মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন । Class 10 General Science Lesson 5 Question and Answer | SEBA Class 10 General Science Lesson 5 Solution | Assamese Medium Class 10 Science Lesson 5 Question and Answer | দশম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন ।

অধ্যায়ঃ ৫

 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

প্ৰশ্নাৱলীঃ

1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা ।

উত্তৰঃ নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিল । যেনেঃ Li, Na আৰু k মৌল তিনিটা নিউলেণ্ডৰ শ্ৰেণীবিভাজনৰ দ্বিতীয় স্তম্ভৰ মৌল । নিউলেণ্ডৰ অষ্টক সূত্ৰমতে Li, Na আৰু k ৰ ধৰ্মৰ মিল আছে । আনহাতে, Li, Na আৰু k ড’বাৰেইনাৰৰ এটা ট্ৰায়াড আৰু ইহঁতৰ ৰাসায়নিক ধৰ্ম একে । গতিকে নিউলেণ্ডৰ অষ্টক স্তম্ভত ড’বাৰেনাৰৰ ট্ৰায়াড আছিল ।

2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?

উত্তৰঃ সীমাবদ্ধতাঃ 

(১) ড’বাৰেইনাৰে মাত্ৰ তিনিটা ট্ৰায়াডহে প্ৰস্তুত কৰিব পাৰিছিল ।

(২) ড’বাৰেইনাৰে মৌলবোৰৰ পৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ মাজত কোনো সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল ।

3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ? 

উত্তৰঃ সীমাবদ্ধতাঃ

(১) অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল । কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল ।

(২) নিউলেণ্ডছে প্ৰকৃততে কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিস্কাৰ নহ’ব বুলিয়েই ধৰিছিল । কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিস্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল ।

(৩) নিউলেণ্ডেছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অৰ্ন্তভুক্তও কৰিছে ।

(৪) নিউলেণ্ডছৰ অষ্টক সূত্ৰটোক কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য যেন দেখা গৈছিল ।

2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? ( যিকোনো দুটা ) 

উত্তৰঃ মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত গেলিয়ামৰ উপৰিও খালী স্থান ৰখা মৌল দুটা হ’ল স্কেণ্ডিয়াম (Sc) আৰু জাৰ্মেনিয়াম (Ge) ।

3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি ?

উত্তৰঃ নীতিবোৰ আছিলঃ

(১) পৰমাণৱিক ভৰৰ বৃদ্ধি ।

(২)  একে ৰাখায়নিক ধৰ্ম বিশিষ্ট মৌলবোৰক একেটা বৰ্গতে ৰখা ।

4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?

উত্তৰঃ সম্ভ্ৰান্ত গেছবোৰৰ বাহিৰতম কক্ষটোত 8 টাকৈ ইলেকট্ৰন থাকে । গতিকে ৰাসয়নিকভাৱে এইবোৰ প্ৰায় নিষ্ক্ৰয় । গতিকে ইহঁতক একেটা বৰ্গতে ৰখা হৈছে ।

প্ৰশ্নাৱলীঃ

1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল ?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো – মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণুৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় ।

আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ প্ৰক্ৰিয়াবোৰ হ’লঃ

(১) আধুনিক প্ৰৰ্যাবৃত্ত তালিকাত সমস্থানিক (isotope) বোৰক একেটা স্থানতে ৰখা হ’ল । কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যা বেলেগ যদিও  পৰমাণৱিক সংখ্যা একে ।

(২) আধুনিক পৰ্যাবৃত্ত তালিকাত একে সংখ্যাৰ যোজক ইলেকট্ৰন থকা মৌলবোৰক একেটা বৰ্গতে ৰখা হয় ।

(৩) ক’বাল্ট আৰু নিকেলৰ ভৰ সংখ্যাৰ ক্ষেত্ৰত থকা আসোৱাহ দূৰ হ’ল । ভৰ সংখ্যা মতে ক’বাল্টৰ পাৰমাণৱিক সংখ্যা 27 আৰু নিকেলৰ 28 কিন্তু পাৰমানৱিক ভৰৰ ক্ষেত্ৰত ক’বাল্টতকৈ নিকেলৰ কম । গতিকে নিকেলৰ স্থান ক’বাল্টতকৈ পিছত হয় ।

2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা । তোমাৰ এই বাচনিৰ ভিত্তি কি ?

