প্ৰশস্তি
১। অতি চমু উত্তৰ দিয়াঃ
(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বহাগীৰ কবি বুলি জনা যায়।
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম হ’ল – সদৰী আৰু নৱমল্লিকা।
(গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ প্ৰকৃতিক নতুন কুহিপাতবোৰে সাদৰি আনিলে বুলি কবিয়ে কৈছে।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।
(ঙ) জল , স্থল আৰু ক’ত দেবতাৰ মহা অভিযান চলিছে ?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰঃ মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে।
২। কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।
উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তক বৰ্ণনাৰ টানি আনিছে। পুৱাৰ হেঙুলীয়া বেলি, নানৰঙী ফুল, ৰবাব টেঙা ফুল, বিৰিখৰ ডালে-ডালে নাচি-বাগি সুমধুৰ সুৰেৰে গীত গোৱা বনৰীয়া পক্ষী, পানী, সহগৰা পৃথিৱী তথা বিশ্ব ব্ৰক্ষাণ্ড ইত্যাদি।
৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?
উত্তৰঃ প্ৰশস্তি নামৰ কবিতাটিত কবিয়ে দৰাচলতে এই ধুনীয়া পৃথিৱীখনৰ সৃষ্টিকৰ্তা ভগৱানৰ বন্দনা কৰিছে। এই পৃথিৱীখন ভগৱানে বৰ সুন্দৰকৈ সজাইছে। পুৱাৰ সোণালী কিৰণ, ভিন্নৰঙী, সুগন্ধি ফুলৰ সুষমা, গছে – বিৰিখে সুমধুৰ কাকলিৰে নাচি – বাগি জপিয়াই ফুৰা নানাৰঙী চৰাই – চিৰিকটি, নদী, নিজৰা, নিশাৰ আকাশত জিলমিলাই থকা তাৰকাৰাজি এই সকলোবোৰে পৃথিৱীখনক এক নান্দনিক সৌন্দৰ্য প্ৰদান কৰিছে।
৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।
উত্তৰঃ কবিতাটিৰ মাজেদি সুন্দৰৰ সাধনা জীৱনৰখেল এই বাক্যশাৰী বৰ সুন্দৰ ৰূপত প্ৰতিভাত হৈছে। পুৱাৰ হেঙুলীয়া সুৰুষৰ আভাৰে জকমকীয়া পৃথিৱী, নৱপল্লৱিত কুঁহিপাতে যেন প্ৰকৃতিদেৱীক বা দি আদৰণি জনাইছে। বন – বিহগীৰ সুমধুৰ কলকলনিৰ মাজত কবিয়ে দেখা পাইছে অপাৰ্থিৱ সৌন্দৰ্য।
৫। প্রশস্তি ’ কবিতাটোৰ মূলভাৱ লিখা ।
উত্তৰঃ ‘প্ৰশস্তি’ শব্দৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। ‘বিহগী কবি’ ৰঘুনাথ চৌধাৰিদেৱে ‘প্ৰশস্তি’ কবিতাটোৰ মাজেৰে বিনন্দীয়া প্ৰকৃতিৰ ৰূপ – সৌন্দৰ্যৰ সুন্দৰভাৱে গুণানুকীৰ্তন কৰিছে। ঊষাৰ সাতোৰঙী কিৰণে চৌদিশ আলোকিত কৰি বন – বিৰিখে ন – সাজেৰে প্ৰকৃতিক সজাই সৌন্দৰ্যময়ী কৰি তুলিছে। চৌদিশে ফুলি থকা নানাৰঙী ফুলবোৰৰ মন – প্ৰাণ আনন্দেৰে ভৰি পৰিছে। বিবিধ বিহংগৰ সুমধুৰ গীতে জল, স্থল, আকাশ, বতাহ সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃত সন্তান মানুহক কালৰাত্ৰিৰ শেষত প্ৰকৃতিৰ আৰাধনাৰে মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ এই সন্মোহনী সুধাৰ মাজত কবিয়ে বাবে বাবে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে। প্ৰকৃতিক ঈশ্বৰৰ ৰূপত আৰাধনা কৰি প্ৰকৃতিৰ যশস্যা বৰ্ণনা কৰিছে।
৬। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র , উঠা যত মুক্তি পথযাত্রী । —কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰঃ
৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰঃ প্ৰশস্তি কবিতাটিত কবি চৌধাৰীদেৱে প্ৰকৃতিৰ অতুলনীয় ৰূপৰাশি বৰ্ণনা কৰাৰ সমান্তৰালভাৱে পৰম পুৰুষ ভগৱানৰ মহিমাৰ কথাও ব্যক্ত কৰিছে। ভগৱানেই এই পৃথিৱীখন সৃজন কৰিছে, পালন কৰিছে আৰু এদিন সংহাৰ কৰিব। গছ-লতিকা, চৰাই – চিৰিকটি, নদী – নিজৰা, ফুল – তৰা গানেৰে সমৃদ্ধ এই বিনন্দীয়া প্ৰকৃতিৰ সৌন্দৰ্য সুধাপান কৰাৰ সময়ত চিৰ সুন্দৰ ভগৱানৰ ধ্যান কৰিবলৈ ভক্তপ্ৰাণ কবিজনাই সকলোকে নতশিৰে আহ্বান জনাইছে, কিয়নো ”সত্যম শিৱম সুন্দৰম্।”
৮ | ব্যাখ্যা কৰা ।
(ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গ
ছন্দভৰা সুমধুৰ তান ,
জল স্থল অন্তৰক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য’ অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱে ৰচনা কৰা ‘প্ৰশস্তি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত ভগৱানৰ অস্তিত্ব নিহিত হৈ থকাৰ প্ৰসংগ কবিতাফাকিত অনুৰণিত হৈছে।
ব্যাখ্যাঃ গছ – লতিকা, তৰু – তৃণ, চৰাই – চিৰিকটি, নদী – নিজৰা, ফল -ফুলেৰে ভৰা এই ধুনীয়া ধৰণীখন ভগৱানে স্ৰজন কৰিছে। বন – বিহগীৰ কল – কাকলিয়ে সকলোৰে হীদয়ত আনন্দৰ জোৱাৰ তোলে। এটা নতুন দিনৰ নতুন আশাৰে মানুহে নিজৰ নিজৰ কৰ্মত লিপ্ত হয়। চৰাই – চিৰিকটি বিলাকেও যেন আনন্দত আত্মহাৰা হৈ ভগৱানক কৃতাঞ্জলি জনায়।
(খ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ
শেষ হল মহা কালৰাত্রি ,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র
উঠা যত মুক্তি পথযাত্রী ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱে ৰচনা কৰা প্ৰশস্তি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।
সংগতিঃ কবি ৰঘুনাথ চৌধাৰীদেৱে কাল অমানিশাৰ অন্তত, পুৱাৰ পৱিত্ৰক্ষণত, জীৱনৰ সকলো দুখ – ক্লেশ পাহৰি প্ৰকৃতিৰ বিনন্দীয়াৰূপ দৰ্শন কৰিবলৈ সকলোকে আহ্বান জনাইছে।
ব্যাখ্যাঃ এটি নতুন দিনৰ নতুন পুৱাই ধৰালৈ কঢ়িয়াই আনে অনাবিল আনন্দ। কৰ্ম – ব্যস্ত সকলো প্ৰাণীয়েই নিশা জিৰণি লয়। পুৱাৰ লগে লগে পুনৰ আৰম্ভ হয় সকলোৰে জীৱন সংগ্ৰাম। পুৱাতে পুৱাৰ হেঙুলীয়া বেলি, বনবিহগীৰ কল – কাকলিয়ে চৌপাশ মুখৰিত কৰি তোলে। এনে পৰিৱেশতে সোণত সুৱগা চৰায় ৰং – বিৰঙৰ ফুলবোৰে সুবাস বিলাই এটি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে।
(গ) মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান ,
মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰ কৰ ৰূপধ্যান।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত প্ৰশস্তি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ সুন্দৰৰ আৰাধনাৰ লগে লগে পৰম পুৰুষ ভগৱানৰ আৰাধনা কৰিবলৈ বিনস্ৰ আহ্বান জনাইছে।
ব্যাখ্যাঃ ভগৱানে তেওঁৰ নিপুন হাতেৰে বৰ নিখুঁতকৈ এই পৃথিৱীখন সৃষ্টি কৰিছে। পুৱাৰ সোণালী কিৰণ ঢালি পূবৰ আকাশত যেতিয়া বেলিটিয়ে ভূমুকি মাৰে, সেই দৃশ্য অতি মনোমুগ্ধকৰ হৈ পৰে। গছ – লতিকা আৰু বহুৰঙীফুলৰ সুৰভি বতাহৰ বোকোচাত উঠি চৌপাশ আমোলমোলাই তোলে। সেয়ে ভক্তপ্ৰাণ কবিয়ে টোপনিৰ মোহ এৰি পৰম সুন্দৰৰ অনুপম সৌন্দৰ্যসুধা পান কৰি তেখেতৰ প্ৰতি ভক্তিঅৰ্য্য নিৱেদন কৰিবৰ বাবে আকুল আহ্বান জনাইছে।
ভাষাবিষয়কঃ
১। অর্থ লিখা ?
কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।
উত্তৰঃ
কিশলয় – কুঁহিপাত, কিলশয় কোঁহ।
চিত্তহাৰী – মন-প্ৰাণ হৰি নিয়া।
অন্তৰীক্ষ – আকাশ।
তন্দ্ৰালস – টোপনি যোৱা অৱস্থা।
২। বাক্য ৰচনা কৰা ?
দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।
উত্তৰঃ দশোদিশঃ বহাগমহীয়া তগৰ ফুলৰ গোন্ধ দশোদিশে বিয়পি পৰিছে।
উপেক্ষিতঃ সন্তান – সন্তনিৰ দ্বাৰা উপেক্ষিতা মাতৃ – গৰাকীয়ে বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য হৈছিল।
জৰাজীৰ্ণঃ জৰাজীৰ্ণ সাজ পৰিধান কৰা গৰীৱলোকজনক উপেক্ষা নকৰিবা।
অমৃতঃ দেৱতা আৰু অসুৰ লগলাগি ক্ষীৰসাগৰত অমৃত মন্থন কৰিছিল।
মোহঃ মায়া – মোহৰ কৱলত পৰি মানুহে পৃথিৱীত নানা অপকৰ্ম কৰে।
৩। সমার্থক শব্দ লিখা ?
তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী।
উত্তৰঃ
তৰু – গছ, বৃক্ষ।
মুক্তি – নিৰ্বান, মুকলি।
সুমধুৰ – মধুৰত্ব,
অভিমান – অনুসন্ধান।
ধ্যানী – ধ্যাতা।