কোষ-গঠন আৰু কাৰ্য
১) তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা।
ক) এককোষী জীৱৰ দেহত এটা কোষ থাকে।
খ) পেশী কোষবোৰ শাখাযুক্ত।
গ) এটা জীৱৰ মৌলিক জীৱীত একক হ’ল অংগ।
ঘ) এমিবাৰ আকৃতি অনিয়মীয়া।
উত্তৰ:-
ক) সত্য।
খ) অসত্য।
গ) অসত্য।
ঘ) সত্য।
২)মানুহৰ স্নায়ুকোষৰ চিত্ৰ আঁকা। স্নায়ুকোষে কি কাম কৰে?
উত্তৰ:-
স্নায়ুকোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই আৰু দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে।
৩)তলত দিয়া বিষয়ৰ ওপৰত চমুটোকা লিখা।
ক) কোষ প্ৰৰস
খ) কোষকেন্দ্ৰ
উত্তৰ:-
ক) কোষ প্ৰৰস:- কোষপ্ৰৰস হৈছে কোষৰ বেৰ আৰু কোষকেন্দ্ৰ মাজত থকা জেলীৰ দৰে দ্ৰৱ্য। কোষৰ আন বহুতো উপাদান কোষপ্ৰৰসত পোৱা যায় । সেইবোৰ হ’ল মাইট্ৰ’কণ্ডিয়া , গলগি বডি , ৰাইব’জম ইত্যাদি।
খ) কোষকেন্দ্ৰ :- কোষকেন্দ্ৰ হৈছে জীৱ কোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্রত অৱস্থিত। ইয়াক অতি সহজে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। কোষকেন্দ্ৰীয় আৱৰণ খনে কোষকেন্দ্ৰক কোষপ্ৰৰস পৰা পৃথক কৰি ৰাখে।
৪)কোষৰ কোনটো অংশত কোষাংগ বোৰ থাকে?
উত্তৰ:- চাইট্ৰ’প্লাজমত।
৫) প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা । সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ:-
প্ৰাণীকোষ আৰু উদ্ভিদকোষ ৰ পাৰ্থক্য হ’ল-
ক) প্রাণীকোষত কোষবেৰ নাথাকে।
আনহাতে,
উদ্ভিদকোষত কোষবেৰ থাকে।
খ) প্রাণীকোষত প্লাষ্টিড নাথাকে।
আনহাতে,
উদ্ভিদকোষত প্লাষ্টিড থাকে।
গ) প্রাণীকোষত ৰসধানীবোৰ সৰু।
আনহাতে,
উদ্ভিদকোষত ৰসধানীবোৰ সাধাৰণতে ডাঙৰ।
৬) ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅ’টছ মাজত পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ:-
৭) কোষৰ কোনটো অংশত ক্ৰমজম পোৱা যায় ? সিহঁতৰ কাম উল্লেখ কৰা।
উত্তৰ:-
৮) “কোষ জীৱৰ মৌলিক গঠন গত একক ” । ব্যাখ্যা কৰা।
উত্তৰ:-
৯) কিয় হৰিৎকণা মাথো উদ্ভিদ কোষত হে পোৱা যায়? ব্যাখ্যা কৰা।
উত্তৰঃ
১০) তলৰ শব্দ সাঁথৰ সম্পূৰ্ণ কৰা।
তললৈ :
১) কোষ কেন্দ্ৰত থকা পকোৱা-সূতা সদৃশ গঠনৰ উপাদান।
৩) পাতৰ কোষৰ কোষপ্ৰৰসত থকা ৰঙীন পদাৰ্থ।
৪) এবিধ এককোষী জীৱ।
৫) কোষপ্ৰৰসত থকা খালী ঠাই বিশিষ্ট গঠন।
৬) জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি।
পথালিকৈ:
২) কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য।
৫) কোষ আৱিষ্কাৰী বিজ্ঞানী গৰাকী।
উত্তৰ:-