অৰণ্যযাত্ৰা
১। চমুকৈ উত্তৰ লিখাঃ
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিন্ধান্ত লৈছিল?
উত্তৰঃ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰয় উদ্যানলৈ নিয়াৰ সিন্ধান্ত লৈছিল।
(খ) পল আৰু পহি কোন কোন শ্ৰেণীত পঢ়ে?
উত্তৰঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
(গ) পলে কোনবােৰ কাম ছােৱালীৰ বুলি পাহিক কৈছিল ?
উত্তৰঃ পলে ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, নিজৰ কাপোৰ ধোৱা আদি কাম বোৰ ছোৱালীৰ বুলি পাহিক কৈছিল।
(ঘ) লর্ড কার্জন কোন ?
উত্তৰঃ লৰ্ড কাৰ্জন হৈছে এজন ইংৰাজ ভাইচৰয়।
২। ল’ৰা – ছােৱালীৰ কামৰ পার্থক্য দেখি পাহিয়ে মাকক কি কৈছিল ? মাকে ইয়াৰ প্রত্যুত্তৰত পাহিক কি বুজনি দিছিল ?
উত্তৰঃ ককায়েক পলে বাচন – বৰ্তন আদি ধোৱা দূৰৰ কথা নিজৰ কাপোৰ জপা বিচনা পৰিপাটিকৈ ৰখা কামবোৰো নকৰা পাহিয়ে দেখি আহিছে। সেইবোৰ কাম কৰিবলৈ কলে সি উত্তৰত কয় যে লৰাৰ সেইবোৰ কাম নহয় ছোৱালীৰহে কাম। ককায়েকৰ এনে উত্তৰ লৰা আৰু ছোৱালীৰ কামৰ পাৰ্থক্য কোনে কৰিলে বুলি পাহিয়ে মাকক সুধিছিল। পাহিৰ এই প্ৰশ্নৰ উত্তৰত মাকে কৈছিল যে বয়স অনুযায়ী কাম কৰিবলৈ তেওঁ লৰা ছোৱালী দুটাক সমানে শিকাই াহিছে। নিজৰ কাম নিজে নকৰিলে ভৱিষ্যতে পৰনিৰ্ভৰশীল হব লাগিব।
৩। প্রকৃতিৰ কোনবােৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ?
উত্তৰঃ প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলাপ্ৰীতিয়ে বাস কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন গছ ওচৰা ওচৰিকৈ মিলাপ্ৰীতিয়ে থাকে। আকৌ, কল গছজোপাৰ কাষতে থকা নেমু গছজোপা, নেমুৰ কাঁইটে কল গছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।
৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল ?
উত্তৰঃ কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে। গতিকে তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত।
৫। কামত ল’ৰা – ছােৱালী বুলি ভাগ নাই । যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা ।’— এই কথাষাৰৰ বক্তা কোন ? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা ।
উত্তৰঃ উক্ত কথাষাৰৰ বক্তা হৈছে পলহঁতৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা। অৰণ্যযাত্ৰাৰ সময়ত বাছত গৈ থাকোতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰাই নেতা-নেত্ৰী পাতি দিছিল। দেউতাকে সিহঁতৰ খবৰ লৈ থাকিব বুলিও কৈছিল। বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰা তেওঁলোকৰ অসুবিধাসমূহলৈ মন দিয়াৰ দায়িত্ব দিছিল পাহি আৰু বিদিশাক। এি কৰ্মবিভাজন সৌৰভে ভাল পোৱা নাছিল। তেওঁৰ মতে পাহি আৰু বিদিশাক দিয়া কামটো তেওঁলোকক দিব লাগিছিল। কিয়নো লৰা হিচাপে তেওঁলোকে লৰা – ছোৱালীৰ অসুবিধাসমূহ তেওঁলোক দুটাই বেছি ভালকৈ কৰিব পাৰিব আৰু প্ৰয়োজন হলে কোনোবা ছাত্ৰই উৎপাত কৰিলে তেওঁলোকক শাসন কৰিবলৈয়ো সক্ষম হব। তেওঁলোকৰ কথাত কামত লৰা-ছোৱালীৰ ভাগ ভাগ কৰা মানসিকতা প্ৰকাশ হোৱাত অংক শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিছিল সেয়েহে তেওঁ যাক যেনেকৈ কাম কৰাৰ দায়িত্ব দিয়া হৈছে সেইমতে পালন কৰিবলৈ পুনৰ নিৰ্দেশ দিয়াৰ প্ৰসংগত উক্ত কথাষাৰ কৈছিল।
৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল – আফতাবহঁত কি বিপদত পৰিছিল ? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল ?