উত্তৰঃ মৌল দুটা – বেৰেলিয়াম (Be) আৰু কেলছিয়াম (Ca) ।

কাৰণ Be আৰু Ca উভয়ে পৰ্যাবৃত্ত তালিকাৰ ২য় বৰ্গত আছে আৰু Mg ৰো বৰ্গ ২য় হয় । 

3. নাম লিখা ।

a) বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন থকা তিনিটা মৌলৰ ।

উত্তৰঃ লিথিয়াম (Li), পটাছিয়াম (K), ছ’ডিয়াম (Na) ।

b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্ৰন থকা দুটা মৌল ।

উত্তৰঃ মেগনেছিয়াম (Mg),  কেলছিয়াম (Ca) ।

c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল ।

উত্তৰঃ হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar) ।

4. a) লিথিয়াম, ছডিয়াম, পটেছিয়াম – এই আটাইকেইটা ধাতু । ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে । এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে  ? 

উত্তৰঃ হয় আছে ।

প্ৰতিটো পৰমাণুৰে ইলেকট্ৰনীয় বিন্যাস একেধৰণৰ । যোজন ইলেকট্ৰনৰ সংখ্যা 1 তলত দেখুওৱা হ’লঃ

Li = 2.1

Na = 2.8.1

K = 2.8.8.1

b) হিলিয়াম এটা নিষ্ক্ৰয় গেছ আৰু নিয়নো নিষ্ক্ৰয় গেছ । ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল দেখা যায় ।

উত্তৰঃ He আৰু Ne উভয়ৰে বহিৰতম কক্ষ ইলেকট্ৰনেৰে সম্পূৰ্ণ । He ৰ বহিৰতম কক্ষত 2 টা আৰু নিয়নৰ 8 টা ইলেকট্ৰন আছে । দুয়োটা সম্পূৰ্ণ কক্ষ । গতিকে ইহঁতৰ পৰংমাণুবোৰ মাজত মিল দেখা যায় ।

5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু ?

উত্তৰঃ প্ৰথম দহোটা মৌলৰ ভিতৰত Li আৰু Be দুটা ধাতু ।

6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা  ? 

Ga, Ge, As, Se, Be ।

উত্তৰঃ Be আটাইতকে বেছি ধাতৱ ধৰ্মী । কিয়নো ই পৰ্যাবৃত্ত তালিকাৰ একেবাৰে বাওঁফালে থকা মৌল ।

অনুশীলনীঃ

1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?

(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।

(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে ।

(c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।

(d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে ।

উত্তৰঃ (c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।

3. কোনটো মৌলৰ আছে 

(a) ইলেকট্ৰনপূৰ্ণ দুটা কক্ষ ?

উত্তৰঃ a) Ne – 2.8

(b)  2, 8, 2 ইলেকট্ৰনীয় বিন্যাস ?

উত্তৰঃ Mg

(c) যোজক কক্ষত চাৰিটা ইলেকট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ ?

উত্তৰঃ Si – 2 . 8 . 4

(d) যোজক কক্ষত তিনিটা ইলেকট্ৰনৰে সৈতে মুঠ দুটা কক্ষ ?

উত্তৰঃ B – 2 . 3 

(e)  দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্ৰন ?

উত্তৰঃ C – 2 . 4

4. a. পৰ্যাবৃত্ত তলিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?

উত্তৰঃ a) পৰ্যাবৃত্ত তালিকাত ব’ৰণৰ স্থান হ’ল – ২ য় পৰ্যায়ৰ 13 বৰ্গ । ইয়াৰ যোজ্যতা 3 গতিকে পৰ্যাবৃত্ত তালিকাত বৰণৰ লগত স্থান পোৱা মৌলসমূহৰ যোজ্যতা 3 ।

b) পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ সৈতে একেটা স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?

উত্তৰঃ পৰ্যাবৃত্ত তালিকাত ফ্ল’ৰিনৰ  স্থান  ২ য় পৰ্যায়ব 17 বৰ্গ । 17 বৰ্গৰ আন মৌলসমূহক একেলগে হেল’জেন পৰিয়াল বোলে । ইহঁতৰ যোজ্যতা -1 আৰু ইহঁতে আন মৌলৰ লগত আয়নীয় ৰান্ধনিৰ বান্ধ খাই হেলাইড যৌগ গঠন কৰে ।

5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7 ।

a. এই মৌলটোৰ পৰমাণৱিক সংখ্যা কি ? 

উত্তৰঃ পাৰমাণৱিক সংখ্যা = 17 ।

b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)

N(7),  F(9),  P(15),  Ar(18)

উত্তৰঃ F(9) ৰ লগত সাদৃশ্য থাকিব ?

6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে ।

16 বৰ্গ 17 বৰ্গ

 –       –

 –     A

–      –

B  C

a) মৌল A  ধাতুনে অধাতু ?

