ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
অনুশীলনী
অতি চমু উত্তৰৰ প্রশ্নঃ
১। য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
উত্তৰঃ য়াণ্ডাবু সন্ধি ১৮২৬ চনত ২৬ফ্ৰেব্ৰুৱাৰীত হৈছিল।
২। কোম্পানিৰ আমােল কোনটো সময়ক বুজোৱা হয় ?
উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ সময়ছোৱাক কোম্পানিৰ দিন বা কোম্পানিৰ আমোল বুলি কোৱা হয়।
৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰঃ ১৮৩৭ চনত অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল।
৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰঃ ১৮৭৩ চনত বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল।
৫। অসম ছাত্র সন্মিলনৰ মুখপত্রখন কি আছিল ?
উত্তৰঃ অসমত ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন হ’ল মিলন।
৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?
উত্তৰঃ ৰায়ত সভাসমুহৰ মুখ্য় উদ্দ্য়ে হ’ল- মাটিৰ খজনা হ্ৰাসকৰা, গ্ৰেজিং কৰ বন্ধ কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।
৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ?
উত্তৰঃ ১৯৩৩ চনৰ ৮ এপ্ৰিলত।
৮। আহােম সভাৰ সম্পাদক কোন আছিল ?
উত্তৰঃ পদ্মনাথ গোহাঁইবৰুৱা।
৯। যােৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ?
উত্তৰঃ ১৮৮৪ চনত যোৰহাটত জগন্নাথ বৰুৱাৰ নেতৃত্ৱত।
১০। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি আৰু সম্পাদক কোন আছিল ?
উত্তৰঃ অসম প্ৰদেশ কংগ্ৰছ কমিটিৰ প্ৰথম সভাপতি হ’ল কুলধৰ চলিহাৰ আৰু সম্পাদক হ’ল নবীন চন্দ্ৰ বৰদলৈ।
১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি কোন আছিল ?
উত্তৰঃ বিষ্ণুৰাম মেধি।
১২। অসমৰ প্রথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল ?
উত্তৰঃ গোপীনাথ বৰদলৈ;১৯৪৬ চনত।
১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?
উত্তৰঃ সৰুপথাৰ ৰে’ল ষ্টেচনৰ ওচৰত ৰে’ল বগৰোৱাৰ অপৰাধত কুশত কোঁৱৰক ফাঁচী দিয়া হৈছিল।
১৪। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৮৪ চনৰ ২৬ জানুৱাৰীত
১৫৷ অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?
উত্তৰঃ ১৯৪৭ চনৰ ৩ নৱেম্ৱৰত।
১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?
উত্তৰঃ ১৯৬০ চনৰ ২০ চেপ্টেম্ৱৰত।
চমু উত্তৰৰ প্রশ্নঃ
১। অসমীয়া লিটাৰেৰী ছচাইটীৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা – সাহিত্য় উন্নয়নৰ হকে গঠিত প্ৰথমটো সংগঠন আছিল অসমায়ী লিটাৰেৰী ছ’চাইটী’। ১৮৭২ চনত দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ বৰুৱাৰ লেতৃত্ৱত কলিকতাত অধ্য়য়নৰত ছাত্ৰসকলে এই সংগঠনটো গঠন কৰিছিল। এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য় সাহিত্য়চৰ্চা আছিল যদিও ইয়াত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। এই সংগঠনটোৰ দুজন সদস্য় জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই অনুষ্ঠানটোৰ তৰফৰ পৰা তদনীন্ত ভাইচৰয় লৰ্ড নৰ্থব্ৰুক অৰ্পণ কৰা এই স্মাৰক – পত্ৰত অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়নৰ লগতে অসম আৰু বংগৰ সাজত ৰে’ল সংযোগ স্থাপনৰ বাবে দাবী উত্থান কৰিছিল। এই সংগঠনটো ১৮৮৫ চনলৈকে সক্ৰিয় অৱস্থাত আছিল।
২। জোনাকী যুগৰ উল্লেখযােগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া ।
উত্তৰঃ অঃ ভাঃ উঃ সাঃ সভাই প্ৰকাশ কৰা জোনাকীয়ে অসমৰ সুধী সমাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিছিল। অৰুণোদইৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্য়ক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। জোনাকীয়ে সেই সময়ত বহুটো প্ৰতিভাৱান লাকক উলিয়াই আনিবলৈ শক্ষম হৈছিল। ব্ৰিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্য়োগ আৰু বাণিজ্য়ত যি নেতিবাচক প্ৰভাৱ সেই বিষয়ে জোনাকীয়ে সচেতনতা আনিবলৈ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যাই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল। লক্ষীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ’, অসমৰ সংগীত’,বাণ ব’ৰাগী’ আদি আৰু অম্ৱিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাই জয়গান গাইছিল। জোনাকীয়ে সাহিত্য়ৰ তথা অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ উজ্জীৱিতকৰণ সামাজিক সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিছিল।
