মোৱামৰীয়া গণ বিদ্ৰোহ । অধ্যায় ৩ / Chapter 3 | Class 9 Social Science History Lesson 3 Question and Answer Assam | SEBA Class 9 Social Science History Chapter 4 Solution | নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস অধ্যায় ৩ মোৱামৰীয়া গণ বিদ্ৰোহ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Lesson: 3

মোৱামৰীয়া গণ বিদ্ৰোহ 

১) মায়ামৰা কি ? 

উত্তৰঃ মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম।

২) সত্ৰ বুলিলে কি বুজা?

উত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত  নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

৩) সংহতি কি?

উত্তৰঃ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰেই শিষ্য- প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে  সত্ৰসমূহৰ যি ভাগৰ সৃষ্টি হৈছিল তাকে সংহতি বোলা হয়।

বা

সংহতি হ’ল শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰ শিষ্য-প্রশিষ্যসকলৰ মাজত হােৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰিছিল। এই ভাগসমূহক প্রতিটো ভাগকে সংহতি বুলি কোৱা হয়।

৪) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?

উত্তৰঃ আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল।

৫) মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰজাৰ দিনত  শেষ হৈছিল।

৬) কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ /স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?

উত্তৰঃ আহোম ৰজা চুহুংমুঙে প্ৰথম স্বৰ্গদেউ /স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়।

৭) চুৰুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?

উত্তৰঃ চুৰুমফা ভগাৰজাৰ দিনত সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল।

৮) ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?

উত্তৰঃ ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভূজদেৱ মহন্তক অপমান কৰা হৈছিল।

৯) আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা?

উত্তৰঃ আহোম সকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ’ল ছোমদেউ।

১০) জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল।

১১) ৰুদ্ৰ সিংহই কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ ৰুদ্ৰ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল।

১২) কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল?

উত্তৰঃ কৃষ্ণৰাম ভট্টাচাৰ্য আছিল এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত। যাৰ ওচৰত ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহই শৰণ লৈছিল।

১৩) কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল?

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল।

১৪) গাগিনি কোন?

উত্তৰঃ গাগিনি হ’ল মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ।

১৫) মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?

উত্তৰঃ মোৱামৰীয়াসকলে পোনপ্ৰথমে নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল।

১৬) কেপ্টেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?

উত্তৰঃ কেপ্টেইন ওৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ অসমত আছিল।

১৭)অসমৰ কত লোণ উৎপাদন হৈছিল?

উত্তৰঃ অসমৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল।

১৮) অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?

উত্তৰঃ লোণ বৰ দামী বস্তু আছিল আৰু সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিছিল।

চমু / দীঘল  উত্তৰৰ প্ৰশ্ন
১) মোৱামৰীয়া সকল কোন? এই বিদ্ৰোহক গণ অভ্যুথান বুলি কব পৰা যায় নে?

উত্তৰঃ মোৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক। শংকৰ- মাধৱৰ পৰৱৰ্তী কালত ‘মায়ামৰা ‘ নামৰ বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিল। এই ‘মায়ামৰা’ শব্দৰ পৰাই মোৱামৰীয়া শব্দটো উৎপত্তি হোৱা বুলি ধৰা হয়।
        মোৱামৰীয়া বিদ্ৰোহক গণ অভুৎত্থান  বুলি কোৱাৰ অন্যতম কাৰণ আাছিল ইয়াত যোগদান কৰা অজস্ৰ সাধাৰণ প্ৰজা যাৰ ভিতৰত অধিক সংখ্যকেই আাছিল সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক।

2) মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা?

উত্তৰঃ গুৰুৰ প্ৰতি মোৱামৰীয়া শিষ্যসকলৰ আাছিল অগাধ ভক্তি। প্ৰয়োজনত তেওঁৰ হকে প্ৰাণ বিসৰ্জন দিবলৈও কুন্ঠাবোধ কৰা নাছিল। মায়ামৰা সত্ৰৰ এই শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে অন্যৰ ওচৰত মূৰ নোদোৱাইছিল । এবাৰ স্বৰ্গদেউ প্ৰতাপ সিংহই মোৱামৰীয়া শিষ্যসকলৰ গুৰুভক্তিক উপলুঙা কৰাৰ মানসেৰে সত্ৰৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চেকুৰাই দিলে। সন্মুখত দুখন চোকা তৰোৱাল সিহঁতৰ ডিঙিৰ সমানকৈ পঠালিকৈ  ৰান্ধি ৰাখিলে। তেওঁ ভাবিছিল যে মোৱামৰীয়া শিষ্য দুজনে মৃত্যুৰ ভয়ত শিৰনত কৰিবলৈ বাধ্য হ’ব। কিন্তু সকলোকে হতচকিত কৰি দুয়ো শিষ্যই শিৰচ্ছেদ গ্ৰহন কৰিলে কিন্তু নিজৰ মূৰ নোদোৱালে। এই ঘটনাই মোৱামৰীয়া মহন্তৰ মান, আত্মবিশ্বাস আৰু সাহস দুগুণ বৃদ্ধি কৰিলে।
            প্ৰতাপ সিংহৰ পিছত পৰৱৰ্তী ৰজা চুৰুমফা ভগাৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হৈছিল। মোৱামৰীয়া সকলে এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্ৰকেই জগৰীয়া কৰিছিল আৰু তাৰ প্ৰতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল। নিত্যানন্দদেৱৰ হত্যাৰ পিছতো আৰু কেইবাটাও ৰাজ আতিশয্যৰ প্ৰমাণ পোৱা যায়। তাৰ ভিতৰত গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তৰ হত্যা, ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভূজদেৱ মহন্তৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ, শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তক জোৰকৈ বলিৰ ফোট ল’বলৈ বাধ্য কৰোৱা আদিয়েই প্ৰধান।
ওপৰোক্ত কাৰণ বোৰক মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ হিচাপে গণ্য কৰিব পাৰি।

