কানাইৰ চাতুৰী
১। অতি চমু উত্তৰ দিয়াঃ
(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল ?
উত্তৰঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশু সকলে আহি যশোদাক কৈছিল।
(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল ?
উত্তৰঃ কৃষ্ণই চাৰি-পাঁচ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।
(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ?
উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।
(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল ?
উত্তৰঃ কপিল মুনিৰ মাতৃ দেৱহুতি আছিল।
(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ?
উত্তৰঃ বামুন ৰূপ ধৰি কৃষ্ণই বলিক ছলনা কৰিছিল।
২। তথাপি তােহাক দেখন্তে ডৰত
উৰি যায় মােৰ জীউ ।
-এইষাৰ কাৰ উক্তি ? কাক দেখি , কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা ।
উত্তৰঃ এই কথাষাৰ মানৱৰূপী শিশু কৃষ্ণৰ উক্তি।
শিশুকৃষ্ণৰ চল-চাতুৰী আৰু দুষ্টামীৰ কাৰণে মাতৃ যশোদাই তেওঁক কঠোৰভাৱে শাসন কৰিছিল। গোপপিনীসকলৰ মুখৰ পৰা পুত্ৰৰ দুষ্টামীৰ কথা শুনি সেইবোৰ সহ্য কৰিব নোৱাৰি যশোদাই হাতত এচাৰিলৈ মাৰিবলৈ শিশু কৃষ্ণক খেদি ফুৰিছিল। তাৰোপৰি এদিন গোটেই দিনটো অৰ্জুন গছৰ তলত উৰালৰ সৈতে বান্ধি থৈছিল। গৰু চাৰিবলৈও পঠাইঠিল। এনেবোৰ কাৰণতে শিশু কৃষ্ণই মাকক দেখিলেই ভয় খাইছিল আৰু তেওঁৰ ভয়তে জীউ উৰি যোৱা যেন পাইছিল।
৩। “ মােহিনী স্বৰূপে অমৃত পিয়ালো
সধিলাে দেৱৰ কাম । ”
—কোনে মােহিনী ৰূপ ধাৰণ কৰিছিল ? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল ; খৰচি মাৰি লিখা ।
উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণই বিভিন্ন সময়ত ভিন ভিন অৱতাৰ ধাৰণ কৰি বহুটো কাৰ্য সাধন কৰিছিল। তাৰে এটা ৰূপ হৈছে মোহিনীৰূপ। এবাৰ দেৱতা আৰু অসুৰৰ মাজত সমূদ্ৰ মন্থন হৈছিল। সেই মন্থনত অমৃতো ওলাইছিল। অমৃত পান কৰোঁতাজন অমৰ হয় বুলি জানি ভগৱান শ্ৰীকৃষ্ণই মোহিনীৰূপ ধৰি অসুৰসকলক অমৃত পানৰ পৰা বঞ্চিত কৰিছিল আৰু দেৱতাসকলক অমৃত পান কৰাই অমৰ্ব দান কৰিছিল। কিন্ত আজি সেইজনা ভগৱানে পুত্ৰৰূপে যশোদাৰ ঘৰত জন্ম লভি দধিচোৰ নামেৰে অপযশ পাইছে। সকলোৱে তেওঁক দধিচোৰ বুলি চাই চাই হাহে। এইটোও ভগৱান শ্ৰীকৃষ্ণই এটি লীলা। মাকক এই দৰে অভিমান কৰি কথা কোৱাৰ মূল উদ্দেশ্য হল – মাকক আবেগ বিহুল কৰি তেওঁৰ পৰা বেছি মৰম লাভ কৰা।
৪। মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল ? কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা ।