৩। আহােম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্ৱত ১৮৯৩ চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল। ১৯১০ চনত এই সভাক সদৌ অসম আহোম এছ’চিয়েছন নামেৰে নামাকৰণ কৰা হয়। আহোম সভাৰ প্ৰধান ৰাজনৈতিক দাবীসমূহ আছিলঃ
(ক) আহোমসকলক সংখ্য়ালঘু সম্প্ৰদায় হিচাপে স্ৱীকৃতি প্ৰদান কৰা।
(খ) আহোমসকলৰ বাবে পৃথক সমষ্টি
(ঘ) বিধানসভাত আহোমসকলৰ বাবে আসন সংৰক্ষণ কৰা।
8। আছাম এছ’চিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উত্তৰঃ আছাম এছ’চিয়েছনে ব্ৰিট্ছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ হ’ল–
(ক) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্য়ৰ বিৰোধিতা কৰিছিল।
(খ) এছি’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল।
(গ) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্য়ৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।
(ঘ) কানিৰ ব্য়ৱহাৰ আৰু বিক্ৰী সম্পূৰ্ণ নিষিদ্ধকৰণৰ দাবী উত্থাপন কৰিছিল।
(ঙ) কলিকতা বিশ্ৱবিদ্য়ালয়ৰ সংস্থাত অসমীয়া লোকৰ প্ৰতিনিধিত্ৱ আৰু কটন মহাবিদ্য়ালয়ত অসমীয়া শিক্ষকৰ নিযুক্তিৰ দাবী উত্থাপন কৰিছিল।
(চ) অসমত বিশ্ৱবিদ্য়ালয় স্থাপনৰ দাবী উত্থাপন কৰিছিল।
(ছ) ১৯০৫ চনত বূৰ্ব বংগৰ সৈতে অসমক সংলগ্ন কৰাৰ বিৰোধিতা কৰিছিল।
(জ) ৰাজ্য়খনত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন আহ্ৱান কৰিছিল।
(ঝ) ১৯১৯ চনত মণ্টেগো ছেমছফ’ৰ্ড সংস্কাৰ অসমত প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছিল।
৫। অসমত অসহযােগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃঅসমত অসহযোগ আন্দোলনত চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা , অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিয়ে নেতৃত্ন প্ৰদান কৰিছিল। আন্দোলনত অংশগ্ৰহণ কৰা কেইগৰাকীমান যুৱনেতা আছিল নক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা ইত্য়াদি। অসমত অসহযোগ আন্দোলনত নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণাৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকীলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
৬। কানিংহাম চাকুলাৰৰ বিষয়ে লিখা ।
উত্তৰঃ ১৯৩০ চনৰ মে’ত শিক্ষাধিকৰ্তা আৰু জে কানিংহামে প্ৰকাশ কৰা ‘কানিংহাম চাৰ্কুলাৰ’ৰ জৰিয়তে ছাত্ৰ আৰু অভিভাৱকসকলৰ পৰা কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ নিখিত প্ৰতিশ্ৰুতি বিচৰা হৈছিল।গুৰুত্ৱৰ অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত তেওঁলোকক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰা হ’ব বুলিও প্ৰকাশ কৰা হয়। এই চাৰ্কুলাৰৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু বৃহৎ সংখ্য়ক ছাত্ৰই ইয়াৰ প্ৰতিবাদত আইন অমান্য় আন্দোলনত অংশগ্ৰহণ কৰিছিল। এনেদৰে, কানিংহাম চাৰ্কুলাৰে অসমত আইন অমান্য় আন্দোলনৰ প্ৰসাৰত পৰোক্ষভাৱে সহায় কৰিছিল।
৭। গােপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হােৱা সমস্যা সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ দ্ৱিতীয় বিশ্ৱযুদ্ধৰ পিছত ১৯৪৬ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ ১০৮ খন আসনৰ ভিতৰত ৫৮ খন আসন লাভ কৰি সংখ্য়াগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল। ফলস্ৱৰূপে, গোপীনাথ বৰদলৈ প্ৰথমগৰাকী – মুখ্য়মন্ত্ৰীত পৰিণত হয়। সেই সময়ত মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰীক বুলি কোৱা হৈছিল। স্ৱাধীনতা সময়লৈকে অসমত উপযুক্ত শৈক্ষিক আন্তঃগাঁথনি নাছিল। গতিকে, মানৱ সম্পদ উন্নয়নৰ বাবে নতুন চৰকাৰে উপযুক্ত শৈক্ষিক গাঁথনি প্ৰতিষ্ঠা কৰিবলগীয়া হৈছিল। আৰু স্ৱাধীনতা পিছত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সীমা নিৰ্ধাৰণৰ বিষয়টোৱে যথেষ্ট গুৰুত্ৱ নাভ কৰিছিল। ১৯৪৭ চনৰ আগষ্টত হোৱা ভাৰত বিভাজনে অসমৰ সৈতে ভাৰতৰ অন্য়ান্য় অঞ্চনৰ যোগাযোগ বিঘ্নিত কৰিছিল।পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰে’লপথ আৰু নদী পৰিবহণ পূব পাকিস্থানৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। গতিকে পৰিবহণৰ নতুন পথৰ বিকাশ সাধন কৰিবলগীয়া হৈছিল। বিভাজনে বংগ – অসম – আৰাকান অঞ্চলৰ মাজত বিৰাজ কৰা জটিল অৰ্থনৈতিক সম্পৰ্কত ব্য়াঘাত সন্মাইছিল। স্ৱাধীনতাৰ আগতে চাহ, নীল, মৰাপাট, ৰেছম আৰু কপাহী বস্ত্ৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম প্ৰসিদ্ধ আছিল।বিভাজনে এই সকলোবোৰতে প্ৰভাৱ বিস্তাৰ কৰিছিল । এই সমস্য় সমাধানৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছিল। স্ৱাধীনতাৰ পিছত পূব পাকিস্তানৰ পৰা জন প্ৰব্ৰজন আৰম্ভ হয় আৰু চৰকাৰে ইয়াৰ লগত মোকাবিলা কৰিবলগীয়া হৈছিল।
৮ | অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা ।
উত্তৰঃ ১৯১৩ চমত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য় এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ৱবিদ্য়ালয়ৰ আৰম্ভণি বুলি ক’ব পাৰি। পাছৰ পৰ্যাত এখন কৃষি বিশ্ৱবিদ্যালয় প্ৰয়োজনীয়তা জৰুৰীভাৱে অনুভৱ কৰা হয়। ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্য়ালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্য়ালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ৱবিদ্য়ালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্য়ালয়খন নগাঁৱৰপৰা বৰ্তমানৰ অৱস্থান গুৱাহাটীৰ খানাপালৈ স্থানান্তৰিত কৰা হয়। অসম কৃষি বিশ্ৱবিদ্য়ালয় উত্তৰ – পূৰ্ব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ৱবিদ্য়ালয়
৯। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা ।
উত্তৰঃ উত্তৰ – পূৰ্ব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্য়ালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ১৯০০ চনতে ডিব্ৰুগড়ত ড॰ জন বেৰী হোৱাইটৰ ৫০,০০০ চকাৰ অনুদানৰ পুঁজিৰ ‘বেৰী – হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। জনহিতৈষী ড॰ জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিলা ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্য়ালয়খনৰ ইংলেণ্ডৰপৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল।ইয়াৰ ফলত মহাবিদ্য়ালয়খনে উন্নত চিকিৎসা শিক্ষা প্ৰদানৰ লগতে উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হয়। দ্ৱিতীয় বিশ্ৱযুদ্ধৰ পিছত ১৯৪৫ চমত আগষ্টত আমেৰিকা যুক্তৰাষ্টৰ সৈন্য় বাহিনীয়ে ব্য়ৱহাৰ এখন চিকিৎসানয়ৰ চৌহদলৈ এই মহাবিদ্য়ালয়খন স্থানান্তৰিত কৰা হয়। ভাৰতৰ স্ৱাধীনতাৰ পাছত অৰ্থাৎ ১৯৪৭ চনত ৩ নৱেম্ৱৰত গোপীনাথ বৰদলৈ নেতৃত্ৱাধীন ৰাজ্য় চৰকাৰে জন বেৰী হোৱাইট মেডিকেল স্কুলক অসম চিকিৎসা মহাবিদ্য়ালয় নামেৰে নামাকৰণ কৰে।
দীঘল উত্তৰ প্রশ্নঃ
১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কার্যাৱলীৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১৯ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্য়া সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও সভাৰ জন্ম হৈছিল। এই ৰায়ত সভা সমূহৰ পৰিকল্পনা অসমীয়া মধ্য়বিত্ত শ্ৰেণীৰ লোকসকলে চূড়ান্ত কৰাৰ লগতে কাৰ্যকৰী কৰিছিল। কৃষকৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰাটোৱেই ৰায়ত সভাৰ উদ্দেশ্য় আছিল। গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজানা হ্ৰাস কৰা আদি দাবীও ৰায়ত সভাই উত্থাপন কৰিছিল। দ্ৱিতীটো হৈছে ৰাজ্য়খনত জাতীয় চেতনতাৰ বিকাশ। এই সময়ছোৱাত মধ্য়বিত্ত শ্ৰেণীটোৱে নিজকে সংগঠিত কৰি অসমীয়া ভাষা-সংস্কৃতিৰ উন্নতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ ফলস্ৱৰূপে ১৮৫৭ চনত জ্ঞা প্ৰদায়িনী সভা আৰু ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ সংগঠন দুটাৰ প্ৰতিষ্ঠা হয়। বহুতো যুৱকে নিজৰ ভাষাটোৰ পুনৰুত্থান কৰি ইয়াক সম্ভাৱ্য় ক্ষেত্ৰত উত্তৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। এই উদ্দেশ্য় সাৰোগত কৰি ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এটি সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল। এই সংগঠনটোৱে সোনকালে হেমচন্দ্ৰ গোস্ৱামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, ৰমাকান্ত বৰকটকী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ সবল পৰিচালনাত এক সাহিত্য় অনুষ্ঠান হিচাপে পৰিপক্কতা লাভ কৰিলে।
