুমন্তৰ লংকাদৰ্শন – কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে ।
২) মাধৱ কন্দলীৰ বাহিৰে শংকৰ – পূৰ্ব যুগৰ কবিকেইজনাৰ নাম উল্লেখ আছে ?
উঃমাধৱ কন্দলীৰ বাহিৰে শংকৰ – পূৰ্ব যুগৰ কবি কেইজনাৰ নাম – হেমসৰস্ৱতী , হৰিদাস বিপ্ৰ , কবিৰত্ন সৰস্ৱতী আৰু ৰুদ্ৰ কন্দলী।
৩) মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ কৰ ৰজা আছিল ?
উঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহাকাব্যৰ ষ্ঠপোষকতা লাভ কৰিছিল । তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল ।
৪) তলত দিয়াবোৰৰ টোকা লিখা ঃ
উঃ
হনুমন্ত – হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল । হনুমন্ত বানৰ বীৰ আছিল । তেওঁ বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ আছিল । তেওঁ মহা বলবন্ত আৰু বুদ্ধিমত্ত আছিল । ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল । ৰাম – ৰাৱনৰ যুদ্ধত লক্ষ্মণক মেঘনাথে শৰ মাৰি বধ কৰাত বিশল্য়কৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতখনকে দাঙি আনিছিল । তেওঁৰ অন্তৰত আৰু সুখত সদায় ৰাম ৰাস কৰিছিল ।
সুগ্ৰীৱ – সুগ্ৰীৱ বানৰসকলৰ ৰাজ্য কিষ্কিন্ধ্যাৰ ৰজা বালীৰ ভায়েক আছিল । এওঁ ৰামৰ পৰম মিত্ৰ আছিল । সীতাৰ সন্ধানত ঘূৰি ফুঁৰোতে ৰাম আৰু সুগ্ৰীৱৰ মিলত ঘটিছিল । ৰাজ্যলাভৰ আশাত সুগ্ৰীৱে ভায়েক বালীক ৰামৰ হতুৱাই হত্যা কৰায়ছিল । সীতাৰ উদ্ধাৰৰ বাবে হোৱা যুদ্ধখনত সমস্ত বানৰ সেনা লৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল ।
নীল -ঃ নীল এগৰাকী বানৰ বীৰ আছিল । কিষ্কিন্ধাত তেওঁ ৰামচন্দ্ৰক লগ পায় । এওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নিমাৰ্ণ কৰাব লগা হৈছিল সেই কাৰ্যৰ এগৰাকী সেনাপতি আছিল । নীল সীতা উদ্ধাৰৰ বাবে লগা ৰাম- ৰাৱণৰ যুদ্ধৰ এগৰাকী সেনাপতি আছিল ।
অম্ৰাৱতী – ঃ অম্ৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী আছিল । এই নগৰখন দেৱসকলৰ সনিকৰ বিশ্ৱকৰ্মাই নিৰ্মাণ কৰিছিল । ইয়াত সৌন্দৰ্য অতি বিতোপন আৰু চালে চকুৰুৱা আছিল । অম্ৰাৱতীত থকা বাগিছাখনৰ নাম নন্দন কানন আছিল । যত দুষ্প্ৰাপ্য ফুল জকমকাই সদাই ফুলি আছিল ।
কাশ্যপ নন্দন -ঃ সূৰ্যদেৱৰ আন এটা নাম আছিল কাশ্যপ নন্দন । ৰামায়ণৰ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পূত্ৰ আছিল । এওঁক ঐলোক্যৰ প্ৰদীপ বুলিও কব পাৰি । অগ্নি , ৰুদ্ৰ আৰু বিষ্ণুৰ লগত সূৰ্য অভিন্ন ।
বিশ্বকৰ্মা -ঃ বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত । ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী বিশ্বকৰ্মা । এওঁ দেৱতাসকলৰ অলংকাৰ আৰু বিমান নিৰ্মান কৰিছিল । ইন্দ্ৰৰ ৰাজধানী অম্ৰাৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰ গই সাধিত হৈছিল । এঁওক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায় ।
৫) লংকা নগৰীৰ কাষৰ বন- বননিত হনুমন্তই কি কি ফল – ফুলৰ গছ দেখিবলৈ পাইছিল ?
