অসম ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। ব্রিটিছ শাসন প্রতিষ্ঠা হােৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল ?
উত্তৰঃ ১৮২৬ চনত অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত দ্ৰব্য়ৰ পৰিবৰ্তে মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্য়ৱস্থা প্ৰৱৰ্তন কৰা হয়। ব্ৰিটিছসকলে সকলো ধৰণৰ ৰাজহ মুদ্ৰাৰ মাধ্য়মেৰে সংগ্ৰহ কৰাৰ ব্য়ৱস্থা কৰে।
২। কোন চনত মফট মিলচ অসমলৈ আহিছিল ?
উত্তৰঃ ১৮৫৩ চনত।
৩। কেঞাসকল কোন আছিল ?
উত্তৰঃকেঞাসকল হৈছে বহিৰাগত মাৰোৱাৰি সম্প্ৰাদায় লোক যিয়ে অসমীয়া প্ৰজাক সুতৰ বিনিময়ত ধন ধাৰলৈ দি জীৱিকা নিৰ্বাহ কৰিছিল।
৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰঃ মণিৰাম দেৱান।
৫ । ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহােম ৰাজকোঁৱৰক পুনৰাই আহােম সিংহাসনত বহুৱাব খুজিছিল ?
উত্তৰঃ আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্ৱৰ সিংহক।
৬। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল ?
উত্তৰঃমধু মল্লিক।
৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল ? .
উত্তৰঃ পিয়লি বৰুৱা।
৮ | কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?
উত্তৰঃ কেপ্টেইন হলৰইড।
৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতা দুটা কাৰ উল্লেখ হৈছে–
(ক) বিদ্ৰোহৰ সংখ্য়া অতি কম আছিল, কেৱল যোৰহাট আৰু শিৱসাগৰতেই এওঁলোকৰ গতিবিধি সীমিত আছিল। দেৱানে নগাওঁ, কামৰূপ আৰু গুৱাহাটীত সমৰ্থন আদায় কৰিব পৰা নাছিল।
(খ) বিদ্ৰোহৰ মুখ্য় সংগঠক মণিৰাম দেৱানে বিদ্ৰোহস্থলীৰ পৰা বহু দূৰত অৱস্থান কৰিছিল। তেওঁ কলিকতাত থাকি পত্ৰৰ জৰিয়তে বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল যিটো অপ্ৰয়োগিক বুলি প্ৰমাণিত হয়। তেওঁ নিকটৱতী স্থানৰ পৰা বিদ্ৰোহ পৰিচালিত কৰাৰ প্ৰয়োজন আছিল।
১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।
১১। ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা ।
উত্তৰঃ ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুটা কাৰণ হ’ল—
(ক) বানপানী, অনাৱৃষ্টি আদি প্ৰাকৃতিক দুযোৰ্গ।
(খ) ব্ৰিটিছ চৰকাৰে আৰোপ কৰা অত্য়াধিক কৰ।
১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল ?
উত্তৰঃ ১৮৬১ চনৰ ফুলগুৰি ধাৱাৰ সময়ত লেফটেলেণ্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল।
১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৮৬১ চনত।
১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ১৮৯৩ চনত।
১৫। লচিমা ক’ত অৱস্থিত ?
উত্তৰঃ অসমৰ উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত।
১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৮৯৪ চনত।
১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল ?
উত্তৰঃ১৮৯৪ চনত।
১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰঃ ওকিয়াং নংবাহ।
১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰঃ সম্ৱোধন ফংলুচা।
২০। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ?
উত্তৰঃ ব্ৰিটিছসকলে ।
২১। জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল ?
উত্তৰঃ ১৮৯১ চনত।
দীঘল উত্তৰৰ প্রশ্নঃ
১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে চমুকৈ আলােচনা কৰা ।
উত্তৰঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ কাৰণ সম্পৰ্কে চমুকৈ তলত আলোচনা কৰা হ’ল–