৩) আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা।

উত্তৰঃ আহোমসকল অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা নিজাববীয়া ধৰ্মত বিশ্বাসী লোক আছিল। ছোমদেউ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰস্পৰাৰ প্ৰতি আকৃষ্ট হ’বলৈ আৰম্ভ কৰিছিল। গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে তেওঁ যেতিয়া ৰাজৰোষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল তেতিয়া বিভিন্ন সত্ৰৰ ভিতৰত প্ৰচলিত ৰাজসিক পৰম্পৰাৰ বিষয়ে জানিব পাৰিছিল। গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখত তিস্থিব নোৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বহুকেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছিল। অৱশ্যে আহোমৰ এই নীতি বেছি দিন নাথাকিল। গদাধৰ সিংহৰ পিছৰজনা ৰজা ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱৰ্তন সাধিছিল আৰু নিৰ্বাসিত, নিৰ্যাতিত অথবা পলাতক সত্ৰাধিকাৰসকলক পুনৰাই ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত থাপিছিল। তাৰ ফলত ৰাজধানীৰ পৰা সততে সত্ৰাধিকাৰসকলৰ ওপৰত সজাগ দৃষ্টি দিব পাৰিছিল। ইমানেই নহয়, তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যদা দি শূদ্ৰ সত্ৰাধিকাৰসকলৰ লগত একপ্ৰকাৰ মনোমালিন্যৰ সৃষ্টি কৰিছিল। এইদৰে ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত বিভেদৰ বীজ সিঁচি দুয়ো বৰ্ণৰ মাজৰ মতান্তৰ বৃদ্ধিহে কৰিছিল।
        স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী (‘বৰৰজা’) অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিবলৈ সুবিধা পাইছিল। এটা সময়ত ৰাজআজ্ঞামতেই শূদ্ৰ মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ- জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজৰ ফোট ল’বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়।

৪) পাইকপ্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমানদূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।

উত্তৰঃ আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকেই আছিল একো একোজন পাইক। আৰম্ভণিতে চাৰিজন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল। চাৰিজনীয়া গোটটোৰ পৰা পাল পাতি ৰজাক কাম কৰি দিব লাগিছিল। পিছৰ ফালে অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গোটৰ সদস্যৰ সংখ্যা ৩ জনলৈ হ্ৰাস কৰা হৈছিল। যাৰ ফলত বছৰেকত এজন পাইকৰ খাটনী ৪ মাহলৈ বৃদ্ধি হৈছিল। গতিকে প্ৰতিজন পাইকৰ ওপৰত এমাহৰ অতিৰিক্ত বোজা বৃদ্ধি পাইছিল। যিহেতু অধিক সংখ্যক মোৱামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ, তেওঁলোকে শাৰীৰিক শ্ৰমৰ এই অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল।
     পাইক শোষণৰ অন্য এক প্ৰক্ৰিয়া আছিল পাইকৰ শ্ৰেণী বিভাজন। পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথম ভাগটো কাড়ী পাইক যাৰ সংখ্যাই অধিক। দ্বিতীয় ভাগটো হ’ল চমুৱা পাইক। সংখ্যাত নিচেই তাকৰীয়া হ’লেও তেওঁলোক আছিল কাড়ী পাইকতকৈ মানত উচ্চ। শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল। কিন্তু বিভিন্ন কাৰণত লাহে লাহে চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাড়ী পাইকৰ সংখ্যা ক্ৰমাৎ কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি হৈছিল। ফলস্বৰূপে সামাজিক অসমতা বৃদ্ধি পাইছিল আৰু সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।
     উপৰোক্ত কথাখিনিৰ পৰা বুজা যায় যে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে বহু পৰিমাণে জগৰীয়া আছিল।

৫) মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল সমূহ তলত উল্লেখ কৰা হ’লঃ

ক) ৰাজনৈতিক ফলাফলঃ মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল আছিল অত্যন্ত বিষময়। প্ৰায় তিনিটা দশক জুৰি হোৱা দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য দুয়োটাই চেদেলি- ভেদেলি হৈ মৃত্যুক্ষণ গণিছিল। বিদ্ৰোহ দমনত ব্যৰ্থ আহোম শাসনতন্ত্ৰক সহায়ৰ হাত আগবঢ়াই এক প্ৰকাৰ ইংৰাজসকলে অসমত খোপনি পোতাৰ প্ৰথম প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
    মোৱামৰীয়া বিদ্ৰোহৰ অন্য এক ঋণাত্মক পৰিণতি আছিল আহোম শাসনতন্ত্ৰৰ অৱনতি । আহোম শাসন ব্যৱস্থা আাছিল মধ্যযুগীয়  সামন্ততান্ত্ৰিক শাসন ব্যৱস্থা। এই ব্যৱস্থাত ৰজা আছিল প্ৰশাসনৰ মুৰব্বী আৰু অন্যান্য বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই, বৰবৰুৱা, ফুকন, শইকিয়া, বৰফুকন, বৰা আদি পদবীবোৰ আছিল ৰজাৰ আজ্ঞাবাহী বিষয়া। কিন্তু ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ এনে ধৰণৰ মন্ত্ৰী-বিষয়বোৰ মাজে সময়ে শক্তিশালী হৈ উঠিছিল। স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰাই আহোম ৰজাসকলৰ দুৰ্বলতাৰ সুযোগ লৈ  মন্ত্ৰী-আমোলাসকল শক্তিশালী হ’বলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ বেছি ভাগেই ব্যক্তিগত স্বাৰ্থত কাম কৰিবলৈ লোৱাৰ ফলত প্ৰজাসাধাৰণৰ মনত অশান্তিৰ ভাব সৃষ্টি হৈছিল। পিছলৈ অৰ্থাৎ লক্ষীসিংহ বা তাৰ পৰৱৰ্তী ৰজা সকলৰ দিনত এইসকল স্বাৰ্থপৰ বিষয়াৰ উপদ্ৰৱ বাঢ়ি যোৱাত ৰাজ্যত জনতাৰ দুখ কুলাই পাচিয়ে নধৰা হৈছিল। প্ৰজাৰ আস্থা লাহে লাহে আহোমৰ শাসনৰ ওপৰত নোহোৱা হৈ গৈছিল। বহুতে আকৌ জীৱন আৰু নিৰাপত্তাৰ খাতিৰত বিদ্ৰোহী বাহিনীত যোগ দিছিল। কিন্তু মোৱামৰীয়াসকলৰ মাজতো এটা কেন্দ্ৰীভূত শাসন ব্যৱস্থা গঢ়ি উঠা নাছিল। শাসন ক্ষমতা দখল কৰাৰ পিছত তেওঁলোকৰ নিজৰ মাজতে ক্ষমতাক লৈ অৰিয়া-অৰি হৈছিল। তাৰোপৰি মোৱামৰীয়াসকলেও এটা নতুন শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা নাছিল। পুৰণি শাসন ব্যৱস্থাকে বাহাল ৰখাত সাধাৰণ প্ৰজাই পৰিৱৰ্তনৰ কোনো আভাষ পোৱা নাছিল। শাসন ব্যৱস্থাৰ পৰিৱৰ্তন নোহোৱা হেতু তেওঁলোকৰ আস্থা ৰাজতন্ত্ৰৰ ওপৰত দিনক দিনে কমি আহিছিল।