এই সভাই অসমৰ লগতে কলিকতাত বসবাস কৰা অসমীয়া লোকসকলৰ মাজত একতা আৰু জাতীয় চেতনা উন্মেষ কৰাত সফল হৈছিল। আৰু সভাৰ অন্য় এক গুৰুত্ৱপূৰ্ণ পদক্ষেপ আছিল অসমৰ সৰ্বাত্মক সামাজিক ইতিহাস সংকলন যুগুত কৰণ। এই সাহিত্য় অনুষ্ঠানটোৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্য়ুত্তম সৃষ্টি হেমকোষ প্ৰকাশ কৰি উলিয়াইছিল। অসমীয়া ভাষা উন্নতি সাধিনীসভাই অসমৰ বুৰঞ্জী, সংস্কৃতি, সাহিত্য় আদিৰ বৌদ্ধিক আলোচনা অনুষ্ঠিত কৰিছিল। এই সভাৰ আটাইতকৈ গুৰুত্ৱপূৰ্ণ অৱদান আছিল ইয়াৰ দ্ৱাৰা প্ৰকাশত ‘জোনাকী ‘নামৰ আলোচনীখন, যিয়ে অসমীয়া সাহিত্য়ত এক নতুন যুগৰ সূচনা কৰিছিল। এই আলোচনীৰ জৰিয়তে বহুতো অষমীয়া যুৱক – যৱতীকৰ সুপ্ত সাহিত্য় প্ৰতিভাই ৰাজহুৱাভাৱে স্ৱীকৃতি অৰ্জন কৰে। ইয়াৰ ফলত জাতীয়তাবাদী চেতনা জাগ্ৰত হয় আৰু বিদেশীৰ কবলৰ পৰা স্ৱাধীনতা প্ৰাপ্তিৰ স্পৃহা জাগ্ৰত হয়।
২। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা ।
উত্তৰঃ ১৯১৬ চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিল। এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্ৱত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ মুখ্য় উদ্দেশ্য় আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্য়ালয় আৰু মহাবিদ্য়ালয় ছাত্ৰসকলৰ লগত মত আদান- প্ৰদান কৰি এই সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনৰ বাৰ্ষিক অধিৱেশসমূহত বিখ্য়াত সাহিত্য়ক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিসকলে অংশগ্ৰহণ কৰিছিল।তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মানাথ গোহাঁই বৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰৰায়, কৃষ্ণকান্ত সন্দকৈ উল্লেখযোগ্য়। এইদৰে ছাত্ৰ সন্মিললে অসমৰ শিক্ষা, সাহিত্য়-সংস্কৃতি চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল।
৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ ১৯ শতিকাৰ শেষফালে কৃষকৰ ভিভিন্ন সমশ্য়া সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্ৱাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্য়ৱস্থাৰ বিৰোধিতা কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য় আছিল গ্ৰেজিং কৰ বন্ধ কৰা মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। অৱশ্য়ে লক্ষ্য়ণীয় কথাটো এয়ে যে ১৮৯৩-৯৪ চনত নগাঁও, দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অংশত সূত্ৰপাত হোৱা কৃষক বিদ্ৰোহসমূহত ৰায়ত সভাই সক্ৰিয় ভূসিকা পালন কৰা নাছিল। ১৯৩০-৩৪ চনৰ আইন অমান্য় আন্দোলনৰ সময়ছোৱাত অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ তত্ত্ৱাৱধানত অসমত পুনৰ ৰায়ত সভা সক্ৰিয় হৈ পৰিছিল। এই সময়ছোৱাতে কংগ্ৰেছ নেতাসকলে কৃষকসকলক ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। আইন অমান্য় আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত ৰায়ত সভাই ৫০ শতাংশ ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছিল। ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্ৰীয় সমিতি অধিৱেশন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্ৰিল তাৰিখে কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্ৱত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী কেইটামান বৰ্ষত প্ৰায় ৩০০০ খন ৰায়ত সভাৰ গঠন হয়। কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত ১৯৩৯ চনৰপৰা ৰায়ত সভাসমূহৰ কাম – কাজ নোহোৱা হৈ আহিছিল আৰু বিভিন্ন অঞ্চলৰ কংগ্ৰেছ সমিতিসমূহে ৰায়ত সভাসমূহ সামৰি লৈছিল।
৪। যােৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কার্যাৱলী সম্পর্কে লিখা ।
উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱা নেতৃত্ৱ যোৰহাট সাৰ্বজানিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল কজন্নাথ বৰুৱা। এই সভাৰ মূল উদ্দেশ্য়সমূহ আছিল-
(ক) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা।
(খ) চৰকাৰৰ উদ্দেশ্য় আৰু নীতি জনসাধাৰণক বুজোৱা আৰু
(গ) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।
যোৰহাট সাৰ্বজনিক সভাৰ কাৰ্যাৱলীঃ
(ক) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল।
(খ) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্য়ৱস্থা (Assam Land Revenue Regulation, 1886) বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰিছিল।
(গ) ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্ৱয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল।
(ঘ) এই সভাই ১৯০৫ চমৰ বংগ বিভাজনৰ বিৰুদ্ধে আৰম্ভণিতে বিৰোধিতা কৰিছিল যদিও তদানীন্তন অসমৰ মুখ্য় আয়ুক্ত ব্য়ামফিল্ড ফুলাৰে অসমৰ সৈতে পূৰ্ব বংগৰ চামিল কৰণৰ ফলত অসম উপকৃত হ’ব বুলি ব্য়ক্তি কৰাত ইয়াৰ বহুতো সদস্য়ই ধাৰণাটোৰ সমৰ্থন কৰিছিল। কিন্তু এই বুলি দাবী উত্থাপন কৰিলে যে নতুন প্ৰদেশখনত অসমীয়াৰ স্ৱাৰ্থ সুৰক্ষিত হ’ব লাগিব আৰু কিছু সংখ্য়ক চীকৰি অসমীয়া লোকৰ বাবে সংৰক্ষিত হ’ব লাগিব।
৫। আছাম এছচিয়েচনৰ ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা ।
উত্তৰঃ অসমৰ কথা সামগ্ৰিতভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ সনসাধাৰণ ইচ্ছা-আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্ৱত আছাম এছ’চিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশনত গৌৰীপুৰৰ ৰাজা প্ৰভাতচন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপ-সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল।১৯০০ চনৰ পৰা ১৯২০ চনলৈ এই সংগঠনে জনসাধাৰণৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়ায়। চৰকাৰৰ দৃষ্টিভংগী পৰৱৰ্তীনৰ বাবে ই শান্তিপূৰ্ণ আৰু সাংবিধানিক পদ্ধতি অৱলম্ৱন কৰিছিল। ইয়াৰ বহুতো সদস্য় আইন সভাৰো সদস্য় হোৱা বাবে তেওঁলোকে চৰকাৰক প্ৰভাৱিত কৰিব পাৰিছিল আৰু এনেদৰে অসমৰ আৰ্থ – সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি উন্নীতকৰণৰ বাবে এই সমগঠনে প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। আছাম এছ’চিয়েছনৰ কেইটামান পদক্ষেপ হ’ল-
(ক) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্য়ৰ বিৰোধিতা কৰিছিল।
(খ) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্য়ৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।
(গ) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল।
(ঘ) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।
(ঙ) কানিৰ বিক্ৰী আৰু ব্য়ৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা বলবৎ কৰাৰ দাবী উত্থাপন কৰিছিল।
(চ) ১৯০৫ চনত পূৰ্ব বংগৰ সৈতে অসমক সংলগ্ন কৰাৰ বিৰোধিতা কৰিছিল।
(ছ) ১৯১৯ চনৰ মণ্টেগো – ছেমছফ’ৰ্ড সমস্কাৰ সংস্কাৰ অসমত প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছিল।
(জ) অসমত বিশ্ৱবিদ্য়ালয় ত্থাপনৰ দাবী উত্থাপন কৰিছিল।
(ঝ) ৰাজ্য়খনত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ আহ্ৱান জনাইছিল।
৬। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পর্কে সংক্ষিপ্ত বিৱৰণ দিয়া ।
উত্তৰঃ ১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্য়ায়ৰ পাতনি মেলে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে অসমৰ বিভিন্ন অনুষ্ঠানৰপৰা প্ৰতিনিধিসকলে প্ৰথমৰেপৰা জাতীয় কংগ্ৰছৰ অধিৱেশনত অংশগ্ৰহণ কৰিছিল। এনেকুৱা এক সংগঠন আছিল আছাম এছ’চিয়েছন যিয়ে কংগ্ৰেছত চামিল হোৱাৰ পৰিকল্পনা কৰিছিল। অৱশ্য়ে জাতীয় কংগ্ৰেছৰ আৰ্হি- আদৰ্শই মধ্য়বিত্ত শ্ৰেণীৰ একাংশক যথেষ্ট আকৰ্ষিত কৰিছিল। অৱশেষত আছাম এছ’চিয়েছনক কংগ্ৰছ সংগঠনলৈ পৰিৱৰ্তন কৰাৰ উদ্দেশ্য়ে ১৯২১ চনৰ ১৮ এপ্ৰিলত ছবিলাল উপাধ্য়ায়ৰ পৌৰোহিত্য়ত যোৰহাটত অনুষ্ঠিত অধিৱেশনৰ পাছত সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, কৃষ্ণকান্ত ভট্টাচাৰ্য আৰু ছবিলাল উপাধ্য়ায়ৰ উদ্য়োগত অসম প্ৰদেশ কংগ্ৰছ কমিটি গঠন কৰা হয়। আছাম এছ’চিয়েছনৰ নেতাসকলে ইয়াৰ জৰিয়তে অসমীয়া ভাষা সুৰক্ষিত হ’ব বুলি বিবেচনা কৰিছিল। এনেদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন হৈছিল।