(ক) ক্ৰটিপূৰ্ণ ভূমি ৰাজহ ব্য়ৱস্থাঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহ সূত্ৰপাত হোৱাৰ প্ৰথমটো গুৰুত্ৱপূৰ্ণ কাৰক হৈছে নতুন ৰাজহ ব্য়ৱস্থাৰ প্ৰৱৰ্তন।এই ব্য়ৱস্থাই অসমীয়া কৃষক সমাজৰ ওপৰত বাৰুকৈয়ে কুপ্ৰভাৱ পেলাইছিল। ব্ৰিটিছলকলে কৰ সংগ্ৰহৰ ওপৰতহে গুৰুত্ৱ আৰোপ কৰিছিল। মাথাউৰি নিৰ্মাণ আৰু জলসিঞ্চনৰ ব্য়ৱস্থা আদিৰে কৃষি উৎপাদন বৃদ্ধিত গুৰুত্ৱ দিয়া নাছিল। অসনীয়া প্ৰজাই সুদখোৰ মহাজন শ্ৰেণীৰ পৰা টকা ধাৰলৈ লৈ ৰাজহ পৰিশোধ কৰিবলগীয়া হৈছিল।
(খ) নিয়োগৰ অভাৱঃ অসমীয়া সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকল আধুনিক শিক্ষাৰে শিক্ষিত লোহোৱাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনত নিযুক্তি হ’ব পৰা নাছিল। ব্ৰিটিছসকলে বংগদেশৰ পৰা অনা বঙালী বাবুসকলে কোম্পানীৰ প্ৰশাসনত নিযুক্তি হৈছিল।
(গ) চাহ বাগিছাসমূহক ভূমি ৰাজহৰ পৰা ৰেহাইঃ ব্ৰিটিছসকলে উজনি অসমত স্থাপন কৰা চাহ বাগিছাৰ অন্তৰ্ভুক্ত ভূমিৰ ৰাজহ ৰেহাই দিছিল। অতিৰিক্ত কৰৰ বোজা সাধাৰণ কৃষকে বহন কৰিব লাগিছিল।
(ঘ)মহামাৰীৰ বিস্তাৰঃ উজনি অসমত কলেৰা আৰু বসন্তই সৃষ্টি কৰা মহামাৰীয়ে ১৮৯৩, ১৮৫২ চনত বহুতখিনি গাওঁ ধ্বংস কৰিছিল। কানো ধৰণৰ সহায় আৰু কৰ ৰেহাই প্ৰদান নকৰাত সাধাৰণ লোকসকল বিতষ্টু হৈ পৰিছিল।
(ঙ) পূৰ্বৱতী বিৰোদ্ৰোহঃ ব্ৰিটিছসকলে অসম অধিকাৰ কৰাৰ পাছত আহোম ৰাজতন্ত্ৰ পুনৰায় প্ৰতিষ্ঠা কৰিবলৈ কেইবাটাও বিদ্ৰোহ সংঘটিত হৈছিল ১৮২৮, ১৮২৯ আৰু ১৮৩০ চনৰ বিদ্ৰোহ এনে বিদ্ৰোহৰ ভিতৰত পৰে । ১৮৫৭ চনৰ বিদ্ৰোহক এই বিদ্ৰোহ বিলাকৰ পৰৱৰ্তী পৰ্যায়ৰ বিদ্ৰোহ হিচাপে বিবেচনা কৰা হয়।
(চ) দাস প্ৰথাৰ বিলুপ্তিঃ ১৮৪৩ চনত হোৱা দাস প্ৰথাৰ বিলোপ সাধনক অভিজাত শ্ৰেণীটোৱে সহজভাৱে লোৱা নাছিল কিয়নো ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো ধৰণৰ কায়িক শ্ৰম তেওঁলোকে নিজে কৰিবলগীয়া হৈছল। মুক্ত হোৱা লগুৱা-লিকছৌ বিলাক চাহ বাগিছাত নিযুক্তি হৈছিল যদিও তেওঁলোকৰ কল্য়াণৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰা নাছিল।
(ছ) লাখেৰাজ ভূমিৰ ওপৰত কৰ নিৰ্ধাৰণঃ ব্ৰাহ্মণ পুৰোহিত সকলে পূৰ্বৰে পৰা ভোগ- দখল কৰি অহা লাখেৰাজ বা নিস্কৰ ভূমিসমূহৰ অতিৰিক্তখিনি কাঢ়ি লৈ অৱশিষ্টভাগৰ ওপৰত খাজনা আৰোপ কৰাত তেওঁলোক ইংৰাজ শাসনৰ বিৰোধী হৈ পৰিছিল।
(জ) কুটীৰ শিল্পৰ অৱনতিঃ ব্ৰিটিছসকলে বিদেশী বস্ত্ৰ আমদানি কৰাৰ নীতি গ্ৰহণ কৰাৰ ফলত পাট – মুগা শল্পৰ লগত জড়িত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল। ২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ মণিৰাম দেৱানে অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ নেতৃত্ৱ দিছিল। মণিৰাম দেৱানে তেওঁৰ কৰ্মজীৱনৰ প্ৰথম ভাগত অসমত ব্ৰিটিছ চৰকাৰৰ অধীনৰ সেৱাত নিযুক্তি আছিল। কিন্তু ব্ৰিট্ৰিছৰ নীতিৰ ফলত তেওঁ ক্ষমতা আৰু মৰ্যদা হেৰুৱাই সাধাৰণ প্ৰজা হিচাপে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল। আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা হ’লে হেৰুওৱা মৰ্যাদা ঘূৰাই পোৱাৰ আশাত তেওঁ ১৮৫৩ চনত কলিকতা উচ্চ ন্য়ায়ালয়ত মুখ্য় ন্য়ায়াধীশ মফট মিলচৰ হাৰত এখন আৱেদন দাখিল কৰে যদিও তেওঁৰ প্ৰতি কোনো সহানুভূতি প্ৰদৰ্শন কৰা নাছিল। আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্ৱৰ সিংহ হাতত অসমৰ শাসনভাৰ অৰ্পণ কৰাৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষক সৈমানে কৰিবলৈ ১৮৫৭ চনৰ প্ৰথম ভাগত তেওঁ কলিকতালৈ গৈছিল, কিন্তু তেওঁ বংগদেশৰ গৱৰ্ণৰ জেনেৰেলক লগ কৰাৰ কোনো সুযোগ নাপালে। অসমত আহোম শাসন পুনঃপ্ৰতিষ্ঠাৰ লক্ষ্য়ত উপনীত হোৱাৰ উদ্দেশ্য়ে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ সুযোগ হিচাপে তেওঁ এই ঘটনাত দৃষ্টিপাত কৰিছিল।