খ) আৰ্থ-সামাজিক ফলাফলঃ মোৱামৰীয়া বিদ্ৰোহে অসমৰ আৰ্থিক আৰু সামাজিক ক্ষেত্ৰখনক বাৰুকৈয়ে ক্ষতিগস্ত কৰিছিল। দীঘলীয়া বিদ্ৰোহৰ সময়ছোৱাত দুয়োপক্ষৰ যুদ্ধংদেহী মনোভাৱে প্ৰকাশ্যভাৱে সাধাৰণ জনতাৰ ওপৰত অতিশায্য বৃদ্ধি কৰিছিল। মোৱামৰীয়াসকলৰ যেনেদৰে ৰজাঘৰীয়া সমৰ্থক আৰু তেওঁলোকৰ জীৱন আৰু সম্পত্তি হেলাৰঙে ধ্বংস কৰিছিল ঠিক একেদৰে ৰজাৰ সৈন্যসকলেও দোষী – নিৰ্দোষী বিচাৰ নকৰি ল’ৰা – বুঢ়া – তিৰোতা নিৰ্বিশেষে বহুলোকক হত্যা, নিৰ্যাতন, নিৰ্বাসন আদি দণ্ডেৰে দণ্ডিত কৰিবলৈ কুন্ঠাবোধ কৰা নাছিল। দুয়োপক্ষৰ চূড়ান্ত আতিশয্যৰ ফলস্বৰূপে বহুতো লোক ঠাই এৰি হাবি-বননি, পৰ্বত-পাহাৰলৈ অথবা অন্য চুবুৰীয়া ৰাজ্যলৈ পলাই যাবলগীয়া হৈছিল।  দুয়োপক্ষই পৰস্পৰৰ খেতি পথাৰ আৰু ঘৰ জ্বলাই দিয়াৰ ফলত দেশত দুৰ্ভিক্ষ হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছিল। মোৱামৰীয়া বিদ্ৰোহ প্ৰতিৰোধ কৰি থকা বৰগোহাঁঞিৰ সৈন্য বাহিনীয়ে যুদ্ধত ব্যৱহৃত হোৱা ঘোঁৰা, হাতী, আদি মাৰি খাইহে জীয়াই থাকিবলগীয়া হৈছিল বুলিও কথিত আছে। তদুপৰি মোৱামৰীয়াসকলৰ এটা বৃহৎ অংশৰ লোক খেতিয়ক হোৱাৰ উপৰি তেওঁলোকৰ বিভিন্ন ব্যৱহাৰিক শিল্প কৰ্মৰ দক্ষতা আাছিল। এনে দক্ষ লোকসকলৰ বেছিভাগেই হয়তো বিদ্ৰোহত মৃত্যুমুখত পৰিছিল নতুবা চিৰকালৰ বাবে ঘূণীয়া হৈ গৈছিল। সোণ আৰু অস্ত্ৰ-শস্ত্ৰৰ উৎপাদন কমি গৈছিল। তাৰ কুপ্ৰভাৱ পৰিছিল দেশৰ অৰ্থনৈতিক ব্যাৱস্থাত। কাৰণ অসমৰ ব্যৱসায় বাণিজ্যৰ সৰহভাগ আমদানি-ৰপ্তানি টকাতকৈ সোণ আৰু লোণৰ বিনিময়ৰেহে হৈছিল।
    মোৱামৰীয়া বিদ্ৰোহৰ অন্য এক কাৰণ আাছিল হিন্দু ধৰ্মৰ ব্ৰাহ্মণ্যবাদ আৰু মহাপুৰুষীয়া বৈষ্ণৱপন্থাৰ বিভেদ। গতিকে সময়ে সময়ে শাসকসকলেও বৈষ্ণৱবাদী মহাপৰুষীয়া সম্প্ৰদায়ভুক্ত সত্ৰ আৰু তেনেবোৰ সত্ৰৰ শিষ্যসকলৰ প্ৰতি পক্ষপাতিত্বমূলক আচৰণ কৰা দেখা যায়। বিদ্ৰোহে এই বিভেদমূলক আচৰণ হ্ৰাস কৰাতকৈ বৃদ্ধিহে কৰিছিল; যাৰ ফলত সামাজিক বিচ্ছিন্নতা অধিক বৃদ্ধি হৈছিল। তেনেদৰে ৰজাঘৰীয়া সমৰ্থকে মোৱামৰীয়া সত্ৰবোৰৰ ওপৰত হকে- বিহকে অত্যাচাৰ কৰিছিল। তাৰ বিপৰীতে মোৱামৰীয়া বিদ্ৰোহীসকলে ব্ৰাহ্মণ্য সত্ৰকো ধ্বংস কৰিছিল।