১৯২১ চনৰ জুন মাহত গঠিত তদৰ্থ কমিটিৰ সভাপতি আছিল কুলধৰ চলিহা। অসম প্ৰদেশ কংগ্ৰছ কমিটিৰ উদ্য়োগত ১৯২১ চনত গান্ধীজীক অসমলৈ নিয়ন্ত্ৰণ কৰিছিল। ১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ ৪১ তম অধিৱেশন অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আয়োজন কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা মৌলানা তৈবুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰী আদিয়ে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ যথেষ্ট প্ৰয়াস কৰিছিল। কেবিনেট মিছনে অসম উত্তৰ পূৰ্বাঞ্চলক পূৰ্ব বংগৰ লগত সাঙুৰি গোট ‘ট’ৰ অন্তৰ্ভুক্ত কৰা পদক্ষেপক মুখ্য়মন্ত্ৰী গোপীনাথ বৰদলৈৰ নেতৃত্ৱত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিৰোধিতা কৰিছিল। গান্ধীৰ সমৰ্থন আৰু বৰদলৈৰ নেতৃত্ৱত হোৱা আন্দোলনৰ ফলত অসম ‘গ’ গোটত অন্তৰ্ভক্ত নহ’ল।
৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া ।
উত্তৰঃ অসমত স্ৱদেশী আন্দোলনৰ প্ৰভাৱ প্ৰধানকৈ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, তেজপুৰ, ডিব্ৰুগড় আদি ঠাইত পৰিলক্ষিত হৈছিল। কেশৰী অম্ৱিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত এটা বিপ্লৱী সংগঠন গঠন কৰিছিল। তেওঁলোকে অসমৰ লোকসকলক বিদেশী বস্তু বৰ্জন কৰিবলৈ আৰু থলুৱা সামগ্ৰী ব্য়ৱহাৰ কৰিবলৈ আহ্ৱান জনাইছিল। স্থানীয় উদ্য়োগসমূহৰ বিকাশ সাধন হোৱাৰ লগতে এড়ি, মুগা, পাট, খাদী বস্ত্ৰ আদি প্ৰস্তুতকৰণৰ লগত জড়িত কুটীৰ শিল্প বিকশিত হৈছিল।ছাত্ৰৰ এটা গোটে সপ্তাহত দুদিনকৈ জাহাজঘাটত কুলীৰ কাম কৰি যি ধন উপাৰ্জন কৰিছিল সেয়া স্ৱদেশী আন্দোলনৰ পুঁজিলৈ আগবঢ়াইছিল।ক্ষুদিৰাম বসু, উল্লাস কৰ দত্ত আৰু বাৰীন্দ্ৰ ঘোষৰ লগত যোগাযোগ স্থাপনেৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠন গঠন কৰা হয়। স্ৱদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্ৰিটিছ চৰকাৰে কিছুমান ব্য়ৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰে কেইটামান হ’লঃ
(ক) কটন কলেজক উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা।
(খ) ব্ৰহ্মপুত্ৰ উপত্য়কাত মৌজাদাৰী ব্য়ৱস্থা পুনৰ প্ৰয়োগ কৰা।
(গ) অসমীয়া ভাষা – সাহিত্য় কলিকতা বিশ্ৱবিদ্য়ালয়ৰ এণ্টেঞ্চ পৰীক্ষাৰ পাঠ্য়ক্ৰমত অন্তৰ্ভক্ত কৰা।
(ঘ) মাটিত কুৰিদফীয়া বন্দোৱস্তিৰ প্ৰৱৰ্তন কৰা ইত্য়াদি।
লক্ষ্য়ণীয় বিষয়টো এয়ে যে স্ৱদেশী আন্দোলনৰ সুৰম ভেলী এছ’চিয়েছনৰ নেতৃত্ৱত উপত্য়কাত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ ফলস্ৱৰূপে শ্ৰীহট্ট, হবিগঞ্জ, শ্ৰীমংগল, লখাই, বনিয়াচংগ, কৰিমগঞ্জ, শিলচৰ আদি ঠাইত বহুতো জাতীয় বিদ্য়ালয় স্থাপন কৰা হৈছিল।
৮। অসহযােগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ ভাৰতৰ স্ৱাধীনতা সমগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্ৱপূৰ্ণ অধ্য়ায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ৱত এই আন্দোলন ১৯২০ চনৰপৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল লেতৃত্ৱত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছৰ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ কৰিছিল। গান্ধীজীয়ে ভাৰতৰ সকলো লোককে যেতিয়া অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্ৱান জনাইছিল তেতিয়া আছাম এছ’চিয়েছনে আন্দোলনত অংশগ্ৰহণ কৰাৰ সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰা নাছিল। তথাপি, সংগঠনটোৰ সংখ্য়াগৰিষ্ঠ সদস্য়ই জাতীয় আন্দোলনত সংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। ১৯২০ চনৰ ডিচেম্ৱৰ মহাত তেজপুৰত অনুষ্ঠিত আছাম এছ’চিয়েছনৰ ১৭ তম অধিৱেশনত মহাত্মা গান্দীৰ নেতৃত্ৱত আৰম্ভ হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলস্ৱৰূপে ১৯২১ চনৰ জুন মাহত আছাম এছ’চিয়েছন অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কৰিছিল।
