শিশুলীলা
প্ৰশ্নাৱলীঃ
১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।
(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।
—-কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
উত্তৰঃ কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হৈছে ‘যশোদা’ ।
(খ) ‘কণত কুণ্ডল দোলে অতি।’
—কাৰ কণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰঃ ইয়াত যশোদা কাণৰ কুণ্ডলৰ কথা কৈছে ।
(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
—-ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?
উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে ।
(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।
—-‘মথনি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ মথনি শব্দৰ অৰ্থ হৈছে ‘গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি’ ।
(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’
—-ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
উত্তৰঃ ইয়াত যশোদাৰ জৰীৰ নাটনি হৈছে ।
(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ ।
—-কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰঃ ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে ।
২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
উত্তৰঃমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘কীৰ্ত্তন ঘোষা’ৰ অন্তৰ্গত ‘শিশুলীলা’ পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে পৰিস্ফুত হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকর্ষন কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যাননিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়াযেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।
৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীতন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হলঃ ‘কীৰ্ত্তন ঘোষা’ । নাম প্ৰসঙ্গৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱত্তিত একশৰণ নাম ধৰ্মৰ মূলপুঠি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্রধান্য তথা ভক্তিধৰ্মৰ গুনানুকীৰ্ত্তনেৰে ভৰপুৰ কীৰ্তন-ঘোষাত ৯ টা অধ্যায় আছে। সাহিত্যিক গুনেৰে সমৃদ্ধ কীর্তন-ঘোষাই ভক্তি ৰসৰ ফল্গুধাৰা নিঃসৰন কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধৰনৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে।
৪। ‘শিশুলীলা’ পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ ভকতৰ ‘শিশুলীলা’ পাঠটি শ্ৰীমন্ত শংকৰদেৱেৰ দ্বাৰা বিৰচিত ‘কীর্তন-ঘোষা’ৰ অন্তগত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূনব্ৰহ্ম অৱতাৰ ৷ সেইজন ভগৱানেই মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। ‘শিশুলীলা’ মহাপুৰুষ শংকৰদেৱৰ ভগৱত প্ৰেমৰ সুন্দৰ নিদর্শন।মনোকামনা পূৰণৰ হেতু সাধাৰন মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ ‘শিশুলীলা’ পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত। যি জনা পৰম ঈশ্বৰক মহা মহা যোগী সকলে তপ-যপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্র ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰন মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰমবান্ধব কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।ভগবান শ্রীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মোহৰ স্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সবব্যপ্ত, সর্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে ‘শিশুলীলা’ পাঠটিৰ তাৎপর্য।
৫। ‘তাহাঙ্ক তনয় মানি বলে। যশোদা বান্ধন্ত উডুখলে।’ —-কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ ‘তাহাঙ্ক নয় মানি বলে।
যশোদা বান্ধন্ত উডুখলে’।-
উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘শিশুলীলা’ নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উড়লত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কৰা প্ৰকাশ কৰিছে।
যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ব্রীজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহা মহা যোগী, মাধৱ সকলে বছৰ বছৰ ধৰি তপ-যপ কৰিও যিজনা ভগৱানক দর্শন পাবলৈও সক্ষম হোৱা নাছিল; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্র মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে- ভগৱান সদায় ভকতৰ অধিন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে।
৬। ‘নাহি আদি অন্ত পূৰ্বাপৰ। পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।’
—- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰঃ‘নাহি আদি অন্ত পূৰ্বাপৰ। পূৰ্ণব্ৰহ্মা জগত ইশ্বৰ’! ——- এই কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱনু চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশুকৃষ্ণৰ উতপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তি ৰূপে ৰচীৰে উড়লত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হল পৰম ভগৱান। তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি। সোয়েহে যশোদাই তেওঁক বান্ধিব বিছাৰোতে প্ৰতিবাৰতেই দুই আঙুল ৰচীৰ নাটনি হ’ল। অৱশেষত মাকৰ প্ৰৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেওঁৱেই এই সৰাচৰ জগতৰ পৰম পুৰুষ। ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্মা অৱতাৰ।