গ) মটক ৰাজ্যৰ সৃষ্টিঃ মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত কেইবাজনো বিদ্ৰোহী নেতাই পৃথক পৃথক ভূ-খণ্ডত সামন্তীয় শাসন চলোৱাৰ সুযোগ পাইছিল। বেংমৰা, মাজুলী, নগাওঁ, কামৰূপ আদি সকলো ঠাইতে মোৱামৰীয়া নেতাসৱে সামন্তীয় ভূস্বামী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। বেংমৰাৰ মোৱামৰীয়াসকলে কূটনৈতিকভাৈৱে সৰ্বানন্দৰ নেতৃত্বত দুবাৰকৈ মান সৈন্যৰ সহায় লোৱাব কৌশল অৱলম্বন কৰিছিল। অৱশ্যে দুয়োবাৰতে আহোমসকলে বুদ্ধিমাত্তাৰে তেওঁলোকক খেদি পঠিয়াইছিল। কিন্তু পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে বিষয়টো গভীৰভাৱে গ্ৰহণ কৰি যথাসম্ভৱ সোনকালে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পেলাবলৈ বিচাৰিছিল। সেয়েহে সোনকালেই তেওঁ সৰ্বানন্দৰ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে আৰু তাত সৰ্বানন্দক কৰতলীয়া শাসক হিচাপে ‘বৰসেনাপতি’ নিযুক্ত কৰা হয়। চুক্তিমতে বেংমৰা (বৰ্তমান তিনিচুকীয়া)ক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজৰ ভূ – খণ্ডত  নতুন মটক ৰাজ্য গঠন কৰিলে। সৰ্বানন্দই বছৰেকীয়া কৰ হিচাপে আহোম ৰজাক হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে।
    মোৱামৰীয়া বিদ্ৰোহৰ সৰ্বানাশী প্ৰতিক্ৰিয়াই অসমক ভয়ংকৰ ভৱিষ্যতৰ মুখলৈ ঠেলি দিছিল। অসমখন ভয়াৱহ মানৰ আক্ৰমণত সম্পূৰ্ণৰূপে ক্ষত- বিক্ষত হৈ গৈছিল আৰু অসমক তেনে বিপদৰ পৰা ৰক্ষা কৰাৰ চলেৰে পুনৰাই আৱিৰ্ভাৱ হৈছিল বৃটিছসকলৰ, যাৰ সৰ্বনাশী গ্ৰাসৰ পৰা ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যই পৰিত্ৰাণ পোৱা নাছিল।

৬) মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বুলি ভাবা? যুক্তি দিয়া।