কলিকতাত নণিৰাম দেৱানে মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰৰ সৈতে মিলিত হৈ ব্ৰিটিছসকলক অসমৰ পৰা উৎখাত কৰাৰ ষড়যন্ত ৰচনা কৰে। মণিৰাম দেৱানে কলিকতাৰ পৰা কন্দৰ্পেশ্ৱৰ সিংহ আৰু অন্য়ান্য় বিশ্ৱাসী লোকক পৰ্তযোগ বিদ্ৰোহলৈ সাজু হ’বলৈ আহ্ৱান জনোৱাৰ লগতে ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্য়সকলৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আহ্ৱান জনায়। আঁচনি অনুসৰি কন্দৰ্পশ্ৱৰ সিংহ অসমৰ ৰজা হিচাপে অধিস্থিত হ’ব আৰু মণিৰাম দেৱান প্ৰধানমন্ত্ৰী হ’ব। বিদ্ৰোহ সংগঠনত তেওঁ পালন কৰা ভূমিকাৰ বাবে তেওঁক কলিকতাত গ্ৰেপ্তাৰ কৰি বিচাৰৰ সন্মুখীন হ’বলৈ অসমলৈ অনা হয়। ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্য়স্ত কৰি তেওঁক আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত ৰাজহুৱাকৈ ফাঁচী দিয়া হয়।
৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যর্থ হৈছিল আলােচনা কৰা ।
উত্তৰঃ কি কি কাৰনত অসমত ১৮৫৭ – ৫৮ চনৰ বিদ্ৰোহ ব্য়ৰ্থ হৈছিল তাৰ বিষয়ে তলত আলোচনা কৰা হ’ল—-
(ক) নেতৃত্ৱ অভাৱঃ বিদ্ৰোহৰ প্ৰধান সংগঠক মণিৰাম দেৱানে সুদূৰ কলিকতাৰ পৰা পত্ৰৰ জৰিয়তে বিদ্ৰোহ পৰিচালনা কৰাৰ চেষ্টা কৰিছিল, যিটো বাস্তৱসন্মত নাছিল। মণিৰাম দেৱান ভাল প্ৰশাসক আছিল যদিও বিদ্ৰোহৰ নেতৃত্ৱৰ বাবে আৱশ্য়কীয় অৰ্হতা নাছিল।
(খ) অস্ত্ৰ- শস্ত্ৰৰ অভাৱঃ মণিৰাম দেৱানে অসমলৈ অস্ত্ৰ- শস্ত্ৰ অনাৰ কথা আছিল। তেতিয়ালৈকে, বিদ্ৰোহীসকলে অস্ত্ৰ- শস্ত্ৰ প্ৰত্য়ক্ষ কৰা নাছিল।
(গ) আঁচনি কাৰ্যকৰী কৰাত বিলম্ৱঃ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছতো বিদ্ৰোহীসকলে বিদ্ৰোহ কাৰ্যকৰী কৰাত পলম কৰিছিল। ফলস্ৱৰূপে, ব্ৰিচিছসকলে প্ৰতিৰোধী ব্য়ৱস্থা গ্ৰহণেৰে বিদ্ৰোহ দমন কৰিবলৈ যথেষ্ট সময় পাইছিল।
(ঘ) গোপনীয়তাৰ অভাৱঃ মণিৰাম দেৱানে কলিকতাৰ পৰা তেওঁৰ সহযোগীসকললৈ লিখা পত্ৰ ব্ৰিটিছসকলে হস্তগত কৰাৰ পৰিণতিত সমগ্ৰ অভিসন্ধি ৰাজহুৱা হয়। ফলস্ৱৰূপে, বিদ্ৰোহ আৰম্ভ কৰাৰ পূৰ্বেই ইয়াক দমন কৰা হৈছিল।
(ঙ) বিদ্ৰোহীৰ সংখ্য়া অতি তাকৰীয়া আছিলঃ মণিৰাম দেৱানৰ সমৰ্থক কেৱল যোৰহাট আৰু শিৱসাগৰতহে আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত তেওঁ সমৰ্থন আদায় কৰিব পৰা নাছিল।
(চ) চিপাহীসকলৰ সমৰ্থনৰ অভাৱঃ ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ প্ৰধান চালিকা শক্তি আছিল চিপাহীসকল যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংঘবদ্ধভাৱে বিদ্ৰোহৰ সূচনা কৰিছিল। ইয়াৰ বিপৰীতে অসমত মুখ্য়তঃ কেইগৰাকীমান ক্ষুণ্ণ ডা-ডাঙৰায়াই বিদ্ৰোহৰ পদক্ষেপ লৈছিল যিয়ে স্থানীয় সৈলিক গোটৰ সমৰ্থন আদায় কৰিব পৰা নাছিল।
(ছ) জন সমৰ্থনৰ অভাৱঃ অসমৰ নতুন মধ্য়বিত্ত শ্ৰেণীৰ লোকসকলে বিদ্ৰোহৰ প্ৰতি সহানু ভূতি প্ৰদৰ্শন কৰা নাছিল। আহোম ৰাজতন্ত্ৰৰ অধীনৰ জীৱন ধাৰাতকৈ তেওঁলোক ৰঙালী মধ্য়বিত্ত শ্ৰেণীৰ জীৱন ধাৰাৰ প্ৰতিহে আকৰ্ষিত হৈছিল। মণিৰাম দেৱান আৰু দেওঁৰ সহযোগীসকলে বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোকক জড়িত কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল।
৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ৱ সম্পৰিকে তলত উল্লেখ কৰা হ’লঃ—
