বৰগীত
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ
(ক) “…..নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে।
(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’
– সনক, সনন্দ আদি যোগীসকলে কান ধ্যান কৰে বুলি কৈছে?
উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।
(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰঃ কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে।
(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰঃ বৰগীতটি শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা।
(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।
(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰঃ কবিয়ে ‘বান্ধৱ’ বুলি হৰিক সম্বোধন কৰিছে।
(ছ) ‘মোহ-পাশ’ মানে কি?
উত্তৰঃ ‘মোহ-পাশ’ মানে মায়াৰ বান্ধোন।
২। বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত ‘ৰাগ – বসন্ত’ত বন্ধ বৰগীতটি এটি ভক্তি ৰসাত্মক কবিতা। এই বৰগীতটি জৰিয়তে কবি মাধৱদেৱে পৰমাৰ্থক বিষয়ক ভাব ব্যক্ত কৰিছে। কবিয়ে নিজকে অধম বুলি হৰিস্বৰূপ শ্ৰীকৃষ্ণক এই বিশ্বব্ৰক্ষাণ্ডৰ গৰাকী বুলি জ্ঞান কৰি তেওঁক শ্ৰীচৰণত শৰণ লৈছে। কবিমতে এই সংসাৰখন মায়াময়। এই সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওঁক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা মানুহে নুবুজে। তেওঁ শ্ৰীকৃষ্ণৰ চৰণ দুখনিক মহাধন বুলি কৈছে। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই হৈছে তেওঁলোকৰ জীৱন। ভগৱানে এই সকলোবোৰ ভূলভ্ৰান্তি ক্ষমা কৰি তেওঁলোকক নিজ চৰণত ঠাই দিয়ে। কপাৰ স্বৰূপ শ্ৰীকৃষ্ণই ভক্তসকলক দয়া নকৰিলে তেওঁলোকৰ মুক্তি সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অতিকৈ কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে ভক্তৰ অন্য কোনো উপায় নাই।
৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ নাম গোবিন্দগিৰী ভূঞা আৰু মাতৃ নাম মনোৰমা। শংকৰদেৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য – সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল ‘নামঘোষা’। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। শংকৰদেৱে ‘বাৰকুৰি গীত’ ৰচিছিল যদিও ‘একুৰি চৈধ্যটা’ পোৱা গৈছিল। মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭ টা বৰগীত পোৱা গৈছিল। মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১ টা বা ন-কুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে। তেওঁ মৃত্যু হৈছিল ১৫৬৮ চনত।
৪। ব্যাখ্যা কৰাঃ
(ক) সহজে বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিটাফাকি আমাৰ পাঠ্যপুঠি অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
সংগতিঃ উক্ত কবিতাফাকি হৰি মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাফাকি বৰ্ণনা কৰিছে।
ব্যাখ্যাঃ ভগৱান হল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা। তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে। ভগৱানৰ মহিমা অপাৰ। সনক সনন্দ যোগী সকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই। মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়। কিন্ত ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা। কিয়নো হৰিৰ চৰণ যুগল হল সকলোৰে মহাধন। শ্ৰীহৰি হল ভকতৰ জীৱনস্বৰূপ। সেয়েহে মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেয়ে এইজনা পৰমপুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে, তুষ্য ভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে।
(খ) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
সংগতিঃ উক্ত কবিতাফাঁকি জৰিয়তে কবিয়ে সাংসাৰিক বিষয় – বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে।
ব্যাখ্যাঃ কবিৰমতে এই সংসাৰখন মায়াজালেৰে ভৰা। এই সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওঁক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা পৰা সম্পূৰ্ণ অজ্ঞাত। কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, দয়া কৰি আমাক এই মায়া-মোহৰ পৰা প্ৰৰিত্ৰাণ দিয়া। আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া।
(গ) তোমাৰ চৰন দুই মোৰ মহা ধন ।
ভকত জনৰ নিজ তুমিসে জীৱন ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ ভকতৰ বাবে ভগৱানৰ দুই চৰণেই মহা ধন আৰু ভগৱানেই নিজ ভকতৰ বাবে জীৱনস্বৰূপ বুলি মহাপুৰুষজনাই পদফাঁকি অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানে ভকতৰ সৰ্বস্ব বুলি গ্ৰহণ কৰিছে। মহাপুৰুষজনাই উপলদ্ধি কৰিছে যে, সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্তি পাবলৈ, সাংসাৰিক দুখ – যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ হলে ভগৱানৰ কৃপা লাভ কৰিব লাগিব। তেওঁ ভগৱানৰ দুই চৰণক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি গ্ৰহণ কৰিছে। ঈশ্বৰেই তেওঁৰ ভকতসকলৰ বাবে জীৱনস্বৰূপ।
৫। সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
সকল নিগমে যাক বিচাৰি নাপাই ।।
– তাপৰ্য বিচাৰ কৰা ।
উত্তৰঃ
৬) বৰগীতৰ চাৰিটা লক্ষণ বিষয়ে লিখা?
উত্তৰঃ বৰগীতৰ চাৰিটা লক্ষণ হল –
ক) বৰগীত সমূহ হল শাস্ত্ৰীয় ৰাগ – তালযুক্ত গীত।
খ) বৰগীত সমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ।
গ) বৰগীত সমূহ চৈধ্য প্ৰসংগৰ অন্তগৰ্ত।
ঘ) বৰগীত সমূহ হল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।
ভাষা-বিষয়কঃ
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
উত্তৰঃ
শব্দ — আধুনিক শব্দ
নপাৱন্ত – নাপয়।
কেনে – কিদৰে, কেনেকৈ।
ভৈলোহো – হলোঁ।
তুমিসে – তুমিয়েই, তুমিহে।
জনেৰ – সকলৰ, জনৰ।
কহয় – কয়।
2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা।
উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ হল :-
ক) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা।
খ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।
গ) ব্ৰজাৱলী হল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।
ঘ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱা বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।
ঙ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।
________________________________________________
বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংকটো ক্লিক কৰক
________________________________________________