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহক মই বিফল বিদ্ৰোহ বুলি ভাবো। কাৰণ এই বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল আছিল অত্যন্ত বিষময়। প্ৰায় তিনিটা দশক জুৰি হোৱা দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য দুয়োটাই ছেদেলি- ভেদেলি হৈ মৃত্যুক্ষণ গণিছিল।বিদ্ৰোহ দমনত ব্যৰ্থ আহোম শাসনতন্ত্ৰক সহায়ৰ হাত আগবঢ়াই একপ্ৰকাৰ ইংৰাজসকলে অসমত খোপনি পোতাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
    মোৱামৰীয়া বিদ্ৰোহৰ অন্য এক ঋণাত্মক পৰিণতি আছিল আহোম শাসনতন্ত্ৰৰ অৱনতি। স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰাই আহোম ৰজাসকলৰ দুৰ্বলতাৰ সুযোগ লৈ মন্ত্ৰী- আমোলসকল শক্তিশালী হবলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ বেছিভাগেই ব্যক্তিগত স্বাৰ্থত কাম কৰিবলৈ লোৱাৰ ফলত প্ৰজা সাধাৰণৰ মনত অশান্তিৰ ভাব সৃষ্টি হৈছিল । পিছলৈ অৰ্থাৎ লক্ষ্মীসিংহ বা তাৰ পৰৱৰ্তী ৰজাসকলৰ দিনত এইসকল স্বাৰ্থপৰ বিষয়াৰ উপদ্ৰৱ বাঢ়ি যোৱাত ৰাজ্যত জনতাৰ দুখ কুলাই- পাচিয়ে নধৰা হৈছিল। প্ৰজাৰ আস্থা লাহে লাহে আহোমৰ শাসনৰ ওপৰত নোহোৱা হৈ গৈছিল। বহুতে আকৌ জীৱন আৰু নিৰাপত্তাৰ খাতিৰত বিদ্ৰোহী বাহিনীত যোগ দিছিল। কিন্তু মোৱামৰীয়া সকলৰ মাজতো এটা কেন্দ্ৰীভূত শাসন ব্যৱস্থা গঢ়ি উঠা নাছিল। শাসন ক্ষমতা দখল কৰাৰ পিছত তেওঁলোকৰ নিজৰ মাজতে ক্ষমতাক লৈ অৰিয়া- অৰি হৈছিল। তাৰোপৰি মোৱামৰীয়াসকলেও এটা নতুন শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা নাছিল। পুৰণি শাসন ব্যৱস্থাকে বাহাল ৰখাত সাধাৰণ প্ৰজাই পৰিৱৰ্তনৰ কোনো আভাস পোৱা নাছিল। শাসন ব্যৱস্থাৰ পৰিবৰ্তন নোহোৱা হেতু তেওঁলোকৰ আস্থা ৰাজতন্ত্ৰৰ ওপৰত দিনক দিনে কমি আহিছিল।
     মোৱামৰীয়া বিদ্ৰোহে অসমৰ আৰ্থিক আৰু সামাজিক ক্ষেত্ৰখনক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছিল। মোৱামৰীয়াসকলে যেনেদৰে ৰজাঘৰীয়া সমৰ্থক আৰু তেওঁলোকৰ জীৱন আৰু সম্পতি হেলাৰঙে ধ্বংস কৰিছিল ঠিক একেদৰে ৰজাৰ সৈন্যসকলেও দোষী- নিৰ্দোষী বিচাৰ নকৰি লৰা- বুঢ়া- তিৰোতা নিৰ্বিশেষে বহু লোকক হত্যা, নিৰ্যাতন, নিৰ্বাসন আদি দণ্ডেৰে দণ্ডিত কৰিবলৈ কুন্ঠাবোধ কৰা নাছিল। দুয়োপক্ষৰ চূড়ান্ত অতিশয্যৰ ফলস্বৰূপে বহুতো লোক ঠাই এৰি হাবি- বননি, পৰ্বত- পাহাৰলৈ অথবা অন্য চুবুৰীয়া ৰাজ্যলৈ পলাই যাবলগীয়া হৈছিল।মোৱামৰীয়া বিদ্ৰোহ প্ৰতিৰোধ কৰি থকা বৰগোহাঁঞি সৈন্য বাহিনীয়ে যুদ্ধত ব্যৱহৃত ঘোঁৰা, হাতী আদি খাইহে জীয়াই থাকিবলগীয়া হৈছিল বুলিও কথিত আছে। তদুপৰি মোৱামৰীয়া সকলৰ এটা বৃহৎ অংশৰ লোক খেতিয়ক হোৱাৰ উপৰি তেওঁলোকৰ বিভিন্ন ব্যৱহাৰিক শিল্প কৰ্মৰ দক্ষতা আছিল। এনে দক্ষ লোকসকলৰ বেছিভাগেই বিদ্ৰোহত হয় মৃত্যুমুখত পৰিছিল নতুবা চিৰকালৰ বাবে ঘূণীয়া হৈ গৈছিল ।সোণ আৰু অস্ত্ৰ- শস্ত্ৰৰ উৎপাদন কমি গৈছিল। তাৰ কুপ্ৰভাৱ পৰিছিল অৰ্থনৈতিক ব্যবস্থাত। কাৰণ অসমৰ ব্যৱসায় বানিজ্যৰ সৰহভাগ আমদানি- ৰপ্তানি টকাতকৈ সোণ আৰু লোণৰ বিনিময়হে হৈছিল।
      মোৱামৰীয়া বিদ্ৰোহৰ অন্য এক কাৰণ আছিল হিন্দু ধৰ্মৰ ব্ৰাহ্মণ্যবাদ আৰু মহাপুৰুষীয়া বৈষ্ণৱ পন্থাৰ বিভেদ। বিদ্ৰোহে এই বিভেদমূলক আচৰণ হ্ৰাস কৰাতকৈ বৃদ্ধিহে কৰিছল, যাৰ ফলত সামাজিক বিছিন্নতা অধিক বৃদ্ধি হৈছিল।
     মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত কেইবাজনো বিদ্ৰোহী নেতাই পৃথক পৃথক ভূ- খণ্ডত সামন্তীয় শাসন চলোৱাৰ সুযোগ পাইছিল। বেংমৰা, মাজুলী, নগাওঁ, কামৰূপ আদি সকলো ঠাইতে মোৱামৰীয়া নেতাসৱে সামন্তীয় ভূ- স্বামী হিচাপে নিজকে প্ৰতিস্থা কৰিছিল। বেংমৰাৰ মোৱামৰীয়াসকলে সৰ্বানন্দৰ নেতৃত্বত দুবাৰকৈ মান সেনাক মাতি আনিছিল। অৱশ্যে দুয়োবাৰতে আহোমসকলে বুদ্ধিমত্তাৰে তেওঁলোকক খেদি পঠাইছিল। কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে বিষয়টো গভীৰভাৱে গ্ৰহণ কৰি যথাসম্ভৱ সোনকালে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পেলাবলৈ বিচাৰিছিল। সেয়েহে সোনকালেই তেওঁ সৰ্বানন্দ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে তাত সৰ্বানন্দক কৰতলীয়া শাসক হিচাপে `বৰসেনাপতি’ নিযুক্তি কৰা হয়। চুক্তিমতে বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজৰ ভূ- খণ্ডত নতুন মটক ৰাজ্য গঠন কৰিলে। সৰ্বানন্দই বছৰেকীয়া কৰ হিচাপে আহোম ৰজাক হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে। মোৱামৰীয়া বিদ্ৰোহক সৰ্বনাশী প্ৰতিক্ৰিয়াই অসমক ভয়ংকৰ ভৱিষ্যতলৈ মুখলৈ ঠেলি দিছিল।

৭) কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল?কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গল?

