ভাৰতীয় সংস্কৃতি
ভাব-বিষয়কঃ
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ’ল- ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি।
২। ‘ফ্ৰম ভল্গা টু গংগা’ কাৰ ৰচনা?
উত্তৰঃ ‘ফ্ৰম ভলগা টু গংগা’ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।
৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে?
উত্তৰঃ সৰ্ৱপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ ৰ আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে।
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পৰি।
উত্তৰঃ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?
উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল।
৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি ?
উত্তৰঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ’ল- গঠনৰ সৰলতা আৰু সূক্ষ্মতা।
৭। অজন্তাৰ ছবিবােৰত প্রকাশ পােৱা ভাববস্তু দুটা কি কি?
উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্ত দুটা হল সন্ন্যায় জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।
৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে ?
উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্ত হব বুলি মত প্ৰকাশ কৰিছে।
৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বােলা হৈছে ?
উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিজ শিল্পক বেছি স্থায়ী বোলা হৈছে।
১০। হেম বৰুৱাৰ সাহিত্য – চর্চা সম্পর্কে পচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া ।
উত্তৰঃ অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা । তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল । মমতাৰ চিঠি , আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য। ইয়াৰ বাহিৰেও তেখেতে ‘বালিছন্দা’, ‘মনময়ূৰী’, ‘আধুনিক সাহিত্য’, ‘এই গাওঁ এই গীত’, ‘ৰঙা কৰবীৰ ফুল’, ‘ইজৰাইল’, ‘The Red River and Blue Hill’ আদি। ইয়াৰ উপৰিও তেওঁ ‘জনতা’ আৰু ‘পছোৱা’ আলোচনী সম্পাদনা কৰিছিল।
১১। ভাৰতীয় সংস্কৃতি ’ পাঠটোৰ সাৰাংশ লিখা ।
উত্তৰঃ
১২। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু । এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ , ‘ ভাৰতীয় সংস্কৃতি ’ পাঠটোৰ আধাৰত বিচাৰ কৰা ।
উত্তৰঃ ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্ত।’ – উক্ত কথাষাৰ যথেষ্ট যুক্তিপূৰ্ণ কিয়নো আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় আদি বিভিন্ন জাতি – উপজাতিৰ সংস্কৃতিৰ সমন্বয় ঘটি ভাৰতীয় সংস্কৃতিয়ে গঢ় লৈ উঠিছে।
ভাৰতীয় সংস্কৃতি হল ক্ৰমবৰ্ধমান জীৱন্ত শক্তি। ভাৰতলৈ আগমন ঘটা বিভিন্ন জাতি – জনগোষ্ঠীৰ লগত অহা সংস্কৃতিৰ মিলন ঘটি বাৰেবৰণীয়া ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হৈছিল। ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়। এফালে যদি শুকান মৰুভূমি, তেনেহলে আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। আদিম কালৰে পৰা বিভিন্ন মানৱগোষ্ঠীৰ অভিযান, ৰাজ্যজয়, ধৰ্ম – প্ৰচাৰ, বেপাৰ-বাণিজ্যআদিৰ সূত্ৰে ভাৰতত প্ৰৱেশঘটিছিল। এওঁলোকে নিজ নিজ ভাষা, সংস্কৃতিক ধৰি ৰখাৰ লগতে ভাৰতীকো আকোৱালি লয়। ইয়াতেই ভাষাতত্ত্ব, ৰাজনৈতিক আদৰ্শ, সামাজিক আৰু ধৰ্মীয় দিশৰ সমন্বয় দেখিবলৈ পোৱা যায়।
ইয়াৰ দ্বাৰা বুজা যায় যে ভাৰতীয় সংস্কৃতি একক নহয়, ই এক বিৰাট সমন্বয়ৰ সংস্কৃতি।
১৩। ‘ সভ্যতা আৰু সংস্কৃতি ‘ শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা ।
উত্তৰঃ ‘সভ্যতা আৰু সংস্কৃতি ‘ শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সভ্যতাই সমাজ সু – শৃংখল কৰি সংস্কতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে।
১৪। উত্তৰ ভাৰতীয় , ভাস্কৰ্যৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা ।
উত্তৰঃ
১৫। অজন্তাৰ হাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া ।
উত্তৰঃ অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্প – কলা সঞ্জীৱিত হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাব – বস্ত প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে – জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্ৰ। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হল চিত্ৰশিল্প। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। প্ৰাক্ – মুছলিম যুগৰ জীৱন প্ৰাচুৰ্য কথাও অজন্তাৰ চিত্ৰসমূহত আছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্ বাউল হৈছে। ছবিবোৰৰ ভাববস্তৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।
১৬। মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা ।
উত্তৰঃ
১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে ?
