অসমৰ নদ-নদী
১। চমু উত্তৰ লিখা —
(ক) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি ?
উত্তৰ- চেমা- য়ুং-দুং হিমবাহ
(খ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈর্ঘ্য কিমান ?
উত্তৰ- ২,৯০৬ কিল মিটাৰ
(গ) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে ?
উত্তৰ-তিব্বত
(ঘ) উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা ?
উত্তৰ- ইংৰাজী V আকৃতিৰ দৰে হয়
(ঙ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে ?
উত্তৰ- তিব্বত,চীন,ভাৰত আৰু বাংলাদেশ
২। শুদ্ধ উত্তৰটো লিখা
(ক) গিৰিখাত নিম্নভূমি / মোহনা / উচ্চভূমি অঞ্চলৰ ভূ – আকৃতি ।
উত্তৰ- উচ্চভূমি
(খ) নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পর্বত / সমভূমি / মালভূমিত দেখা যায় ।
উত্তৰ-সমভূমি
(গ) প্লাৱনভূমিত থকা চৰ – চাপৰি নৈৰ খনন / পৰিবহণ / অৱক্ষেপণৰ ফলত সৃষ্টি হয় ।
উত্তৰ- অৱক্ষেপণ
(ঘ) বৰাক নৈ অসমৰ ২ / ৩ / ৪খন জিলাৰ মাজেৰে বৈ গৈছে ।
উত্তৰ- ৩ খন ǀ
৩ । সোঁফালৰ লগত বাওঁফাল মিলোৱা
চাংপো | একা – বেঁকা গতি পথ |
অৰুণাচল প্রদেশ | মাজুলী |
সর্পিল | চিয়াং |
কলং | তিব্বত |
নদী দ্বীপ | সুঁতি |
উত্তৰ-
৪ । চমু টোকা লিখা —
(ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য
উত্তৰ-
(খ) নৈৰ মধ্যগতি অংশৰ কার্য ।
উত্তৰ-
(গ) নৈৰ নিম্নগতি অংশৰ কার্য ।
উত্তৰ-
(ঘ) বৰাক নৈৰ গতিপথ ।
উত্তৰ- নগালেণ্ড, মণিপুৰৰ সীমান্তৱৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে । উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ-পশ্চিম দিশে বৈ অহা নৈখনে মণিপুৰ-মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পিছতে ই পশ্চিমলৈ ঘূৰি অসমত সোমায় । ভাৰত বাংলাদেশত সীমান্ত নৈখন দুভাগত বিভক্ত হয় । তাৰে এভাগে কুছিয়াৰা আৰু আনভাগে সুৰমা নাম লৈ বাংলাদেশত সোমায় । কিছুদূৰ গতি কৰাৰ পিছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে । বৰাক নৈখন প্ৰায় ৯০০ কিল’মিটাৰ দীঘল । ই প্ৰায় ৩০ মিটাৰৰ পৰা ৩০০ মিটাৰ পৰ্যন্ত বহল । নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ অতি সৰ্পিল ।
৫ । উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বর্তমান কি কি নামেৰে জনা যায় লিখা ।
উত্তৰ-
৬ । ভাৰতৰ উত্তৰ – পূব অঞ্চলৰ এখন নক্সা মানচিত্র অংকন কৰি ভূ – চিত্ৰাৱলীৰ সহায় লৈ তলত দিয়া অবয়ৱসমূহ বহুওৱা ।
১ । অৰুণাচল হিমালয় ১১ । দিবং
২ । বৰাইল পর্বত ১২ । লোহিত
৩ । কার্বি মালভূমি । ১৩ । পাগলদিয়া
৪ । খাছীয়া – জয়ন্তীয়া পাহাৰ ১৪ । মানাহ
৫ । নগা পাহাৰ ১৫ । দিখৌ
৬ । মণিপুৰ ১৬ । ধনশিৰি
৭ । মিজোৰাম ১৭ | বৰাক
৮ | গাৰোপাহাৰ ১৮ । জাতিংগা উপনৈ
৯ । ব্রহ্মপুত্র ১৯ । ধলেশ্বৰী
১০ । সোৱণশিৰি ২০ । সোণাই
৭ । নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা ।উত্তৰ-
৮ । বাতৰি কাকত , আলোচনী আদিত প্রকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্র সংগ্রহ কৰি এটি এলবাম প্রস্তুত কৰা ।
৯ । গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা । প্রয়োজনবোধে শিক্ষক আৰু ভূ – চিত্ৰাৱলীৰ সহায় ল ’ বা । ।
উত্তৰ-