উত্তৰঃ মোৱামৰীয়া প্ৰজা বিদ্ৰোহে আহোম ৰাজ্যত এটা প্ৰচণ্ড জোকাৰণি তুলিছিল। যাৰ পৰিণতিত ৰাজতন্ত্ৰৰ ভেটিয়েই উফৰি পৰাৰ উপক্ৰম হৈছিল। এনে এটা ভয়ানক ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষা পৰিবলৈ আভ্যন্তৰীণভাৱে আহোম শাসনতন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল আৰু তাৰ ফলত তেওঁলোকে বংগদেশত থকা ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। ইংৰাজেও এনে এক সুযোগৰ অপেক্ষাতেই আছিল। সেয়েহে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই যেতিয়া মোৱামৰীয়া বিদ্ৰোহ আৰু বংগৰ বৰকান্দাজসকলে সঘনা কৰা অত্যাচাৰৰ পৰা ৰাজ্যৰ প্ৰজা সাধাৰণক  উদ্ধাৰ কৰিবলৈ ইংৰাজৰ ওচৰত আবেদন জনালে তেতিয়া কোম্পানিৰ চৰকাৰে সহজেই সামৰিক অভিযান পঠাবলৈ মান্তি হৈছিল। এই অভিযানৰ প্ৰধান উদ্দেশ্য আছিল  অসমৰ বিষয়ে বিতং খা-খবৰ আৰু তথ্যপাতি সংগ্ৰহ আৰু লগতে বৰকান্দাজ আৰু মোৱামৰীয়াৰ বিদ্ৰোহ দমন কৰি আহোম ৰজাক পুনৰাই সিংহাসনত প্ৰতিষ্ঠা কৰা। এই সামৰিক অভিযানৰ নেতৃত্ব দিছিল কেপ্তেইন  থমাছ ওৱেলছে। সামৰিক বাহিনীটোৱে ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ অসমত আছিল।
             কোম্পানিৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ উত্তৰসুৰী হিচাপে ছাৰ জন ছোৰে নতুন নীতি গ্ৰহণ কৰে। এই নতুন নীতি আছিল পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি। তেওঁ দৃঢ়তাৰে এই নীতি কাৰ্যকৰী কৰিব বিচাৰিছিল। সেইবাবে অতি সোনকালে ওৱেলছক প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিলে। সেয়েহে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগতে অন্যান্য আহোম ডা-ডাঙৰীয়াসকলে বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও ওৱেলছে অভিযান  সামৰি ঘূৰি যাবলৈ সিদ্ধান্ত ললে।

৮) মোৱামৰীয়া বিদ্ৰোহ দমনত উৱেলছৰ ভূমিকা বৰ্ণনা কৰা।তেওঁ কিমানদূৰ সফল আছিল বুলি ভাবা?

উত্তৰঃ দৰঙৰ ৰজা কৃষ্ণনাৰায়ণৰ বিদ্ৰোহ, উত্তৰ কামৰূপত হৰদত্ত চৌধুৰীৰ বিদ্ৰোহৰ প্ৰতাপত গৌৰীনাথ সিংহই নগাঁৱত আশ্ৰয় লৈছিল।কিন্তু নগাঁৱতো সিন্ধুৰা হাজৰিকাৰ নেতৃত্বত চলা বিদ্ৰোহৰ বাবে স্বৰ্গদেউ পুনৰাই গুৱাহাটীলৈ পলাই আহিছিল। ব্ৰহ্মপুত্ৰৰে ভটিয়াই যাওঁতে আদবাটেৰে তেওঁ বংগৰপৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ওৱেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। দৰঙীয়া আৰু কামৰূপীয়া বিদ্ৰোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ওৱেলছে উজনিত আহোম ৰাজ্য নিষ্কণ্টক কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। কাৰণ ইতিমধ্যেই আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজৰ এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল।
        এই চুক্তিখনৰ স্বাৰ্থতেই উজনিৰ মোৱামৰীয়াসকলক দমন কৰি আহোম শাসনৰ পুনৰ প্ৰতিষ্ঠা কৰাটো এক প্ৰকাৰ জৰুৰী হৈ পৰিছিল। সকলো কথা গমি ওৱেলছে গৱৰ্ণৰ জেনেৰেলক ছয়টা নতুন কোম্পানি ফৌজ পঠাবলৈ অনুৰোধ কৰিছিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে পৰিস্থিতিৰ গুৰুত্ব বুজি ওৱেলছৰ পত্ৰৰ সহাঁৰি জনাই অতিৰিক্ত ফৌজ পঠাই দিছিল।
            ১৭৮৬ চনৰ পৰাই বুঢ়াগোহাঁঞি পূৰ্ণানন্দ ডাঙৰীয়াই অশেষ কষ্টেৰে যোৰহাটৰ বাহিৰতে মোৱামৰীয়াসকলৰ গতিৰোধ কৰি আাছিল। এতিয়া ওৱেলছৰ নেতৃত্বত অহা নতুন বৃটিছ ফৌজে আহোমৰ সৈন্যৰ মনোবল বহুগুণে বৃদ্ধি কৰিলে। বৃটিছ আৰু আহোমৰ সৈন্যৰ যুটীয়া আক্ৰমণত সৈন্যৰ মনোবল বহুগুণে বৃদ্ধি কৰিছে। মোৱামৰীয়াসকল তিষ্ঠিৱ নোৱাৰি ৰংপুৰ এৰি পলাই যাবলৈ বাধ্য হ’ল। ভালেমান মোৱামৰীয়াৰ মৃত্যু হ’ল। ৰজা ভৰতসিংহও বেয়াকৈ ঘূণীয়া হ’ল আৰু কোনোমতে প্ৰাণ লৈ পলাই গ’ল। ৰংপুৰ পুনৰাই বিদ্ৰোহীৰ কৱলৰ পৰা উদ্ধাৰ হ’ল।
        কোম্পানিৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ উত্তৰসুখী হিচাপে ছাৰ জন ছোৰে নতুন নীতি গ্ৰহন কৰে। এই নতুন নীতি আাছিল পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি। এই নীতি কাৰ্যকৰী কৰিবৰ বাবে তেওঁ অতি সোনকালে ওৱেলছক প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিলে। কেপ্তেইন ওৱেলছৰ প্ৰত্যাৱৰ্তনৰ  পিছতেই দেশত আকৌ অৰাজকতাৰ সৃষ্টি হৈছিল। মোৱামৰীয়াসকলে পুনৰাই ৰংপুৰ দখল কৰে।
        সেইবাবে ক’ব পাৰি যে কেপ্টেইন ওৱেলছে মোৱামৰীয়া বিদ্ৰোহ দমনত কিছু সফলতা লাভ কৰিছিল যদিও তেওঁৰ প্ৰত্যাৱৰ্তনৰ লগে লগে এই বিদ্ৰোহে পুনৰ মূৰ দাঙি উঠিছিল।

৯) কেপ্টেইন ওৱেলচৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা? 