উঃ লংকা নগৰীৰ , যাওঁতে কাষৰ বন- বননিত হনুমন্তই অনেক ফল – ফুল দেখিবলৈ পাইছিল । সেইবোৰ হল সৰল , পিয়াল , ঔটেঙা , আঙুৰ , আম , জাম ,খেজুৰ , শাল , তাল , তামোল ,গমাৰি , বগৰী , সোলেং টেঙা , কৰ্দৈ, বীজপুৰ , আমলখি , অমৰা , বুট , মনিছাৰ বা বিন , কল , গুনকল , সেৱতী , মালতী , , নাৰিকল , শ্ৰীফল , মহৰি , পাৰিজাত , ছতিয়কা , হাৰিঠা , নগগেশ্ৱৰ , আদি বিভিন্ন ফল – ফুলেৰে আগুৰি আছিল লংকাৰ বন । ইয়াৰ উপৰিও এসময়ত আছিল পদুম ফুলেৰে ভৰি থকা ধুনিয়া পুখুৰী ।
৬) হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰবেশ কৰিছিল ? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ?
উঃ হনুমন্তই বিৰান অৰ্থাত মেকুৰীৰ ৰূপ লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল । লঙ্কা নগৰীত সুৰক্ষা ব্য়ৱস্থা অতি শক্তিশালী আছিল । হনুমানে নিজ ৰূপেৰে তাত প্ৰৱেশ ৰাক্ষসবোৰে তেওঁক ধৰি পেলাব আৰু বন্ধি লৈ ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা দেখিছিল । সেইবাবে তেওঁ মায়াবিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি লঙ্কা নগৰীত প্ৰৱেশ কৰিছিল ।
৭) হনুমন্তই পদূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া ।
উঃ সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল । বিবিধ ফল – ফুলেৰে জাতিষ্কাৰ বন- বননিৰ পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰৱেশ কৰিবলৈ সাজু হল । কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখিলে লংকাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰা বুলি ভাবি তেওঁ ভয় কৰিছিল । তেতিয়া তেওঁ মায়াবিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰিলে । মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলে । ত্ৰিকূট পৰ্বত স্থাপিত লংকা নগৰখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অমৰাবতীহে । সমগ্ৰ লংকা নগৰীৰ চাৰিসীমা সোণৰ গড়েৰে নিৰ্মিত আছিল । সোণ , মণি – মণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমন্দলৈ থাকি পোহৰ বিলাই আছিল । গোটেই লংকা নগৰীখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেঢ়ি আছিলে ।
দেৱতা , অসুৰ আদিয়ে পাৰ হব নোৱাৰাকৈ শাৰী – শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল । গধূলি সময়ত দেখা লংকা নগৰী খন দুৰ্গম স্থান যেন লাগিছিল হনুমন্তইৰ ।
৮) সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল ?
উঃ ৰামভক্ত হনুমন্তই প্ৰভুৰ দুখ দেখি সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল । গধূলি সময়ত তেওঁ দেখিছিল গোটেই লংকাখন সোণেৰে নিৰ্মিত গড়ে । লংকা নগৰীৰ বহল চাৰিসীমা আৱৰি আছে অসংখ্য়া মজবুত দুৰ্গই । নানা যন্দ্ৰেৰে সজ্জিত সেই দুৰ্গ দেৱতাই অসুৰ আদিয়ে লংঘিব নোৱাৰাকৈ শাৰী – শাৰীকৈ যন্ত্ৰৰে সাজি থোৱা আছে । হনুমন্তই ধাৰণা হৈছিল যে লংকা দুৰ্গম ঠাই তেওঁৰ মনত চিন্তা উপজিছিল যে অংগদ , মুগ্ৰীৱ , নীল আৰু তেওঁ মায়াবলেৰে সাগৰ অতিক্ৰম কৰি লংকাত প্ৰৱেশ কৰিব পাৰিলে । নহলে অন্য় বানৰে শত যোজন পথ পাৰ হৈ সাগৰৰ সিপাৰে থকা লংকালৈ কিদৰে আহিব পাৰিব । দেৱতায়ো লংঘিব নোৱাৰা লংকালৈ আহি দাশৰথী ৰামেও যেন একো কৰিব নোৱাৰিব – সেই চিন্তাইহে হনুমন্তইৰ মনলৈ আহিছিল ।
৯) সুবেল শৃংগত বাহি হনুমন্তই কি ভাবিছিল?