১৯২১ চনত মহাত্মা গান্ধীয়ে অসমত পদাৰ্পণ কৰাৰ পাছত অসহযোগ আন্দোলনৰ গতি তীব্ৰতৰ হৈছিল। আৰু হাজাৰ হাজাৰ লোকে তেওঁৰ সভাত অংশগ্ৰহণ কৰিছিল। অসহযোগ আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱা অন্য় এটা গোট আছিল চাহ বাগিছাৰ শ্ৰমিকসকল। এই সময়ছোৱত চাহ বাগিছাৰ এলেকাত এলানি ধৰ্মঘট আৰু বিক্ষোভৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ১৯২১ চনত কৰিমগঞ্জ মহকুমাৰ প্ৰায় ৮০০০ হেজাৰ চাহ শ্ৰমিকে কংগ্ৰেছৰ নেতৃত্ৱত ওপনিৱেশিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰিছিল। তেওঁলোকে মজুৰি বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছিল।অৱশ্য়, চৰকাৰে কঠোৰভাৱে এই বিক্ষোভ দমন কৰিছিল।
অসহযোগ আন্দোলনৰ এটা ইতিবাচক প্ৰভাৱ এয়ে যে ইয়াৰ ফলত গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আৰু মৌলবী বজাৰকে ধৰি অসমৰ ভিন্ন ঠাইত জাতীয় শিক্ষানুষ্ঠান স্থাপিত হৈছিল। অসমত স্থাপিত প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান আছিল ১৯২১চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত স্থাপিত তিলক সোঁৱৰণী স্কুল।এই আন্দোলনৰ অন্য় এটা ইতিবাচক প্ৰভাৱ এয়ে যে ইয়াৰ ফলত কানিৰ ব্য়ৱহাৰ হ্ৰাস পাইছিল। পূৰ্বতে অসম ৰাজ্য়ত বিস্তৃতভাৱে কানিৰ ব্য়ৱহাৰ হৈছিল। কানি বিক্ৰীৰ জৰিয়তে আয় হোৱা ৰাজহ ১৯ লাখ টকা পৰ্যন্ত হ্ৰাস পাইছিল। তদুপৰি, এই আন্দোলনৰ ফলতে মানুহে খাদীৰ ব্য়ৱহাৰ কৰা লগতে ইয়াৰ উৎপাদন বৃদ্ধি পাইছিল।
৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯৩০ চনত আইন অমান্য় আন্দোলন আৰম্ভন কৰিছিল। গান্ধীয়ে লোণ সত্য়াগ্ৰহৰ সমৰ্থনত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লা, বিষ্ণৰাম, মেধি, অম্ৱিকাগিৰী ৰায়চৌধুৰী আদি কংগ্ৰেছ নেতাসকলে গুৱাটীৰ জজ খেলপথাৰত একত্ৰিত হৈছিল আৰু গান্ধীৰ লোণ সত্য়াগ্ৰহৰ প্ৰতি নিজৰ আনুগত্য় প্ৰদৰ্শন কৰিছিল। সেই সময়ত কলিকতাৰ চি টি কলেজত পটি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। বিষ্ণুৰাম মেধি, মহম্মদ তৈবুল্লা আৰু অম্বিকাগিৰী ৰায়চৌধুৰায়ে কংগ্ৰেছৰ সাংগঠনিক কাৰ্যত নেতৃত্ৱ প্ৰদানেৰে দলটোত নতুন জীৱন সঞ্চাৰ কৰিছিল।তেওঁলোকৰ নেতৃত্ৱত আইন অমান্য় আন্দোলন অসমত গণ আন্দোলনত পৰিণতি হৈছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতোনতুন সমিতি আৰু উপ- সমিতি গঠন কৰা হৈছিল। নতুনকৈ গঠিত এই সমিতিসমূহৰ উদ্দেশ্য় আছিল পুঁজি বৃদ্ধি কৰা, শোষণ আৰু দমনমূলক আইন অধ্য়াদেশৰ বিৰোধ কৰা, বিদেশী বস্তু বৰ্জন কৰা আৰু কানি আৰু সুৰাৰ ব্য়ৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা।অৱশ্য়ে দুটা ঘটনাই তেওঁলোকক জাতীয় আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। তাৰে এটা ব্ৰিটিছ চৰকাৰৰ দ্ৱাৰা পণ্ডিত জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীৰ গেপ্তাৰ। তেওঁলোকৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৃহৎসংখ্য়ক ছাত্ৰই প্ৰতিবাদ সাব্য়স্ত কৰিছিল। তেওঁলোকক বিধিবহিৰ্ভূতভাৱে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে হাজাৰ হাজাৰ ছাত্ৰই শ্ৰেণী বৰ্জন কৰিছিল। ইতিমধ্য়ে, অসম ছাত্ৰ সন্মুলনে আইন অমান্য় আন্দোলনৰ অংশ হিচাপে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জনৰ সিদ্ধান্ত লৈছিল।১৯৩০ চনত জুলাই আৰু আগষ্ট মাহত ১৫,১৮৬ মুঠ ছাত্ৰৰ প্ৰায় ৩১১৭ জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল। ইয়াৰ পিছতেই কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰা হৈছিল। ৫০ শতাংশ মাটিৰ খজানা হ্ৰাসৰ দাবীৰে খেতিয়কসকলো আন্দোলনত জড়িত হৈ পৰিছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল। ছাত্ৰসকলৰ এই আন্দোলন সুৰমা উপত্য়কালৈও প্ৰসাৰিত হৈছিল।
১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ ১৯৪২ চনত ৮ আগষ্টত মুম্ৱাইত গান্ধীয়ে ভাৰত ত্য়াগ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলন সময়ছোৱাত গান্ধীজীয়ে তেওঁৰ শক্তিশালী ‘কৰিম কিম্ৱা মৰিম’শ্লোগানেৰে জনতাক আন্দোলনলৈ আহ্ৱান জনাইছিল। জাতীয় আন্দোলনৰ অনুৰণন অসমতো হৈছিল।