উত্তৰঃ কেপ্টেইন ওৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ বৃটিছ গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়।
    ওৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বিৱৰণ বা বৰ্ণনা দিয়া হৈছে। আনকি আহোম শাসনতন্ত্ৰৰ পাঁচগৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চপদবীধাৰী মন্ত্ৰী-আমোলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্ৰতিযোগিতাৰেই মূলতঃ দায়ী বুলি মত পােষণ কৰিছে। ওৱেলছে এই অচলাৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত বৃটিছ সৈন্য কৃতকাৰ্য হোৱা বুলি  দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লোৱা বিভিন্ন কাৰ্য্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে।
    ব্যৱসায়-বাণিজ্য সম্পৰ্কত মন্তব্য দিবলৈ গৈ ওৱেলছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। অসম আৰু বংগদেশৰ মাজত চলা আমদানি – ৰপ্তানিৰ বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্ৰায় ৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়ত অসমৰ লোণৰ বৰ আকাল আছিল। আমদানি বস্তুবোৰৰ ভিতৰত লোণেই আটাইতকৈ উল্লেখযোগ্য আাছিল। অসমৰ ভিতৰতো শদিয়া আৰু নগাপাহাৰত কিছু লোণ উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আাছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন হোৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামোল-পাণ, লা, লো, সোণ আদি উৎপন্ন হৈছিল।
    সেই সময়ত গুৱাহাটী এখন আহাল- বহল আৰু জনবহুল নগৰ আাছিল। নগৰখন ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰ জুৰি বিস্তৃত আাছিল। নদীৰ পাৰত থকা এটা গড়ত ১১৩ টা কামান আাছিল আৰু তাৰে তিনিটা ইউৰোপত তৈয়াৰী আাছিল। ব্ৰহ্মপুত্ৰ নদীৰ পৰা অলপ দূৰৈত ৬ ফুট মান ওখ পকী দেৱালেৰে আগুৰা এডোখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আাছিল যে তেওঁৰ আটাইবোৰ সৈন্য তাতেই থাকিব পাৰিছিল। গুৱাহাটীৰ লগতে আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনৰো তেওঁ এটি বৰ্ণনা দিছিল। ইয়াৰ পৰিসীমা প্ৰায় ২০ মাইলমান হ’ব। ইয়াতো ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আাছিল। নগৰ দাঁতি কাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহ ভাগ মাটিয়েই ৰজা আৰু ডা-ডাঙৰীয়া সকলৰ সম্পত্তি আাছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখহে বেহা- বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত ভুগিছিল। তথাপি অসম এখন ঐশ্বৰ্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই ব্ৰিটিছ সেনাৰ ভৰণ- পোষণৰ বাবে যথেষ্ট টকা- পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল।

চমুটোকা লিখাঃ

১। কীৰ্তিচন্দ্ৰ বৰবৰুৱা

উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱাঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল দিহিং সত্ৰৰ শিষ্য। দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত আছিল আক্ৰোশমূলক দ্বন্দ্ব। ফলস্বৰূপে কথাই কথাই মোৱামৰীয়া সত্ৰৰ মহন্তই কীৰ্তিচন্দ্ৰই অপমান কৰিছিল। এবাৰ স্বৰ্গদেউ লক্ষ্মীসিংহ আৰু কীৰ্তিচন্দ্ৰ নাৱেৰে ফুৰিবলৈ গৈছিল। যাওঁতে মায়ামৰা সত্ৰৰ কাষত মহন্তই ৰজাক নমস্কাৰ জনাই সন্মান দেখুৱালে কিন্তু অভিমানী বৰবৰুৱাক কোনো সম্ভ্ৰম প্ৰদৰ্শন নকৰিলে। ইয়াতে অপমান বোধ কৰি বৰবৰুৱাই মোৱামৰীয়া মহন্তক নানা গালি- শপনি পাৰি অপমান কৰিলে। এই ঘটনাৰ কেইমাহমানৰ পিছত মোৱামৰীয়া সত্ৰৰ জনজাতীয় শিষ্য মৰাণসকলৰ নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওঁগে ৰাজঘৰলৈ বাৰ্ষিক দিব লগা কৰৰ বাবে এদল হাতী লৈ আহিছিল। তাৰে বৰবৰুৱাৰ উদ্দেশ্য নিয়া হাতীটোৰ নানান খুঁট উলিয়াই কীৰ্তিচন্দ্ৰই তেওঁলোকক গালি- শপনি পৰাৰ উপৰিও ৰাঘৱ নেওগক সৌকাৰে কোবায় আৰু নাহৰখোৱাৰ কাণ কাটি পঠিয়ালে। 

২) মায়ামৰা সত্ৰ

উত্তৰঃ মায়ামৰা সত্ৰঃ`মায়ামৰা’ হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম ।ই কাল সংহতিৰ অন্তৰ্ভুক্ত। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। অৱশ্যে কছাৰী, চুতীয়া, আহোম, কৈবৰ্ত্ত আদি লোকৰ মাজতো এই সত্ৰই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছল। এই জনপ্ৰিয়তাৰ আঁৰত থকা এটা বিশেষ কাৰণ আছিল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল শূদ্ৰ সম্প্ৰদায়ভুক্ত। বৰ্ণ হিন্দু পৰিচালিত সমাজত জনজাতীয়সকলৰ স্থান আছিল নিম্নস্তৰত। গতিকে শূদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল। তেওঁলোকৰ অকৃত্ৰিম গুৰু ভক্তিয়ে তথা বৰ্ধিত শিষ্য সংখ্যাই মোৱামৰীয়া সত্ৰৰ লগতে ইয়াৰ মহন্তসকলৰো শক্তিৰ উত্থানত যথেষ্ট অৰিহণা যোগাইছিল।