উত্তৰঃ ভক্তিৰ বলতেই জীৱই ভগৱানক পাবলৈ সমৰ্থবান হয়। তেৱেই পৰমাত্মা। জীৱৰ হীদয়ত আত্মৰূপে স্থিতি লয়। মাতৃ যশোদায়ো একমাত্ৰ ভক্তিৰ বলতেই শ্ৰীকৃষ্ণক পূত্ৰৰূপে লাভ কৰিছে। সাধাৰণ মনুষ্য ৰূপে যশোদাৰ পূত্ৰ হিচাপে জন্ম লভিলেও কৃষ্ণই তেওঁক ঐশ্বৰিক মহিমাৰ কথা মাজে সময়ে মাকৰ আগত প্ৰকট কৰে। মাকৰ ওপৰত খং অভিমানো কৰে। সম্পূৰ্ণ বিশ্বব্ৰক্ষাণ্ডৰ পালনকৰ্তা হৈয়ো তেওঁ মাতৃ যশোদাৰ পৰা এটি সাধাৰণ শিশুৰ দৰে শাস্তি পায়, ৰজাক লৰা হৈয়ে গৰু চাৰিবলৈ যায়, কৰকৰা ভাত তাকো আধা পেটিকৈহে খাবলৈ পায়। ৰজা – পটেশ্বৰী হৈয়ো যশোদাই ছয়ৰতি সোণ খৰচ কৰি বাঁহী গঢ়াই নিদিয়াৰ বাবে বঁহৰ বাঁহী বজাওতে তেওঁৰ দুই ওঁঠ ফাটি তেজ ওলাইছে। ইয়াৰোপৰি তেওঁৰ পোছাক – পাতি সাধাৰণ শিষুৰদৰে। চুলিত তেল নিদিয়াৰ বাবে জটা বান্ধিছে। জগতৰ মানুহে যশোদাক কাঠবাজী বুলি কোৱা অভিশাপৰ পৰা পুত্ৰ হিচাপে জন্ম লভি সেই দোষৰ পৰি পৰিত্ৰাণ দিছে। তথাপিতো যশোদাই মাক হৈয়ো পুত্ৰ স্নেহ বুজি নাপায়। মাকৰ এনেবোৰ গুণৰ কথা কবলৈ শিশুকৃষ্ণৰ লাজ লাগে বুলি কৈছে।
৫। চমু টোকা লিখা ?
(ক) বামন (খ) দেবহুতি (গ) কপিল
(ঘ) শ্ৰীধৰ কন্দলী (ঙ) দৈৱকী ।
উত্তৰঃ (ক) বামনঃ বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে তেওঁক পাতাললৈ পঠাইছিল।
(খ) দেবহুতিঃ স্বয়ংম্ভুৱ মুনিৰ কন্যা।
(গ) কপিলঃ এজন প্ৰসিদ্ধ মুনি। এওঁ সাংখ্যা দৰ্শনৰ প্ৰবৰ্তক। কৰ্দম মুনি আৰু স্বায়ম্ভুব মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠি হেজাৰ পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়।
(ঘ) শ্ৰীধৰ কন্দলীঃ শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। কন্দলীয়ে কাণখোৱা আৰু ঘুনুচা কীৰ্ত্তন নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা – মাহাত্ম্য সহজ – সৰল আৰু প্ৰাঞ্জল – ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ – শিশুত্ব ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে।
৬। পাঠটিৰ কাহিনীভাগ তােমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰঃ
৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা ।
উত্তৰঃ অনন্ত ব্ৰক্ষাণ্ডৰ স্ৰজন আৰু প্ৰতি পালন কৰোঁতা কৃষ্ণই যুগে যুগে দুষ্টক দমন কৰি সন্তক পালন কৰিছে। নাৰায়ণৰূপে জলত অনন্ত শয্যাত শয়ন কৰি নাভি পদ্মৰ পৰা ব্ৰক্ষাক সৃষ্টি কৰি বেদৰ তত্ত্ব জ্ঞান দিছিল। যি বেদৰ জ্ঞানে জগতৰ অজ্ঞানতা দূৰ কৰিছিল। দেৱগণক অসুৰৰ সন্ত্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি ত্ৰিজগতত চমক লগাইছিল। মোহিনীৰূপে অসুৰক ছলনা কৰি দেৱতাক অমৃত পান কৰাইছিল। কপিলৰূপে কদম মুনিৰ ঘৰত দেৱহুতিৰ গৰ্ভত জন্ম লৈ মাকক তত্ত্বৰ জ্ঞান দিছিল। চৰণৰ নখেৰে আকাশ ফুটাই গঙ্গাক নমাই আনিছিল। সেই জলেই শিৱই শিৰত ধাৰণ কৰিছিল।
৮। কবিতাটোত ‘ কাঠবাজী ’ বুলি কাক কৈছে ? ইয়াৰ অর্থ কি ? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে ?