(ক) অনুপ্ৰেৰণাৰ উৎসঃ মহাত্মা গান্ধীৰ নেতৃত্ৱত উত্থান হোৱা জাতীয় আন্দোলনত সক্ৰিয়ভাৱে কৰিবলৈ বিফল বিদ্ৰোহটোৱে শ শ স্ৱাধীনতাপ্ৰিয় জনতাক অনুপ্ৰাণিত কৰিছিল।
(খ) হিন্দু-মুছলমানৰ মাজত একতা স্থাপনঃ হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ বিশিষ্ট ব্য়ক্তিসকলে বিদ্ৰোহৰ মুখ্য় সংগঠকৰ ভূমিকা পালন কৰিছিল। এই একতাই জাতীয়তাবাদৰ উদ্য়ম বৃদ্ধি কৰাৰ লগতে ৰাজ্য়ত সাম্প্ৰদায়িক সম্প্ৰীতিৰ সূচনা কৰে।
(গ) অসম জাতীয় আন্দোলনৰ অংশত পৰিণত হয়ঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ অসমৰ অংশগ্ৰহণৰ ঘটনাটো হৈছে প্ৰথমটো ঘটনা য’ত দেশৰ পৰা ব্ৰিটিছক বিতাড়িত কৰিবলৈ ভাৰতৰ অৱশিষ্ট অংশৰ সৈতে অসমৰ জনসাধাৰণে যোগাদান কৰিছিল আৰু এনেদৰে জাতীয় স্ৱাধীনতা আন্দোলনৰ অংশ হৈ পৰিছিল।
(ঘ) আদৰ্শগত উদাহৰণঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছত ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ ৰাজ্য়ৰ বিভিন্ন অংশত বহুতো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। আৰু অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহলমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰতিক্ৰিয়া বুলি বহুতো ইতিহাসবিদে বিবেচনা কৰে।
৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখ ।
উত্তৰঃ অসমত কেইবাবছৰ ধৰি চলা এলানি কৃষক বিদ্ৰোহৰ প্ৰথমটো বিদ্ৰোহেই হৈছে ১৮৬১ চনৰ ফুলগুৰিৰ ধাৱা। চৰকাৰৰ দ্ৱাৰা আফু খেতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ আৰু তামোল-পাণৰ ওপৰত কৰ আৰোপ কৰাটোৱেই হৈছে ফুলগুৰি ধাৱাৰ প্ৰধান কাৰণ। আফু খেতিৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা নগাঁও জিলাৰ ফুলগুৰি গাঁৱত বসবাস কৰা তিৱা জনজাতিৰ লোকসকল চৰকাৰৰ নিষেধাজ্ঞাৰ ফলত অতিশয় অসন্তুষ্ট হৈ পৰে।
চৰকাৰী নিৰ্দেশনাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিবলৈ অঞ্চলটোৰ ১৫০০ জন কৃযকে ১৮৬১ চনৰ ১৭ চেপ্টেম্ৱৰত ৰাইজ মেল অনুষ্ঠিত কৰে য’ত আফু খেতি বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰা হয়। আফু খেতিৰ ওপৰত নিষেধাজ্ঞা প্ৰত্য়াহাৰ আৰু তামোল- পাণৰ ওপৰত কৰাৰোপণ প্ৰত্য়াহাৰৰ অনুৰোধ জনাই উপায়ক্ত হাৰ্বাট স্কান্সৰ হাতত এখন আৱেদল পত্ৰ দাখিল কৰে। তেওঁ তেওঁলোকক দুৰ্ব্য়ৱহাৰ কৰাত ১৮৬১ চনৰ ১৫ অক্টোবৰত ফুলগুৰিত লাঠিৰে সজ্জিত কৃষকসকলে অন্য় এক ৰাইজমেল অনুষ্ঠিত কৰে। ১৮ অক্টোবৰত এই মেলত প্ৰাই ৪০০০ কৃষক ৰাইজ সমৱেত হয়।
আৰু লাঠিৰ বাবে টনা – আজোৰা চলি থাকোতে সমবেত ৰাইজৰ উপৰ্যুপৰি লাঠিৰ আঘাতত তেওঁৰ ঘটনাস্থলীতে মৃত্য়ু বয়। তেওঁৰ মৃতদেহটো প্ৰতিবাদকাৰী কৃষকসকলে কলং নদীত নিক্ষেপ কৰে। এই ঘটনাটোৱেই আছিল ফুলগুৰি ধাৱা।
ফুলগুৰি ধাৱাৰ গুৰুত্ৱ এয়ে যে ইয়াত প্ৰকৃত গণ আন্দোলনৰ বৈশিষ্ট্য় অন্তৰ্নিহিত্ৱ আছিল কিয়নো ইয়াত বিভিন্ন জনগোষ্ঠীৰলোক লোক, শিক্ষত মধ্য়বিত্ত শ্ৰেণীৰ লোক, ব্য়ৱসায়ী আৰু মৌজাদাৰে স্ৱতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। আটাইতকৌ গুৰুত্ৱপূৰ্ণ কথাটো এয়ে যে এই ঘটনাই অসমৰ অন্য়ান্য় প্ৰান্তৰ কৃষকসকলকো ব্ৰিটিছৰ দমন আৰু শোষণ বিৰুদ্ধে সগঠিত হ’ বলৈ অনুপ্ৰাণিত কৰিছিল।
৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হােৱা কৃষক বিদ্রোহ সম্পর্কে আলােচনা ।