৩) পূৰ্ণানন্দ বুঢ়াগোহাঁঞি

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁঞি আছিল ঘনশ্যাম বুঢ়াগোহাঁঞিৰ পুত্ৰ। লাড়ি বুঢ়াগোহাঁঞিৰ নামেৰেও জনাজাত। তেওঁৰ বুদ্ধি, বিক্ৰম আৰু কৰ্তব্যনিষ্ঠাই অসম বুৰঞ্জীত বিশেষ স্থান দখল কৰি আহিছে। তাকৰীয়া সৈন্যৰেই  বুঢ়াগোহাঁঞিয়ে ৰাজ্যৰ বাকী অংশ ৰক্ষা কৰিবলৈ চেষ্টা চলাই গৈছিল। নিৰাপত্তাৰ খাতিৰত সময়ে সময়ে তেওঁ সৈন্যৰ কোঠ পিছুৱাই আনি যোৰহাট পৰ্যন্ত পিছুৱাই আহিছিল আৰু পিছলৈ তাতেই আহোমৰ ৰাজধানীও প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত বহু আহোমলোকে মোৱামৰীয়াৰ অত্যাচাৰ তিষ্ঠিব নোৱাৰি মোৱামৰীয়াৰ সৈতে যোগ দি আত্মৰক্ষা কথাও ভাবিছিল। কিন্তু বুঢ়াগোহাঁঞিয়ে তেওঁলোকে তেনে কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছিল। তেওঁ গাঁৱৰ মানুহখিনিক যুদ্ধৰ শিক্ষা দি মোৱামৰীয়াৰ বিৰুদ্ধে ৰণলৈ পঠাইছিল। এই বিপদকালত বুঢ়াগোহাঁঞিয়ে পক্ষীয়ে পোৱালিক ডেউকাৰ আঁৰত ৰখাৰ দৰে প্ৰজাক ৰক্ষা কৰিছিল বুলি জনা যায়। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বতে মোৱামৰীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে।

৪) কাড়ী পাইক আৰু চমুৱা পাইক

উত্তৰঃ পাইকসকলক দুটা ভাগত ভগা কৰিব পাৰি। প্ৰথম ভাগটো কাড়ী পাইক যাৰ সংখ্যাই অধিক। দ্বিতীয় ভাগটো চমুৱা পাইক। সংখ্যাত নিচেই তাকৰীয়া হ’লেও তেওঁলোক আছিল কাড়ী পাইকতকৈ মানত উচ্চ। শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল। কিন্তু বিভিন্ন কাৰণত লাহে লাহে চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাড়ী পাইকৰ সংখ্যা ক্ৰমাৎ কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি হৈছিল।

৫) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বানিজ্য চুক্তি

উত্তৰঃ গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত এখন বাণিজ্যিক চুক্তিৰ স্বাক্ষৰিত হৈছিল। এই চুক্তিমতেঃ
১) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধাৰ্য কৰা হ’ল।
২) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো সমপৰিমাণৰ অৰ্থাৎ ১০% কৰ ধাৰ্য কৰা হল।
৩) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।
৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ’ল।
৫) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা- বেপাৰ কৰিব নোৱাৰিব।

৬) বৰৰজা ফুলেশ্বৰী

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী (বৰৰজা) অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্মই গা কৰি উঠিবলৈ সুবিধা পালে। এটা সময়ত ৰাজআজ্ঞামতেই শূদ্ৰ মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ- জুলুমকৈ শাক্ত পূজাত ভাগলৈ বলিৰ তেজৰ ফোট ল’বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়।

৭) পৰ্বতীয়া গোঁসাই

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰপুৰুষসকলক ‘পৰ্বতীয়া গোঁসাই’ নামেৰে জনাজাত হল।

৮) সৰ্বানন্দ

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত কেইবাজনো বিদ্ৰোহী নেতাই পৃথক পৃথক ভূ- খণ্ডত সামন্তীয় শাসন চলোৱাৰ সুযোগ পাইছিল। তাৰ ভিতৰত এজন আছিল সৰ্বানন্দ। পূৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে সৰ্বানন্দৰ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে আৰু তাত সৰ্বানন্দক কৰতলীয়া শাসক হিচাপে `বৰসেনাপতি’ নিযুক্তি কৰা হয়। চুক্তিমতে বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজৰ ভূ- খণ্ডত নতুন মটক ৰাজ্য গঠন কৰিলে। সৰ্বানন্দই বছৰেকীয়া কৰ হিচাপে আহোম ৰজাক হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে। সৰ্বানন্দ এজন প্ৰবল প্ৰতাপী মোৱামৰীয়া নেতা আছিল।

৯) ভৰতসিংহ

উত্তৰঃ ভৰত সিংহ এজন মোৱামৰীয়া বিদ্ৰোহৰ অগ্ৰণী নেতা আছিল। বৃটিছ আৰু আহোমৰ সৈন্যৰ যুটীয়া আক্ৰমণত ৰজা ভৰতসিংহ বেয়াকৈ ঘূণীয়া হল আৰু কোনোমতে প্ৰাণ লৈ পলাই গল। তেওঁ পুনৰাই চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ ঘোষণা কৰে (১৮০১ চন)। কিন্তু এইবাৰো ৰজাঘৰীয়া সৈন্যই বিদ্ৰোহীসকলক দমন কৰাত সফল হ’ল। যুদ্ধত ভৰতসিংহৰ মৃত্যু হয়। গৌৰীনাথ সিংহই ৰাজধানী ত্যাগ কৰি গুৱাহাটীলৈ যোৱাত মোৱামৰীয়াসকলে ভৰতসিংহক ৰজা পাতিছিল।

১০) ৰংপুৰ নগৰ

উত্তৰঃ আহোমৰ ৰাজধানী আছিল ৰংপুৰ নগৰ। ইয়াৰ পৰিসীমা প্ৰায় ২০ মাইলমান হব। ইয়াত হটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল।নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা- ডাঙৰীয়াসকলৰ সম্পত্তি আছিল।

Answer Type – Boby Bora