জিকিৰ
১। চমু উত্তৰ দিয়াঃ
(ক) জিকিৰৰ ৰচক কোন?
উত্তৰঃ জিকিৰৰ ৰচক হ’ল – আজান ফকিৰ।
(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ জিকিৰবোৰক হিন্দু সকলৰ ভক্তিমূলক পাৰ্থনা লগত তুলনা কৰিব পাৰি।
(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ ‘জিকিৰ’ শব্দটো আৰবী ‘জিকৰ’ শব্দৰ পৰা ওলাইছে।
২। তলৰ শব্দবোৰৰ অৰ্থ লিখাঃ
ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা।
উত্তৰঃ
ৰছুল – দেৱদূত, আল্লাৰ দূত।
মোমিন – বিশ্বাসী মুছলমান।
ৰহম – দয়া।
কুটুব – নক্ষত্ৰ।
বান্দা – ভৃত্য।
৩। ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।
উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লষণ কৰা।
উত্তৰঃ
৪। ব্যাখ্যা কৰাঃ
(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুঠি আজান ফকিৰ দ্বাৰা অন্তগৰ্ত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে।
ব্যাখ্যাঃ পানী পিয়াহত মৰা আৰু অগ্নিজাৰত মৰা দুয়োটাই অসম্ভৱ। পানী ভিতৰত নিজৰ পিয়াহ গোচোৱা শক্তি লুকাই থাকে। পানীয়ে নিজৰ মহিমা আৰু অগ্নিয়েও নিজৰ মহিমা নবুজাৰ দৰে মানুহেও মানুহৰ মাজতেই নিহিত হৈ থকা আল্লাক উপলদ্ধি কৰিব নোৱাৰি পৱিত্ৰ স্থানত আল্লাক বিচাৰি ফুৰে। কাৰণ তেওঁলোকক সংসাৰৰ মায়া মোহে সকলোফালৰ পৰা আৱৰি আছে। মানুহে অন্তৰত নিহিত হৈ থকা আল্লাক কৰিব পাৰিলে পৱিত্ৰ তীৰ্থলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। একমাত্ৰ একান্ত ভক্তিৰ দ্বাৰাহে আল্লাক উপলব্ধিৰ কৰা সম্ভৱ।
(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মিয়াই ভেটে বাট।।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য’ অন্তৰ্গত আজান ফকিৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।
সংগতিঃ যি জীৱনৰ আদ্যোপান্ত আল্লাৰ নামত সমৰ্পণ কৰে, তেওঁহে প্ৰকৃত মোমিন স্বৰূপে পৱিত্ৰ মক্কা দৰ্শনৰ সুযোগ পায়।
ব্যাখ্যাঃ কৰ্মৰ বন্ধনৰ বাবেই সংসাৰ। কৰ্মৰ বান্ধোনৰ পৰা মুক্ত হব নোৱাৰা পৰ্যন্ত জীৱ জন্মান্তৰ হয়। কিন্ত সেই কৰ্মলিন্সাৰ ঠেক সজাৰ পৰা মুক্ত হৈ যিনিৰাশ্ৰয় পথিকস্বৰূপে আল্লাক সমৰ্পন কৰে, সিহে মক্কাৰ সঞ্চাৰ ভেদিব পাৰে। মানৱ জীৱনত মক্কা দৰ্শন কৰা অতিকৈ পুণ্যৰ কাম। উক্ত জিকিৰফাঁকিত মক্কাক পৱিত্ৰ ত্ৰিবেণী সংগম (গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলী)ৰ লগত তুলনা কৰা হৈছে।
(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ মানুহৰ আত্মাৰ প্ৰকৃতিৰ বিষয়ে কবলৈ গৈ আজান ফকিৰে উক্ত জিকিৰফাঁকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ মানুহৰ আত্মা সজাত আৱদ্ধ কৰি ৰখা এটি মইনা চৰাইৰ নিচিনা। মইনা চৰাইৰ স্বাভাৱিক বাসস্থান মুকলি আকাশ, তথা অৰণ্যহে সজা নহয়। সেইবাবে সুযোগ পালে সজাৰ পৰা ওলাই সি ওলাই গুচি যায়। ঠিক তেনেদৰে আমাৰ স্বাভাৱিক বাসস্থান পৰমাত্মা তথা আত্মাহে, দেহটো নহয়। সেই কাৰণে সময় আহিলে আত্মাই দেহটো পৰিত্যাগ কৰি পৰমাত্মাৰ ওচৰলৈ ঢাপলি মেলে। ইয়াৰ পিছত দেহটোৰ বিলাই – বিপত্তি নোহোৱা হয়। জীয়াই থাকোতে আত্মাই নানা বুদ্ধি – ভৰষা দি দেহটোক বিভিন্ন কামত লিপ্ত কৰায়।
ভাষা-বিষয়কঃ
১। সমাৰ্থক শব্দ লিখাঃ
চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।
উত্তৰঃ
চিন্তো – ভাবোঁ।
ঘাট – বন্দৰ।
পীৰিতি – প্ৰেম।
আচমান – আকাশ।
দৰিয়া – সাগৰ।
পিয়াহ – তৃষ্ণা।
বাট – ৰাস্তা।
ভেল – শৰিৰ।
______________________________
বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংকটো ক্লিক কৰক
______________________________