উত্তৰঃ এই কবিতাটোত ‘কাঠবাজী’ বুলি যশোদাক কৈছে। ইয়াৰ অৰ্থ হৈছে – যি তিৰোতাৰ সন্তান নাই। এই অপবাদৰ পৰা তেওঁক শ্ৰীকৃষ্ণই ৰক্ষা কৰিলে।
৯। তাৎপর্য ব্যাখ্যা কৰাঃ
কাঠবাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি ।
মই আসি তােৰ ঘৰে পুত্র ভৈলাে
সিটো দুখ দূৰ কৰি ।।
(খ) মােহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলাে দেৱৰ কাম ।
তােমাৰ ঘৰে আসি বৰ যশ পাইলাে
লৈলাে দধিচোৰ নাম ।।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত অসমীয়া সাহিত্য ‘কানাই চাতুৰী’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।
সংগতিঃ তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱ কাৰ্য সাধন কৰিছিল।
ব্যাখ্যাঃ এবাৰ দেৱতা আৰু অসুৰ সকলো মিলি সাগৰ মন্থন কৰোতে তাৰ পৰা অমৃত ওলাইছিল। সেই অমৃত পাণ কৰিবলৈ দেৱতা আৰু অসুৰৰ মাজত টনা-আজোৰা লাগিল। দেৱতাসকলে বৰ ভয় খালে। দেৱতাসকলক সহায়ৰ উদ্দেশ্যে কৃষ্ণই মোহিনীৰূপ ধাৰণ কৰি অসুৰবিলাকৰ মনোযোগ আকৰ্যণ কৰিলে আৰু সেই ছেগতে দেৱতাসকলে অমৃত পাণ কৰি অমৰত্ব লভিলে।
(গ) মই নাৰায়ণ জগত কাৰণ
তুমি গােৱালৰ জীউ ।
তথাপি তােহাক দেখন্তে ডৰত
উৰি যায় মােৰ জীউ ।।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘কানাইৰ চাতুৰী’ নাম কবিতাটিৰ পৰা তুলি অনা হৈছে।
সংগতিঃ কবিতাফাঁকিৰ মাজেদি কবি শ্ৰীধৰ কন্দলী দেৱে বালক কৃষ্ণই কেনেকৈ ঠেহ পাতি পুৱা বিচনাৰ পৰা উঠিব নুখুজি, মাকক কথা শুনাইছে সেই কথাকে ব্যক্ত কৰিব বিচাৰিছে।
ব্যাখ্যাঃ কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰেই এটি অৱতাৰী ৰূপ। ভগৱানে যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিবৰ বাবেই তেওঁৰ পুত্ৰৰূপে জন্ম লৈছিল। কৃষ্ণৰ অতপালিত অতিষ্ঠ হৈ যশোদাই আনসাধাৰণ মাতৃৰ দৰে কৃষ্ণক শাস্তি দিছিল। যশোদা যিহেতু গো-পালক নন্দ ৰাজৰ ৰাণী। গকুলৰ বাসিন্দাসকল গো-পালক জাতিৰ। সেয়েহে কৃষ্ণই মিছা অভিমান কৰি মাকে তেওঁক অৱহেলা কৰাৰ অভিযোগ তুলি গোৱালৰ জীউ বুলি হাঁহিছে আৰু নিজক জগতৰ কাৰণ নাৰায়ণ কৈছে। ইয়াৰ অৰ্ন্তনিহিত অৰ্থ হল যশোদাই ভগৱানক যিহেতু নিজৰ সন্তানৰূপে পাবলৈ বাঞ্ছা কৰিছিল। ভক্তৰ অধীন ভগৱান।
ভাষা – বিষয়কঃ
১। তলত দিয়া শব্দবােৰৰ আধুনিক ৰূপ লিখাঃ
(ক) আসি (খ) খেড়ি (গ) পুহাইল
(ঘ) নুজুৰাই (ঙ) হন্তে (চ) বিগুটিয়া ।
উত্তৰঃ
আসি – আহি।
খিড়ি – খেলা।
পুহাইল – পুৱাল।
হন্তে – সৈতে।
বিগুটিয়া – ঠাট্ৰা কৰা।
২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিবৰ্তন কৰাঃ
(ক) সুন্দৰী ( গ ) মাতৃ (গ) মামা।
উত্তৰঃ
সুন্দৰী – সুন্দৰ।
মাতৃ – পিতৃ।
মামা – মামী
৩। বিপৰীত শব্দ লিখাঃ
(ক) বিশ্বাস (খ) দোষ (গ) আনন্দ (ঘ) অপমান (ঙ) অমৃত ।
উত্তৰঃ
বিশ্বাস – অবিশ্বাস।
দোষ – নিৰ্দোষ।
আনন্দ – বেজাৰ।
অপমান – সন্মান। অ
মৃত – বিষ।