ভাৰতৰ অন্য়ান্য় অংশৰ দৰে অসমৰ কংগ্ৰেছ নেতাসকলেও ৰাজ্য়খনত ভাৰত ত্য়াগ আন্দোলন সংগঠিত কৰিছিল। অৱশ্য়ে অতি সোনকালে অধিকাংশ নেতাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰা হয়। বৃহৎ জনসমাৱেশ, হৰতাল, প্ৰতিবাদী শোভাযাত্ৰা আদিৰ ৰূপত চৰকাৰ বিৰোধী যিকোনো বিক্ষোভ প্ৰদৰ্শনৰ পদক্ষেপ নিষিদ্ধ কৰা হয়।
অৱশ্য়ে, কিছু সময় অতিবাহিত হোৱাৰ পাছত আন্দোলনটো সামান্য়ভাৱে উগ্ৰ হয়। জনসাধাৰণে চৰকাৰী ভৱন ধ্বংস কৰাৰ লগতে ৰে’লপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ সৰবৰাহৰ বাট-পথসমূহৰ ক্ষতি সাধন কৰিছিল। এনে উগ্ৰ বিক্ষোভৰ ঘটনা নগাঁও আৰু দৰং জিলাত সংঘটিত হৈছিল। চৰকাৰে এই বিদ্ৰোহ কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিছিল। শ শ মানুহক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা হয়। বৰপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচী দিয়া হয়।তেওঁ ভাৰত ত্য়াগ আন্দোলনৰ সময়ছোৱাত মৃত্য়ুদণ্ডৰে দণ্ডিত হোৱা একমাত্ৰ ভাৰতীয়। আন্দোলনৰ প্ৰধান নেতাসকল কাৰাগাৰত থকাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ আত্মগোপনকাৰী নেতাই অসমত আন্দোলন পৰিচালনা কৰিছিল। শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰ নাথ হাজৰিকা, জ্য়োতিপ্ৰসাদ আগৰৱালা, গহন চন্দ্ৰ গোস্ৱামী, লক্ষ্মীপ্ৰসাদ গোস্ৱামী, ব্ৰজনাথ শৰ্মা আদিয়ে আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ৱ বহনেৰে এই আন্দোলনৰ গুৰুত্ৱপূৰ্ণ ভূমিকা পালন কৰিছিল। কেৱল বজালী অঞ্চলতে ৩২টা গোপন স্ৱেচ্ছাসেৱী কেন্দ্ৰ স্থাপন কৰা হয়।
এই আন্দোলনৰ এটা মক্ষ্য়ণীয় দিশ এয়ে যে এই আন্দোলন সময়ছোৱাত গাঁতবাসী যথেষ্ঠ সক্ৰিয় হৈ পৰিছিল। বহুতো গাঁৱত ৰাজহ বিৰোধী পদক্ষেপ তীব্ৰতৰ হৈছিল। অন্য়াৰ্থত ব্ৰিটিছৰ বিৰুদ্ধে বিস্তৃতভাৱে চেতনাৰ উন্মেষণ হৈছিল। এইক্ষেত্ৰত সন্দেহ নাই যে যদিও ভাৰত ত্য়াগ আন্দোলন কঠোৰভাৱে দমন কৰা হৈছিল তথাপি এই আন্দোলনে আমাৰ দেশৰ স্ৱাধীনতা অৰ্জনৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিছিল।
১১। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হােৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া ।
উত্তৰঃ বৰদলৈ মন্ত্ৰীসভাত নেতৃত্ৱত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহ হৈছেঃ
(ক) অসম কৃষি বিশ্ৱবিদ্য়ালয়ঃ ১৯৪৮ চনত যোৰহাটত অসম কৃষি মহাবিদ্য়ালয় স্থাপন হয় আৰু নগাঁৱত অসম পশু মহাবিদ্য়ালয় স্থাপন হয়। যদিও এই বিশ্ৱবিদ্য়ালয়খন বৰদলৈ মন্ত্ৰীসভাৰ কাৰ্যকালত প্ৰতিষ্ঠা কৰা হোৱা নাছিল তথাপি এনে বিশ্ৱবিদ্য়ালয় প্ৰতিষ্ঠাৰ প্ৰাৰম্ভিক পদক্ষেপ বৰদলৈ মন্ত্ৰীসভাৰ সময়ছোৱাতে গ্ৰহণ কৰা হৈছিল।
(খ) অসম চিকিৎসা মহাবিদ্য়ালয়ঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চিভিল চাৰ্জন ডাঃ জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ১৯০০ চনত ডিব্ৰুগড়ত স্থাপন হোৱা বেৰী হোৱাইট মেডিকেল স্কুলৰ উন্নীতকৰণ হৈ অসম চিকিৎসা মহাবিদ্য়ালয়ৰ প্ৰতিষ্ঠা হয়। এই নতুন চিকিৎসা মহাবিদ্য়ালয়খনক অসম চিকিৎসা মহাবিদ্য়ালয় হিচাপে নামকৰণ কৰা হয়। অসমৰ সাধাৰণ জনগণক স্ৱাস্থ্য়সেৱা প্ৰদানৰ দিশটোৰ প্ৰতি লক্ষ্য় ৰাখি ১৯৪৭ চনৰ ৩ নৱেম্ৱৰত ইয়াক আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।
(গ) গুৱাহাটী বিশ্ৱবিদ্য়ালয়ঃ ১৯৪৮ চনৰ জানুৱাৰীত গুৱাহটী বিশ্ৱবিদ্য়ালয় স্থাপন কৰা হৈছিল। এই বিশ্ৱবিদ্য়ালয়খন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ৱবিদ্য়ালয়। ১৯১৭ চনত ছেডলাৰ আয়োগে অসমত বিশ্ৱবিদ্য়ালয় স্থাপনৰ সন্দৰ্ভত পোন প্ৰথমে অভিমত প্ৰকাশ কৰিছিল। ফলস্ৱৰূপে অসম চৰকাৰৰ গুৱাহাটী বিশ্ৱবিদ্য়ালয় আইন ১৯৪৭ৰ অধীনত ১৯৪৮চনত এইখন বিশ্ৱবিদ্য়ালয় স্থাপন কৰা হয়। ইয়াৰ আনুষ্ঠানিক প্ৰতিষ্ঠাৰ সময়ত ইয়াৰ অধীনত ১৭ খন মহাবিদ্য়ালয় আৰু আঠটা স্নাতকোত্তৰ বিভাগ আছিল। সহানগৰীৰ কেন্দ্ৰপৰা কাৰ্যক্ৰম আৰম্ভ কৰা বিশ্ৱবিদ্য়ালয়খন ১৯৫৫-৫৬ চনত বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত হয়। বৰ্তমান বিশ্ৱবিদ্য়ালয় চৌহদ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত।
Answer by Chumi Das