বিষাদ যোগ । Chapter 15 | Class 10 Assamese Lesson 15 Question and Answer | Class X Assamese Chapter 15 Solution | দশম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১৫ বিষাদ যোগ ।

বিষাদ যোগ

ভাব-বিষয়কঃ

১। চমু উত্তৰ দিয়াঃ

(ক) মহাৰথী কাক বোলে?

উত্তৰঃ যি একে দশ সহস্ৰ ধানুকীক যুঝৱৈ তাক মহাৰথী বোলে। (অৰ্থাৎ যিয়ে একেলগে দহ হাজাৰ ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাক মহাৰথী বোলে)।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা?

উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম হৈছে – গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম পিতামা, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু পুত্ৰ ভূৰিশ্ৰবা।

(ঘ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?

উত্তৰঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসব দেখি শঙ্খ, ভেৰী, আনক, গোমুখ আদি ৰনবদ্যৰ মহাশব্দ হৈছিল।

(ঙ) আততায়ী কাক বোলে?

উত্তৰঃ যি আনক বিষ দি, জুই লগা অথবা অন্যপ্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে, যি আনৰ ধন সম্পত্তি কাঢ়ি নি, ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে।

(চ) কুলক্ষয় দোষ কি?

উত্তৰঃ কুলক্ষয় দোষ হ’ল – কুলক্ষয় হ’লে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হ’লে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰে। আৰু অধৰ্মে বিয়পিলে কুলস্ত্ৰীসৱ দুষ্ট হয়।

২। তোমাৰ পাঠটোত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।

উত্তৰঃ

৩। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই পাই শ্ৰীকৃষ্ণক কি ক’লে তোমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰঃ অৰজুনে যুদ্ধক্ষেত্ৰলৈ গৈ আত্মীয়ক দেখা পালে যুদ্ধ ক্ষেত্ৰত অৰ্জুনে আত্মীয় স্বজনক দেখি হতাশ হৈ পৰিছিল। অৰ্জুনে আত্মীয় স্বজনক হত্যা কৰি ৰাজ্য লাভ কৰাৰ ইচ্ছা তেওঁৰ নাই। অৰ্জুনে শ্ৰীকৃষ্ণক অনুৰোধ কৰি কৈছে যে তেওঁ এই যুদ্ধত বিজয় হোৱাটো নিবিচাৰে। ৰাজ্য লাভ কৰাৰ ইচ্ছাও নাই। যিসকলৰ পৰা ৰাজ্য বা সুখ ভোগ কামনা কৰিছে সেইসকল অৰ্জুনৰ শ্ৰদ্ধাৰ আচাৰ্য, পিতামহ, পিতৃব্য আৰু মোমায়েক, শহুৰ-নাতিয়েক, সকলো আত্মীয়। প্ৰয়োজন হলে কৌৰৱৰ পক্ষীয় সেনাই তেওঁক মাৰি পেলাওক তথাপি অৰ্জুনে নিজৰ আত্মীয় স্বজন তথা দ্ৰৌণাচাৰ্যৰ দৰে গুৰু আৰু ভীষ্মৰ দৰে পিতামহক বধ কৰি ৰাজ্য দখল কৰিবলৈ তেওঁৰ মনে কেতিয়াও নিবিচাৰে বুলি শ্ৰীকৃষ্ণক কৈছিল।

৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।

উত্তৰঃ কুলক্ষয় হ’লে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হলে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্ৰী সকল বিপথে গলে বৰ্ণসংকৰ হ’ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃ সকলৰ লুপ্তপিণ্ড সমূহ জ্বলাজ্ঞলিহীন হৈ পৰিব। এনে বোৰ দোষৰ বাবে সকলো জাতি ধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে।

৬। “জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা………।”

এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।

উত্তৰঃ “জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা” , এইদৰে সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰৰ আগত হৈছিল।

অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ সকলো আত্মীয় স্বজনক দেখি হতাশাত ভাঙি পৰিছিল। সেয়েহে অৰ্জুনে কৃষ্ণৰ আগত ব্যক্ত কৰিলে যে আত্মীয় স্বজনক বধ কৰি তেওঁক ৰাজ্য নালাগে। অৰ্জুনে এই কথাষাৰ কৈ ৰথৰ ওপৰতে বহি পৰিল।

ভাষা-বিষয়কঃ

১। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখাঃ

নিপুণ, সমীপ, বিস্তাৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্ৰুতি, বিমঙ্গল, বান্ধৱ।

উত্তৰঃ নিপুণ – পাকৈত

সমীপ – নিকট

বিস্তৰ- বহুত

সহস্ৰ – হাজাৰ

সদৃশ – একে

বাদ্য – বাজনা

কৰ  চৰণ – ভৰিত ধৰা

চৰ্ম – ছাল

শ্ৰুতি – বেদবি

মঙ্গল- অমংগল

বান্ধব – মিত্ৰ

২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।

উত্তৰঃ হুয়া- হৈ

কৰিলো – কৰিলে 

কহা- কোৱা

চাঞো- চাও

মঞি- মই 

বুলিলা- কলে

খাস –  সহিপৰা

ফুঞ্চিলা – ফুকিলে

বাইলা – বজালে

ৰহিবে – ৰোৱা

ৰহো – ৰৈ থকা

৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ শেষ ভাগত আৰু সপ্ত দশ শতিকাৰ প্ৰথম ভাগত তেখেতৰ সাহিত্য চৰ্চা, কৰা বৈষ্ণৱ কবি ৰূপে জনা গৈছিল। তেখেতৰ সম্পূৰ্ণ নাম আাছিল বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল। তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰু সম্ভীৰ হোৱা দেখা গৈছিল। তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তত্সম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্য বোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছিল। ভট্টদেৱৰ গদ্যৰ ভাষা বোৰ পোনপতীয়া আছিল। তেখেতৰ গদ্যত মন কৰিব লগীয়া বিষয়তো হৈছে চুতি চুতি বাক্যৰ ব্যৱহাৰ। তেখেতৰ ৰচনা সমূহত মই, মোক, মোৰ আদিৰ সলনি স্থানভেদ পুৰণি অসমীয়া শব্দ মঞি, আমি, আমাক, আামাৰ, আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদিৰ শব্দবোৰ ব্যৱহাৰ হৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা ঠাঁচ, আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। তেখেতৰ কথোপকথন মূলক গদ্য ৰীতি আন এক বৈশিষ্ট্য আাছিল।