উত্তৰঃ ব্ৰিচিছ ছৰকাৰৰ অৱদমনকাৰী নীতিৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ সংগঠিত হোৱাৰ পদক্ষেপ অব্য়াত থাকিল। ব্ৰিটিছসকলে ফুলগুৰিৰ বিদ্ৰোহৰ পৰৱৰ্তী পৰ্যায়তো ১৮৯২ চনত ১০০ শতাংশ খাজানা বৃদ্ধি কৰে আৰু কঠোৰভাৱে সংগ্ৰহ কৰাৰ ব্য়ৱস্থা গ্ৰহণ কৰে। বজালী অঞ্চলৰ ৰাইজমেলত আৰু পানাগাঁৱৰ চাপৰিত অনুষিটিত ৰাইজমেলত উত্তৰ কামৰূপৰ লচিমা, চৌখুটী, পানাগাওঁ, সৰ্থেবাৰী, পাটাছাৰকুছি, ৰঙিয়া, নলবাৰী, ধৰ্মপুৰ, বজালী আদিৰ কৃষকসকলে অংশগ্ৰহণ কৰিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীত খাজানা সংগ্ৰহ কৰিবলৈ যাওঁতে মৌজাদাৰ আৰু মণ্ডলক ৰাইজে মাৰপিত কৰে আৰু ইয়াৰ ফলস্ৱৰূপে মৌজাদাৰজনক মৃত্য়ু হয়। অৱশ্য়ে, ৩০০০ জন কৃষকে ভাবুকি প্ৰদান কৰাৰ ফলস্ৱৰূপে তোওঁলোকক মুকলি কৰি দিবলৈ বাধ্য় হয়। পিছিদিনা উপায়ুক্ত মেক কেবেই ৫৯ জন বিদ্ৰহীক গ্ৰেপ্তাৰ কৰি জেলত আৱদ্ধ কৰি ৰাখে। সকলো আটক ব্য়ক্তিকে বিভিন্ন প্ৰকাৰৰ শাস্তি প্ৰদান কৰা হয়। বিদ্ৰোহৰ প্ৰধান নেতাসকল আছিল পুষ্পৰাম কলিতা, দেৱীদত্ত শৰ্মা , জয়ন্তী বেজ, নিৰ্ভাষা কলিতা আৰু মংগলু কলিতা। ১৮৯৪ চনত সংঘটিত লচিমাৰ কৃষক বিদ্ৰোহেই হৈছে উত্তৰ কামৰূপৰ প্ৰধান কৃষক বিদ্ৰোহ।
৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ ব্ৰিটিছসকলৰ অৱদমনকাৰী অৰ্থলৈতিক নীতিৰ বিৰুদ্ধে ১৮৬১ চনৰ পৰা ১৮৯৪ চনলৈ এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। কামৰূপ, দৰং আৰু নগাঁও জিলাৰ বহুতো অংশত বিদ্ৰোহৰ উত্থাপন ঘটিছিল যদিও অধিক সংখ্যক বিদ্ৰোহ ব্ৰিটিছে কঠোৰভাৱে দমন কৰিছিল। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দলং জিলাৰ পথৰুঘাটৰ কৃষকসকলেও বিদ্ৰোহ সংগঠিত কৰিছিল। মঙলদৈ মহকুমাৰ কলাইগাঁও, মহলদৈ ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে প্ৰথমতে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰে আৰু পৰৱৰ্তী পৰ্যায়ত ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ পথৰুঘাটত ৰাইজমেল অনুষ্ঠিত কৰি গোট খোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জিলাধিপতিয়ে এই সম্পৰ্কে পুলিচ আৰু সামৰিক বাহিনীৰ এক বৃহৎ ফৌজ লৈ পথৰুঘাটত উপস্থিত হয়। ২০০ জন ক্ষুদ্ধ কৃষকে অধীক্ষক বেৰিংটনক আগুৰি ধৰাত তেওঁ কোনোমতে সাৰি আহি জিৰণি শিবিৰত আশ্ৰয় গ্ৰহণ কৰে। লাঠি আৰু বাঁহৰ কামিৰে সজ্জিত প্ৰায় ২০০০ গৰাকী উত্তেজিত কৃষকে শিবিৰৰ পিনে অগ্ৰস হয়। সমবেত কৃষকসকলক নিয়ন্ত্ৰণ কৰিবলৈ ব্য়ৰ্থ হোৱাৰ উপায়ক্তই বেৰিংটনক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। গুলীচালনাৰ ফলস্ৱৰূপে ১৪০ জন কৃষকৰ মুত্য়ু হয় আনহাতে ১৫০ জন কৃষক আহত হয়। অৱশ্য়ে চৰকাৰী মতে ১৫ জন কৃষক মৃত্য়ু আৰু ৩৭ জন কৃষক আহত হয়। আৰু চৰকাৰে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিদ্ৰোহত জড়িত থকাৰ অভিযোগত বিচাৰ কৰে। ব্ৰিটিছৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে অসমত উত্থান হোৱা বিদ্ৰোহলানিৰ ভিতৰত এয়া অন্তিমটো বিদ্ৰোহ আছিল।
৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জীয়াসকলে কৰা বিদ্ৰোহৰ বেয়ে এটি টোকা লিখা ।
উত্তৰঃ জয়ন্তীয়া ৰাজ্য় ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰপৰা ইংৰাজলৈ যায়। ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱা এক অন্য়তম পাহাৰীয়া জনজাতি হৈছে জয়ন্তীয়াসকল। ১৮৩৫ চনত ব্ৰিটিছে স্ৱাধীনতাপ্ৰিয় জয়ন্তীয়া জনজাতিসকলৰ ভূখণ্ড অধিকাৰ কৰাত তেওঁলোকে ব্ৰিটিছৰ এই পদেক্ষেপ সহজভাৱে লোৱা নাছিল। ব্ৰিটিছসকলে নিজেই নিযুক্ত কৰা দলৈ সকলৰ ওপৰত সঘনে কৰা দোষাৰোপ, সামূহিকভাৱে মাছ ধৰা, খৰি সংগ্ৰহ আদিৰত ৰাজহ সংগ্ৰহৰ স্ৱাৰ্থত নিষেধাজ্ঞা আৰোপণ, ধৰ্মীয় আৰু পৰম্পৰাগত ৰীতি- নীতিত হস্তক্ষেপ আদিয়ে বিদ্ৰোহৰ বীজ ৰোপণ কৰিছিল। চৰ্দাৰ আৰু দলৈসকলৰ লগত মিলিত হৈ জয়ন্তীসকলে বিদ্ৰোহৰ প্ৰস্তুতি কৰিবলৈ আৰম্ভ কৰিছিল।