উঃ সীতাক বিচাৰি ত্ৰিকূট পৰ্বতৰ ওপৰত সুবেল – শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত । তেতিয়া শৃংগত বাহি ভাবিছিলে যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছেহি । এতিয়া তেওঁ আগলৈও আগবাঢ়ি যাব পাৰিব । সাগৰ পাৰ হওঁতে কিন্তু তেওঁৰ মনলৈ কোনো শংকা অহা নাছিল । সেইবাবে এতিয়া তেওঁ আগবাঢ়ি নোৱাৰিব বুলি ভাবিবলৈ লাজ লাগে । এই বিলাক কথা ভাবি হনুমন্তই সুবেলত শৃংগত বাহি দ্ৱিতীয় অমৰাবতী সদৃশ লংকা নগৰীলৈ যাবলৈ ভাবিছিল ।
১০) হনুমন্তই লঙ্কাদৰ্শন কাব্য়াংশাৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।
উঃ ৰাৱণে সীতাক হৰি নিহে বুলি গম পাই হনুমাণে বিশাল সাগৰ পাৰ হৈ সুবলে শৃংগত অৱতৰন কৰে । সুবেলিগিৰি শৃংগত বহি লংকা নগৰীখন চাই থাকোতেঁ সূৰ্য অস্ত যাবলৈ ওলোৱাত কিছু সময়ৰ বাবে সূৰ্য দেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা কৰিছিল যাতে দিনৰ পোহৰত তেওঁ লংকাৰ গড়টো চাব পাৰে । হনুমানৰ প্ৰাৰ্থনাত সূৰ্যদেৱতা সন্তুষ হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পুহৰত লংকা নগৰীখন দেখা পালে আৰু তালৈ যাবলৈ সাজু হল । এই পথছোৱাত সৌন্দৰ্য অতি মনোলোৱা আহিলে । চাৰিওফালে থকা বননিযোৰ মাজত থকা পুখুৰীযোৰত পদুম ফুল ফুলি জকমকাই আছে আৰু ভোমোৰাবোৰে সেই ফল – ফুলবোৰৰ মধুপান কৰি আছে । অই বননিত হনুমন্তই বিঙিন্ন ধৰণৰ ফল – ফুলৰ গছ দেখা পাইছে । সেইবোৰ হল সৰল, পিয়াল , নিখৰ , খেজুৰ , শাল , তাল , তামোল , গমাৰি , বীজপুৰ , বৰগছ , ঔটেঙা , বুট , কমলা , বগৰী , তেতেলী , আম , জাম , নাগেশ্বৰ , আমলখি , নাৰিকল , শ্ৰীফল , কৰ্দৈ , অমৰা , কল , গুলাল , পাৰিজাত , মালতী , গুটিমালী আদি । এই গছবোৰৰ পৰা গোটেই বছৰ জুৰি , শীতল বতাহ বলি থাকে আৰু বছৰটোৰ ছয়টা ঋতুতেই কুলিয়ে সুললিত কণ্ঠে গীত গাই থাকে । লঙ্কাৰ চৌপাশে সাগৰে বাৰে বৰণীয়া মুকুতাৰে উপচাই পেলাইছে । গোটেই দিনটো লঙ্কাৰ কাষৰ বননিখনৰ সৌন্দৰ্য উপভোগ কৰাৰ অন্তত গধূলি বেলিকা হনুমানে লঙ্কাত প্ৰৱেশ কৰিবলৈ আহিছিল কিন্তু নিজৰ শাৰীৰিক কলেৱৰ মেকুৰীৰ সমান কৰি হে তেওঁ লঙ্কাৰ প্ৰাচীৰৰ ওপৰত উঠিল । গোটেই লঙ্কাখন সোণৰ গড় আৰু প্ৰাচীৰেৰে আবৰি আছে আৰু শাৰী – শাৰীকৈ নানা যন্ত্ৰ সাজি থোৱা আছে যাতে দেৱতা বা কোনো অসুৰে তাক লঙঘন কৰিব নোৱাৰে । সেই দুৰ্গম ছাই দেখি হনুমানে চিন্তাত পৰিল । কাৰণ অঙ্গত, সুগ্ৰীৱ , নীল আৰু হনুমানে লগ হৈ শতেক যোজন দূৰত থকা সাগৰ পাৰ হব পাৰিলেও বান্দৰবোৰে লঙ্কালৈ কেনেদৰে আহিব । আহিলেও ৰামচন্দ্ৰইনো তাত কি কৰিব ? যিহেতু ৰাম লক্ষ্মণৰ অপাৰ মহিমা গতিকে মনত কিছু আশা লোৱা উচিত ।
ইয়াত লঙ্কা নগৰীৰ প্ৰকৃতি বৰ্ননাত কবিয়ে যতেই সুৰুঙা পাইছে ততেই অসমৰ গছ, বন , ফুলৰ নামবোৰ উল্লেখ কৰিছে ।
ভাষা – বিষয়ক ঃ-
১১) তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা – ঃ
কণ্টকি , ছাতিমাল , তাইতে , দেখিলন্ত ।
উঃ কণ্টকি – কাই ।
ছাতিমাল – ছতিয়না গছ ।
আধুনিক – তাত ।
দেখিলন্ত – দেখিলে ।
১২) সমাৰ্থক শব্দ লিখা -ঃ
গগন , বিৰাল , গড় , সমুদ্ৰ ,পৱন ।
উঃ গগন – আকাশ ।
বিৰাল – মেকুৰী
গড় -দুৰ্গ , কোঁঠ
সমুদ্ৰ – সাগৰ , জলধি ।
পৱন – বতাহ , বায়ু ।
Answer by Bhargov jyoti Nath