উত্তৰঃ উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক উৰণীয়া ভাবৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলি কব পাৰি।
১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা ।
উত্তৰঃ ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি, ধৰ্ম, সম্প্ৰদায়ৰ দৰেইছলামৰ অৰিহণাও অতি মন কৰিবলগীয়া। ইছলামৰ ছুফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। ভাৰতৰ প্ৰচলিত চিত্ৰ শিল্পৰ লগত ইছলামীয় চিত্ৰ শিল্পৰ মিলন ঘটি ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ প্ৰদান কৰিছে। ৰাজপুত্ৰ আৰু মোগলসকলৰ আৰ্টত এই বৈচিত্ৰ দেখা যায়। ইছলামীয় সাহিত্যৰ ভাৱধাৰাও ভাৰতীয় সাহিত্যত একীভূত হল। এইদৰেই ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাই আৰু অধিক জাতিষ্কাৰ কৰি তুলিছে।
১৯। প্রাক্ – মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত ।
উত্তৰঃ
২০। ব্যাখ্যা কৰাঃ
(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ।
উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তগ্ৰত হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।
ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি কিদৰে ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছে তাকে কবলৈ লেখকে এই কথাফাঁকিৰ অৱতাৰণা কৰিছে।
ভাৰতীয় সংস্কৃতি বৈচিত্ৰ্যময়। বিভিন্ন জাতি, জনজাতিৰ ভাষা, সাহিত্য, সুকুমাৰকলা, স্থাপত্য, ভাস্কৰ্য আদি উপাদানেহে হৈছে ভাৰতীয় সংস্কৃতিৰ মাপকাঠী। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা নিৰাবিচ্ছিন্নভাৱে বোঁৱতি নদীৰ দৰে বৈ আছে। কালক্ৰমত তেওঁলোকৰ আচাৰ – ব্যৱহাৰ, নিজ ভাষা, সংস্কৃতি আদি ত্যাগ কৰি ভাৰতীয় সংস্কৃতিকে আপোন কৰি ললে। তেওঁলোকৰ নৃত্য, কলা, চিত্ৰ আদি এই অবিচ্ছিন্ন ধাৰাই ভাৰতীয় সংস্কৃতিক সুসংগঠিত আৰু টনকিয়াল কৰিছে। সংস্কৃতিৰ প্ৰভাৱেও ভাৰতীয় সংস্কৃতিক জীপাল কৰি ৰাখিছে।
(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান – পতন , ভঙা – গঢ়াৰ সবিশেষ বুৰঞ্জী ।
উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেমবৰুৱাৰ ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত বাক্যশাৰীৰ জৰিয়তে লেখকে ভাৰতীয় বুৰঞ্জীৰ বিষয়ে এটি ধাৰণা ব্যক্ত কৰিছে।
অতীতৰ বিষয়ে আমি জ্ঞান অৰ্জন নকৰিলে বৰ্তমানক শ্ৰদ্ধা তথা গুৰুত্ব দিবলৈ আমি অপাৰগ হয়। ভাৰতৰ বুৰঞ্জী ভঙা গঢ়াৰ বুৰঞ্জী। ইটোৰ পিছত সিটো মানৱগোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহাৰ বৈশিষ্ট্য। তেওঁলোকে সময়ৰ গতিত নিজৰ সকলোখিনি ত্যাগ কৰি ভাৰতৰ সংস্কৃতিক চহকী কৰিছিল। এনেবোৰ বিষয়ৰ বৰ্ণনাৰে ভাৰত বুৰঞ্জী সমৃদ্ধ হৈ আছে।
গতিকে সম্যক দৃষ্টিৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান – পতন ভঙা – গঢ়াৰ সবিশেষ বুৰঞ্জী।
(গ) সকলে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ।
উত্তৰঃ
ভাষা – বিষয়কঃ
১। সন্ধি ভাঙাঃ
সংস্কৃতি , সমন্বয় , সম্বন্ধ , ভাৰাক্ৰান্ত , সন্মত ।
উত্তৰঃ সংস্কৃতি = সম্ + কৃতি
সমন্বয় = সম্ + অন্বয়
সম্বন্ধ = সম্ + বন্ধ
ভাৰাক্ৰান্ত = ভাৰ + আক্ৰান্ত
সন্মত = সম্ + মত
২ | বিশেষ্য বা বিশেষণলৈ নিয়াঃ
বৈচিত্র্য , ভৌগােলিক , বিস্তৃতি , নৈৰাশ্য , বিপ্লৱ ।
উত্তৰঃ বৈচিত্ৰ্য = বিচিত্ৰ
ভৌগোলিক = ভূগোল
বিস্তিতি = বিস্তিত
নৈৰাশ্য = নিৰাশ
বিপ্লৱ = বৈপ্লৱিক