প্ৰথমতে ব্ৰিটিছে ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোদৰ সূচনা কৰা হয়।পৰৱৰ্তী পৰ্যায়ত জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা অঞ্চলত বিদ্ৰোহৰ সূত্ৰপাত হয়। কিন্তু ব্ৰিটিছ চৰকাৰে কঠোৰভাৱে এই বিদ্ৰোহ দমন কৰিবলৈ চেষ্টা কৰিছিল। জয়ন্তীয়া পাহৰৰ লোকসকলে ওকিয়াং নংবাহৰ নেতৃত্ৱত বিদ্ৰোহ ঘোষণা কৰে আৰু ১৮৬২ চনৰ ১৭ জানুৱাৰীত তেওঁলোকে হঠাতে জোৱাইস্থিত ব্ৰিটিছ ছাউনীত আক্ৰমন কৰে। তেওঁলোকে জোৱাই – চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰ সংযোগী পথ দুটা আগৰে পৰা অৱৰোধ কৰি ৰাখিছিল আৰু তেওঁলোকৰ ওপৰত অত্য়াচাৰ চলোৱা পুলিচ বাহিলীৰ লোকক হত্য়া কৰিছিল। চৰকাৰে গ্ৰহণ কৰা দমনমূলক পদক্ষেপৰ বাবে বিদ্ৰোহৰ কাৰ্যকলাপ হ্ৰাস পাবলৈ ধৰে। স্ৱেচ্ছাই আত্মসমৰ্পণ কৰা সকলো বিদ্ৰোহীক সাধাৰণ ক্ষমাদান কৰিব বুলি ঘোষণা কৰাৰ লগতে ওকিয়াং নংবাহক জীৱন্তে আটক কৰিব পৰা জনক ১০০০ টকাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰে। অৱশেষত ওকিয়াং নংবাহ ব্ৰিটিছৰ হাতত ধৰা পৰাত তেওঁক জোৱাইত ৰাজহুৱাকৈ ফাঁচী দিয়া হয়। এই ঘটনাই জয়ন্তীয়া বিদ্ৰোহীসকতৰ উৎসাহ ভালেখিনি হ্ৰাস কৰিছিল আৰু বহুতেই স্ৱচ্ছাই আত্মসমৰ্পণ বাট বাছি লৈছিল। এনেদৰেই ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে।
৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হােৱা বিদ্রোহ বিষয়ে লিখা ।
উত্তৰঃ মণিপুৰ ৰাজ্য় অসম প্ৰশাসনৰ বাহিৰত আছিল। ভালেমান বছৰৰ পূৰ্বপূৰাই মণিপুৰ ব্ৰিটিছৰ দ্ৱাৰা আশ্ৰিত আৰু স্ৱীকৃত দেশীয় ৰাজ্য়ৰূপে বৰ্তি আছিল। ১৮৯০ চনৰ সিংহাসনৰ বাবে ৰাজপৰিয়ালৰ মাজত বিবাদৰ সূত্ৰপাত হোৱাত অসমৰ ব্ৰিটিছ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰে। ব্ৰিটিছৰ উপস্থিতিৰ সুযোগ গ্ৰহণ কৰি যুৱৰাজ কুলচন্দই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্য়ুত কৰি ১৮৯০ চনৰ ২১ ছেপ্টেম্ৱৰত সিংহাসন দখল কৰে। অৱশ্য়ে, জনপ্ৰিয় সেনাপতিজনক দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ বাবে সহজ কথা নাছিল। এনে প্ৰেক্ষাপটত অসমৰ মুখ্য় আয়ুক্ত জে ডব্লিউ কুইণ্টন আৰু চাৰিজন অন্য়ান্য় বিষয়াই টিকেন্দ্ৰজিতক আটক কৰিবলৈ মণিপুৰলৈ আহোঁতে বিদ্ৰোহী মণিপুৰীসকলে আটাইকেইজনকে হত্য়া কৰে। ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয়। ১৮৯১ চনৰ ছেপ্টেম্ৱৰত চূড়চন্দ্ৰ নামৰ নাবালক এজনক ৰজা হিচাপে ঘোষণা কৰা হয়। ব্ৰটিছ চৰকাৰৰ ৰাজনৈতিক প্ৰতিনিধিক মণিপুৰৰ প্ৰশাসনৰ সকলো দায়িত্ৱ অৰ্পণ কৰা হয়। মণিপুৰে আঢ়ৈ লাখ টকা বিদ্ৰোহৰ ক্ষতিপুৰণ ব্ৰিটিছ চৰকাৰক দিয়াৰ উপৰি বছৰি ৫০,০০০ টকা পৰিশোধ কৰিব লগা হৈছিল। এইদৰেই মণিপুৰ ৰাজ্য়ত ইংৰাজৰ আধিপত্য় স্থাপিত হৈছিল।
চমু টোকা লিখা ।
১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা ।
উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছ সাম্ৰাজ্য় অংশ হৈ পৰিছিল। অৱশেষত তেওঁলোকে ৰাজ্য়খনক প্ৰশাসনৰ দায়িত্ৱ সম্পৰ্ণৰূপে গ্ৰহণ কৰে। কেইটামান বৰ্ষৰ ভিতৰতে গঢ়ি তোলা শক্তিশালী ৰাজহ সংগ্ৰহৰ প্ৰণালীৰ অধীনত এক নতুন ৰাজহ ব্য়ৱস্থাৰ প্ৰৱৰ্তন কৰা হয়। আহোম যুগত দ্ৰব্য়ৰ জৰিয়তে কৰ প্ৰদান কৰা হৈছিল, কিন্তু ব্ৰিটিছে মুদ্ৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ব্য়ৱস্থাৰ প্ৰৱৰ্তন কৰে। এই ব্য়ৱস্থাৰ জৰিয়তে কৃষকৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল।কৃষকসকলে সুদখোৱাৰ মাৰোৱাৰী আৰু বঙালী মহাজনৰ পৰা ধন ধাৰলৈ ল’বলৈ বাধ্য় হৈছিল।আৰু এই মহাজনে অত্য়াধিক সূতৰ হাৰ দাবী কৰাত তেওঁলোকৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল। এনেদৰে ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন ৰাজহ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পৰিণতিত পৰৱৰ্তী সময়ছোৱাত ভালেমান বিদ্ৰোহ সংঘটিত হৈছিল।
