জতুৱাৰ জঁট
৩) কোৱা আৰু লিখাঃ
ক) কবিতাটোৰ মতে আকাশত চাং কোনে পাতে ?
উত্তৰঃ- কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে ।
খ) অহুকাণে- পহুকাণে মানে কি।
উত্তৰঃ- অহুকাণে মানে হল আৰ- তাৰ পৰা আৰু পহুকাণে মাণে হল ঘুনুক- ঘানাককৈ ।
গ) ঘিত মিত আন্ধাৰত কি দেখে ।
উত্তৰঃ- ঘিত মিত আন্ধাৰত ভূত দেখে ।
ঘ) কোনবোৰ লোকে বৰ ভয় খায় ।
উত্তৰঃ- অলপ ধতুৱাবোৰে বৰ ভয় খায় ।
ঙ)কবিয়ে কাক বুদ্ধিত টোকোনা বুলি কৈছে ।
উত্তৰঃ- যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিখিকে , সেইবোৰ লোকক কবিয়ে বুদ্ধিত টোকোনা বুলি কৈছে ।
৪) পাঠৰ আলমত চমুকৈ লিখা ।
ক) মৈত উঠিলে সহজে কাক নমাব নোৱাৰী ।
উত্তৰঃ- অকঁৰাক নমাব নোৱাৰী ।
খ) আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয় ।
উত্তৰঃ- লোভত আপোনঘাতী আওঁমৰণে মৰে ।
গ) ফকৰা – যোজনা নাজানিলে বা নিশিকিলে কি হয় ।
উত্তৰঃ- বুদ্ধিত টোকোনা হয় ।
৫) বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিতৰীত অথ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা ।
পোহৰ – আন্ধাৰ
জটিল – সহজ
অসাধ্য় – সাধ্য়
বেছি – কম
নিলোভ -লোভ
মিছা – সচাঁ
৬। পাঠত তোমালোকে ‘হুৱা-দুৱা’ লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে’ আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপখোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা।
যেনে- কলম ( ধৰে / লয় ) কলম ধৰে।
(ক) চেপা ( মাৰে / পাতে ) চেপা পাতে।
(খ) ঢেঁকী ( বান্ধে / দিয়ে ) ঢেঁকী দিয়ে।
(গ) পাচি ( গঢ়ে / সাজে ) পাচি সাজে।
(ঘ) খেল ( কৰে / খেলে ) খেল খেলে।
(ঙ) মৰম ( লাগে / ধৰে ) মৰম লাগে।
৭। ‘জতুৱাৰ জঁট’ কবিতাটোৰ পৰা যিকোনো পাঁচটা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা।
উত্তৰঃ- ১। গা-নচুৱাই ফুৰা ( কাম বন নকৰি ধুন মাৰি ফুৰা, ধেমালি কৰি ফুৰা ) তাৰ দৰে গা নচুৱাই ফুৰা মানুহক কোনও ভাল নাপায়।
২। আলাসৰ লাড়ু ( অতি মৰমৰ ) – ৰহিম মাক দেইতাকৰ আলাসৰ লাডু়।
৩। ঘিট মিট ( বৰ বেছি অন্ধকাৰ ) – অমাৱশ্যাৰ ৰাতি ঘিট মিট আন্ধাৰ হয়।
৪। নপতা ফুকন ( নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা ) – হৰি কথা কোনেও নুশুনে কাৰণ তেওঁ এজন নপতা ফুকন লোক।
৫। অহুকাণে পহুকাণে ( আৰ-তাৰ পৰা ) – বিজয় চাকৰি পোৱা খবৰটো অহুকাণে পহুকাণে শুনিছো।
৮) এটা শব্দত প্ৰকাশ কৰাঃ
১) আনৰ ভাল দেখিব নোৱাৰা – চকুছৰহা
২) ঘুনুক – ঘানাককৈ যি কথা শুনা যায় – পহুকাে
৩) যিজন মাক – বাপেকৰ অতি মৰমৰ – আলাসৰ লাড়ু
৪) যি নিয়ম মতে খৰচ কৰে – মৃতব্য়য়ি
৯। জতুৱা ঠাঁচৰ অৰ্থ জানো আহা-
জতুৱা ঠাঁচ | অৰ্থ |
কুন্দত কটাখোলাকটিৰ তালচুঙা-বাদুলিৰ কথা-চহকীবুকুৰ কুটুমঘৰ-গোনা বগলীভকত | ধুনীয়া, নিপোটলকোনা কামত নহাসংসাৰৰ বিষয়ে একো নজনা লোক, অনভিজ্ঞবেছিকৈ কথা কোৱাঅতি আপোনজনসদায় ঘৰতে থাকি ভাল পোৱা, নিজ ঘৰ এৰি আনঠাইলৈ নোযোৱাভণ্ড |
১১। তৰা-নৰা ছিঙি, আলৈ-আথানি, বাটল’লে, আলাসৰ লাডু় এই জতুৱাঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা।
১২। তলৰ যোজনা দুফাকিৰ অৰ্থ বুজাই লিখা।
(ক) আপদৰ মাত, আকালৰ ভাত। (খ) কথাতে বঁটা পায়, কথাতে কটা যায়।
১৩। তোমাৰ জ্যেষ্ঠজনে বিভিন্ন সময়ত প্ৰসংগক্ৰমে ব্যৱহাৰ কৰা কথাৰ ঠাঁচ বা শৈলী সংগ্ৰহ কৰি পঢ়ি শুনোৱা আৰু অৰ্থ বুজাই কোৱা।
TYPE^__জ্যোতিষ কাকতি Jyotish kakati