৭। বাখ্য়া কৰাঃ
(ক) যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।
উত্তৰঃ “যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।”
——উক্ত পদফাঁকি আমাৰ পাঠ্যপুঠি ‘অসমীয়া সাহিত্য চয়নিকাৰ’ অন্তৰ্গত ‘শ্ৰীমন্ত শংকৰদেৱ’ বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱানশ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অবগত কৰাইছে। পূৰ্ণব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল।
শ্ৰীকৃষ্ণ হ’ল পৰম পুৰুষ ভগৱান। ত্ৰিজগতৰ সৃষ্টি কৰ্তা। তেওঁক মহা মহা যোগী সকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশুকৃষ্ণই পলাই ফুৰিব লগিয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্রকাশ উক্তপদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে।
(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা।।
উত্তৰঃ
ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা।।
——উক্ত পদফাঁকি আমাৰ পাঠ্যপুঠি ‘অসমীয়া সাহিত্য চয়নিকাৰ’ অন্তৰ্গত ‘শ্ৰীমন্ত শংকৰদেৱ’ৰ বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱনুৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। ইয়াত মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটা দেখা গৈছে ।
শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্রীকৃষ্ণই খঙতে দৈ, লৱনুৰ টেকেলিবোৰ মজিয়াত চতিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং কৰিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে।মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানব শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে ।
(গ) পাচে পাচে যশোদা খেদন্ত। ভয়ে লাগ মাৱক নেদেন্ত।।
উত্তৰঃ
পাচে পাচে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত”
——উক্ত পদফাঁকি আমাৰ পাঠ্যপুঠি ‘অসমীয়া সাহিত্য চয়নিকাৰ’ অন্তৰ্গত ‘শ্ৰীমন্ত শংকৰদেৱ’ৰ বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
এই কবিতা ফাঁকিৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰাত আমনি কৰিছিল আদিৰ দুষ্টালী বোৰৰ কথা সুন্দৰকৈ প্ৰকাশ কৰিছে
পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণই দৈ লৱনুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱনুবোৰ মজিয়াত চটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ডদেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বননা কৰিছে।
৮। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘কীৰ্তন ঘোষাৰ’ অন্তর্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্রকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ ব্যক্তিত্ব অতি সুন্দৰ ভাৱে কবি জনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ দুষ্টালিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি-ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটোও আমাক সোৱঁৰাই থাকিবলৈ পাহৰা নাই।কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পি বলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানব শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।আনহাতে, শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান। তেওঁ আদি অনন্ত, যি জগতৰ সৃষ্টিকর্তা পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন। ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কম গৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোৱঁৰাই দিবলৈ চেষ্টা কৰিছে ।
১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উওৰ : কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অবস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল।
ভাষা বিষয় ঃ
১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাথক শব্দ লিখাঃ
কৰ্ণঃ কান
অৰুণঃ সূৰ্য্য,দিবাকৰ
দধিঃ দৈ
বস্ত্ৰঃ কাপোৰ
বদনঃ মুখ
লৱণুঃ মাখন
কোপঃ খং, ৰাগ
দশনঃ দাঁত, দন্ত
দুগ্ধঃ গাখীৰ
ঈশ্বৰঃ ভগৱান
১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰুপ লিখ ঃ
তাহাঙ্কঃ তেওঁক
নোজোৰেঃ নাটে
খসিঃ খহি
ৰহিলঃ ৰল
আসিঃ আহি
ভৈলাঃ হ’ল
আসান্তঃ আহিছে
শিলায়েঃ শিলেৰে
কাম্পেঃ কঁপে
মাৱকঃ মাকক
বসিঃ বহি
প্ৰয়াসিঃ চেষ্টাকৰা
খেদন্তঃ খেদিলে
১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ
অৰুণ, কঙ্কণ, কৰ্ণ, ভাণ্ড, নিষেধি
উত্তৰঃ
অৰুনঃ ঋ, ৰ, ষ আৰু ‘নʼ ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।
কঙ্কণঃ স্বাভাৱিকতে `ণʼ হৈছে।
কৰ্ণঃ ঋ, ৰ, ষ `নʼ মাজত থাকিলে শেষৰ `নʼ `ণʼ হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ `নʼ `ণ ʼ হৈছে।
ভাণ্ডঃ `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হৈছে।
নিষেধঃ ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ হয়।
১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰঃ পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।
Answer by Bhargov jyoti Nath