২। মণিৰাম দেৱান
৩। ফুলগুৰি ধাৱা
উত্তৰঃ ১৮৬১ চনত সংঘটিত হোৱা ফুলগুৰি ধাৱাক অসমৰ ইতিহাসৰ এক গুৰুত্ৱপূৰ্ণ বিদ্ৰোহ হিচাপে বিবেচনা কৰা হয়। ব্ৰিটিছৰ শোষণাত্মক অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে গঢ়ি উঠা এলানি কৃষক বিদ্ৰোহৰ ভিতৰত এয়া প্ৰথমটো বিদ্ৰোহ আছিল। নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও য’ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্ৱাৰাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল। আৰু তেওঁলোকে নিজে কানি বিক্ৰী কৰিবলৈ লৈছিল। এই তিৱা জনজাতিৰ লোকসকলক যথেষ্ট প্ৰভাৱিত কৰিছিল আৰু তেওঁলোকে নগাঁৱৰ ওচৰৰ ফুলগুৰি নামৰ গাঁওখনত বিদ্ৰোহ সংঘটিত কৰিছিল। বিদ্ৰোহীসকলে নগাঁওৱৰ সহকাৰী উপাযুক্ত লাফটেনেণ্ট ছিংগাৰক হত্য়া কৰিছিল। এই অপৰাধত বহুতো কৃষকক গ্ৰেপ্তাৰ কৰি আৰু হেজাৰজনক অস্থায়ী কাৰাগাৰত কেইবামাহ বন্দী কৰি ৰখা হয়।
৪। লচিমাৰ কৃষক বিদ্রোহ
উত্তৰঃ ব্ৰিটিছ প্ৰশাসনৰ দমনমূনক ব্য়ৱস্থাৰ পিছতো ৰঙিয়াৰ কৃষক বিদ্ৰোহ অন্য়ান্য় অঞ্চললৈ বিয়পি পৰিছিল। ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ অসমত সংঘটিত হোৱা এলানি কৃষক বিদ্ৰোহৰ ভিতৰত এক গুৰুত্ৱপূৰ্ণ বিদ্ৰোহ আছিল ১৮৯৪ চনৰ জানুৱাৰীত কামৰূপ জিলাত সংঘটিত হোৱা লচিমাৰ বিদ্ৰোহ। লচিমাৰ কৃষক বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছসকলে আৰোপ কৰা বৰ্দ্ধিত হাৰৰ ৰাজহ। কৃষকসকলে খাজনা হ্ৰাস কৰিবলৈ দাবী উত্থাপন কৰিছিল যদিও তেওঁলোকৰ দাবী মানি নললে। অঞ্চলটোৰ ৰাইজে অনুষ্ঠিত কৰা ৰাইজমেলত চৰকাৰে নিৰ্ধাৰণ কৰা বৰ্ধিত হাৰৰ ৰাজহ পৰিশোধ নকৰাৰ সিদ্ধান্ত ল’লে। পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ কৰ্তৃপক্ষই প্ৰেৰণ কৰা নৰ্গাঁৱৰ মহকুমাধিপতিয়ে ৭৫ জন লোকক আটক কৰি লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। প্ৰায় ৩০০০ কৃষকে শিবিৰটো ঘেৰাও কৰাত তেওঁ বন্দীসকলক মুকলি কৰি দিয়া। উপায়ুক্তই গ্ৰেপ্তাৰ কৰা কৃষকসকলৰ মুক্তিৰ দাবীত সমবেত ৬০০০ জন কৃষকৰ স্ৱক্ষৰ সম্ৱলিত এখন আৱেদন পত্ৰ উপায়ুক্ত গৰাকীৰ হাতত অৰ্পণ কৰা হয়। যিদিও তেওঁলোকক মুক্ত দিবলৈ তেওঁ অমান্তি হয়। এই বিদ্ৰোহৰ প্ৰধান নেতাসকল আছিল গোসাঁই দলৈ, পুষ্পৰাম কলিতা, দেৱীদত্ত শ্ৰমা, জয়ন্তী বেজ, নিৰ্ভাষা কলিতা আৰু মংগলু কলিতা।
৫। পথৰুঘাটৰ ৰণ অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব
উত্তৰঃ উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নৌপৰোতেই দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতো কৃষক বিদ্ৰোহ দেখা দিয়ে। ১৮৯৪ চনৰ জানুৱাৰীত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটি হৈছিল। ৰাইজে অনুষ্ঠিত কৰা কেইবাখনো ৰাইজমেলত বৰ্দ্ধিত হাৰৰ ৰাজহ আৰু ইয়াৰ সংগ্ৰহত বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অঞ্চলৰ কৃষকসকলে ১৮৯৪ চনৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ পথৰুঘাটত তিনি দিনীয়াকৈ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰি তাত সমবেত হোৱাৰ পৰিকল্পনা কৰিছিল। জিলাধিপতিয়ে এই সম্পৰ্কে অৱগত হোৱাত তেওঁ আৰক্ষী অধীক্ষকৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীৰ এক বৃহৎ ফৌজ লৈ ২৭ জানুৱাৰীত পথৰুঘাটত উপস্থিত হয়। এই ঘটনাত ক্ষুদ্ধ হৈ ৰাজহ সংগ্ৰহ কৰিবলৈ যোৱা আৰক্ষী অধীক্ষকৰ বেৰিংটনক প্ৰায় ২০০ জন কৃষকে আগুৰি ধৰে। লাঠি আৰু বাঁহৰ কামিৰে সজ্জিত প্ৰায় ২০০০ গৰাকী উত্তেজিত কৃষকে জিৰণি শিবিৰৰ পিনে অগ্ৰসৰ হয়। উত্তেজিত লোকসলক নিয়ন্ত্ৰণ কৰিবলৈ উপায়ুক্ত জে ডি এণ্ডাৰছনে বল প্ৰয়োগৰ নিৰ্দেশ দিয়াত তেওঁলোকে ইয়াৰ প্ৰত্য়ুত্তৰত দলি-ফৰ্মুঠিৰ ব্য়ৱহাৰ কৰিলে। সমবেত কৃষকসকলক নিয়ন্ত্ৰণ কৰিবলৈ পুলিচে অধীক্ষকক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। গুলীচালনাৰ ফলস্ৱৰূপে ১৪০ জন কৃষকৰ মৃত্য়ু হয়, আনহাতে ১৫০ জন কৃষক আহত হয়। অৱশ্য়ে চৰকাৰী হিচাপমতে ১৫ জন কৃষকৰ মৃত্য়ু হয় আৰু ৩৭ জন কৃষক আহত হয়। এই বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্য় মতে, মুঠতে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হয়। আৰু বিদ্ৰোহত গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকলু শ্ৱেখ আৰু অন্য়ান্য় ছয়জনক শাস্তি প্ৰদান কৰা হয়। বাকী সকলোকে মুকলি কৰি দিয়ে।
৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ৱ
উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছসকলে অসমৰ প্ৰশাসনৰ দায়িত্ৱ লাভ কৰে। ভূখণ্ডৰ গৰাকী হোৱাৰ পাছত তেওঁলোকে প্ৰৱৰ্তন কৰা ৰাজহ ব্য়ৱস্থাই অসমৰ কৃষকসকলক সম্পূৰ্ণভাৱে বিধ্বস্ত কৰে। তেওঁলোকে উচ্চ হাৰত ৰাজহ দাবী কৰিছিল আৰু মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্য়ৱস্থা কৰিছিল যিটো পৰিশোধ কৰাটো কৃষকসকলৰ বাবে কষ্টকৰ আছিল। এনে কিছুমান বিদ্ৰোহ হৈছে ফুলগুৰি ধাবা (১৮৬১), নামনি অসমৰ বিদ্ৰোহ (১৮৯২-৯৩), ৰঙিয়াৰ বিদ্ৰোহ (১৮৯৩-৯৪), লচিমাৰ বিদ্ৰোহ (১৮৯৪), পথৰুঘাটৰ বিদ্ৰোহ(১৮৯৪) ইত্য়াদি। এই বিদ্ৰোহবিলাকৰ উল্লেযোগ্য় বৈশিষ্ট্য়টো এয়ে যে এয়া সাধাৰণ জনগণৰ বিদ্ৰোহ আছিল, অভিজাত শ্ৰেণীৰ বিদ্ৰোহ নাছিল।ইয়াত ৰাজনৈতিক বা সামাজিক দিশ জড়িত হৈ থকা নাছিল, অৰ্থনৈতিক কাৰকৰ বাবেহে এই বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোসমূহে ৰাজ্য়খনত স্ৱাধীনতাৰ স্পৃহা বৃদ্ধি কৰে আৰু এয়া ভৱিষ্য়ত প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক পটন্তৰ হৈ পৰে।
৭। টিকেন্দ্রজিৎ
উত্তৰঃ মণিপুৰ ৰাজ্য় অসম প্ৰশাসনৰ বাহিৰত আছিল। মণিপুৰৰ ইতিহাসৰ এক অন্য়তম বিশিষ্ট ব্য়ক্তি হৈছে টিকেন্দ্ৰজিৎ। তেওঁ মণিপুৰ ৰাজ্য়ৰ সেনাপতি হিচাপে কেইবাবছৰৰ ধৰি কাৰ্যনিবাহ কৰিছিল। তেওঁ এগৰাকী প্ৰকৃত দেশভক্ত আছিল যিয়ে মণিপুৰ ৰাজ্য়ৰ কল্য়াণৰ বাবে অৱদান আগবঢ়াইছিল। অৱশেষত তেওঁ ৰাজ্য়খনৰ ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা হৈ পৰে। মণিপুৰে ৰাজ্য় নিয়ন্ত্ৰণৰ বিষয়তে ব্ৰিটিছে তেওঁক প্ৰতিবন্ধক হিচাপে গণ্য় কৰিছিল। কিন্তু দুৰ্ভাগ্য়বশতঃ যেতিয়া অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টন আৰু অন্য় চাৰিজন বিষয়াই টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰিবলৈ আহিল, তেতিয়া স্ৱাধীনতাপ্ৰিয় মণিপুৰীসকলে তেওঁলোকক হত্য়া কৰিলে। অৱশ্য়ে, পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ টিকেন্দ্ৰজিতক আটক কৰি ব্ৰিটিছ বিৰোধীতা কাৰ্যকলাপৰ বাবে দোষী সাব্য়স্ত কৰি ৰাজহুৱাকৈ ফাঁচী দিলে। শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম সাহসিকতাপূৰ্ণ দেশভক্তিৰ কাহিনী হিচাপে স্মৰণীয় হৈ ৰ’ব।
Answer by Chumi Das