উত্তৰঃ A অধাতু কিয়নো ই 17 বৰ্গত আছে ।

b)  C মৌলক A তকৈ বেছি সক্ৰিয়নে কম সক্ৰিয় ?

উত্তৰঃ C মৌল A তকৈ কম সক্ৰিয় ।

C)  C মৌলটো আকাৰত 8 তকৈ ডাঙৰনে সৰু ? 

উত্তৰঃ সৰু হ’ব ।

d) মৌল A কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব ?

উত্তৰঃ A মৌল 17 বৰ্গত আছে । ইয়াৰ যোজ্যতা -1 হ’ব । অৰ্থাৎ ই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব অৰ্থাৎ এনায়ন গঠন হ’ব ।

7. নাইট্ৰ’জেন (পৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে । এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হ’ব আৰু কিয় ?

উত্তৰঃ নাইট্ৰজেনৰ ইলেকট্ৰনীয় বিন্যাস = 2,5

ফছফ’ৰাছৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,5

নাইট্ৰজেনৰ নিউক্লিয়াছ আৰু কক্ষপথৰ ইলেকট্ৰনৰ মাজৰ স্থিতি বিদ্যুৎ আকৰ্ষণ ফছফ’ৰাছতকৈ বেছি হ’ব কিয়নো ফ’ছফ’ৰাছৰ আকাৰ নাইট্ৰজেনতকৈ ডাঙৰ । অৰ্থাৎ নাইট্ৰজেনৰ বিদ্যুৎঋণাত্মকতা বেছি হ’ব ।

8. পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত হৈ আছে ?

উত্তৰঃ মৌলৰ অৱস্থান, ইয়াৰ ইলেকট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে । যোজক ইলেকট্ৰনে বৰ্গৰ সংখ্যা নিৰূপন কৰে । অৰ্থাৎ যি মৌল অথবা পৰমাণুৰ যোজক ইলেকট্ৰনৰ সংখ্যা 1, ই প্ৰথম বৰ্গত অৰ্ন্তভুক্ত হ’ব । ইলেকট্ৰনৰ কক্ষপথৰ সংখ্যাই মৌলটো কোনটো পৰ্যায়ত স্থান ল’ব সেইটো নিদিষ্ট কৰে ।

9. আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে । এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰায়ায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে ?

উত্তৰঃ কেলছিয়ামৰ (ca) পৰমামৱিক সংখ্যা = 20

 ইলেকট্ৰনীয় বিন্যাস = 2, 8, 8, 2

গতিকে ইয়াৰ যোজক ইলেকট্ৰনৰ সংখ্যা = 2

  যোজ্যতা = 2

গতিকে উল্লেখিত যি মৌলৰ যোজক ইলেকট্ৰনৰ সংখ্যা 2 হ’ব, সিয়ে Ca ৰ লগত মিলিব ।

পাৰমাণৱিক সংখ্যা = 12

ইলেকট্ৰনীয় বিন্যাস = 2, 8, 2

পাৰমাণৱিক সংখ্যা = 19

ইলেকট্ৰনীয় বিন্যাস = 2, 8, 8, 1

পৰমাণৱিক সংখ্যা = 21

বিন্যাস = 2, 8, 8, 3

পাৰমাণৱিক সংখ্যা = 38

ইলেকট্ৰনীয় বিন্যাস = 2, 8, 18, 8, 2

গতিকে দেখা গ’ল 12 আৰু 38 পাৰমাণৱিক সংখ্যা যুক্ত মৌলৰ ৰাসয়নিক আৰু ভৌতিক ধৰ্মসমূহ Ca ৰ লগত মিলে ।

10. মেণ্ডেলিৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা ।

উত্তৰঃ

মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাআধুনিক পৰ্যাবৃত্ত তালিকা
(1) মেণ্ডেলিভৰ তালিকা পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজা ।(1) আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজা ।
(2) সংক্ৰমণশীল মৌলৰ পৃথক কৰা হোৱা নাই ।(2) সংক্ৰমণশীল মৌল পৃথক কৰা হৈছে ।
(3) মেণ্ডেলিভৰ তালিকাই মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ কোনো কাৰম দিব নোৱাৰিলে ।(3) এই তালিকাই ইলেকট্ৰনীয় সজ্জাৰ ভিত্তিত মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ বিষয়ে স্পষ্ট বৰ্মনা দিছে ।
(4) মেণ্ডেলিভৰ তালিকাত 8 টা বৰ্গ আৰু 6 টা পৰ্যায় আছে ।(4) 18 টা বৰ্গ আৰু 7 টা পৰ্যায় আছে ।