উত্তৰঃ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ পোৱাৰ পিছত সকলো শিক্ষাৰ্থীয়ে খাই বৈ শিক্ষকৰ নিৰ্দেশ মতে জিৰণি লবলৈ নিৰ্দিষ্ট কোঠালৈ গ’ল। পিছে পল, সৌৰভ আৰু আফতাবে আন সকলে গম নোপোৱাকৈ পিছফালে মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ আৰু বিলৰ কাষত খুটিত পুতি থোৱা নাও এখন দেখি তাতে উঠিলগৈ। খুটিৰ পৰা নাওখন খুলি সিহঁতে বঠা মাৰি নাওখন আগুৱাই নিলে। কিছুদূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখন পানীত সোমাবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে। হঠাৎ নাওখন কাটি হৈ গ’ল আৰু পল পানীত পৰিল। তেনেতে আন এখন বিলত মাছ মাৰি অহা কেইজনীমান ছোৱালীয়ে সিঁহতক দেখা পাই দৌৰি আহিল। তাৰে দুজনীয়ে তৎক্ষণাত বিলত জপিয়াই পৰিল আৰু পানী খাই ডুবিব খোজা পলক টানি নি পাৰত পেলালেগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত বঠা বাই বহু কষ্টেৰে নাওখন পাৰত লগাব খোজোতেই নাওখন কাটি হৈ পৰিল। পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিলে বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে।
৭। শিক্ষক – শিক্ষয়িত্ৰীসকলে অৰণ্য দর্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা ।
উত্তৰঃ অৰণ্যযাত্ৰাত বান্ধিদিয়া নিয়ম অৱমাননা কৰি পল আফতাব আৰু সৌৰভে ভ্ৰমণ কালত এদিন দুপৰীয়া মনে মনে অৰণ্যৰ ভিতৰত গৈ ফুটা নাওত উঠি পানীত ডুবিবলগা হৈছিল। ছাত্ৰ – ছাত্ৰীসকলৰ মাজৰ তিনিজন উশৃংখল ছাত্ৰই নিজৰ জীৱনক বিপদত পেলোৱাৰ লগতে সকলোলৈকে বিপদ মতাৰ লগতে বিদ্যালদৰ সুনামত আঘাত কৰা সম্ভাৱনা অধিক। উশৃংখল অবাধ্য ছাত্ৰই সকলোকে বিপদত পেলোৱাৰ শংকা আছে। গতিকে শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী সিমানতে বাতিল কৰিব খুজিছিল। অৰণ্য দৰ্শন কাৰ্যসূচী বাতিল কৰা ঘোষণা শুনাৰ পাছত দলটোত যোৱা ছাত্ৰ-ছাত্ৰী মাত হৰিল। কেইজনমান ছাত্ৰৰ গৰ্হিত কামে সকলোৰে আশাত চেঁচাপানী ঢালিলে। তেওঁ দুই এজনৰ দোষৰ বাবে কাৰ্যসূচী বাতিল কৰি সকলো ছাত্ৰ-ছাত্ৰীক শাস্তি নিদিবলৈ শিক্ষকসকলক বিনম্ৰ অনুৰোধ জনালে। পাহিৰ আহ্বানৰ প্ৰতি সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে পলেও সন্মতি জ্ঞাপন কৰে। তেওঁলোকে তেওঁলোকৰ দোষৰ বাবে শাস্তি হিচাপে তেওঁলোক তিনিটাক এৰি যাত্ৰা সফল কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক অনুৰোধ জনায়। শেষত সকলো ছাত্ৰ ছাত্ৰীয়ে অৰণ্যযাত্ৰা প্ৰসংগত একো একোখন ৰচনা প্ৰত্যেকে লিখিবলৈ শিক্ষকসকলে নিৰ্দেশ দিয়ে। পল আফতাব আৰু সৌৰভে এই অৰণ্যদৰ্শনৰ সময়ত কৰা গৰ্হিত কৰ্ম খুলাখুলিকৈ ৰচনাত উল্লেখ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ বাকী কাৰ্যসূচী বাহাল ৰখাৰ সিদ্ধান্ত লয়। এই কাৰ্যসূচীত পলহঁতকো অন্তৰ্ভুক্ত কৰে।
৮। মহীচন্দ্ৰ মিৰি কোন ? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল ?
উত্তৰঃ মহীচন্দ্ৰ মিৰি হ’ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথম জনালে। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনেই হ’ল মহীচন্দ্ৰ মিৰি।
৯। নিগনা চিকাৰীৰ প্রকৃত নাম কি ? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল ?
উত্তৰঃ নিগনা চিকাৰীৰ প্ৰকৃত নাম হ’ল বাপীৰাম হাজৰিকা। তেওঁ প্ৰথমে কাজিৰঙাৰ গঁড় লেডী কাৰ্জনক দেখুৱাইছিল।
১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল ?
উত্তৰঃ ১) নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে।
২) গছ-বন, জীৱ-জন্তু মানুহৰ বন্ধু। মানুহে গছ নহ’লে জীয়াই থাকিব নোৱাৰে।
৩) ল’ৰা-ছোৱালী সকলো সমান।
৪) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম।
৫) দলীয়ভাৱে কৰবালৈ গলে অনুশাসন-শৃংখলা মানি চলাটো জৰুৰী কথা।
ভাষা – বিষয়ক ?
১। বাক্য ৰচনা কৰা ?
ককাই – ভনী , টুলুং – ভুটুং , চিঞৰ – বাখৰ , মানুহ – দুনুহ , তিতি – বুৰি ।
উত্তৰঃ ককাই-ভনী- ককাই-ভনীয়েকে সদায় মিলা-প্ৰীতিয়ে থাকিব লাগে।
টুলুং-ভুটুং- নাওঁখনে টুলুং-ভুটুং কৰিছে।
চিঞৰ-বাখৰ- ভূমিকম্প আহিলে চিঞৰ-বাখৰ কৰিব নালাগে।
মানুহ-দুনুহ – কাজিৰঙা অভয়াৰণ্য চাবলৈ দেশ-বিদেশৰ পৰা মানুহ-দুনুহ আহে।
তিতি-বুৰি- মাম্পীয়ে তিতি-বুৰি স্কুললৈ গৈছে।
২। মুদ্ধন্য ‘ ণ হােৱাৰ কাৰণ দশোৱা ?
অৰণ্য , অর্পণ , কণ্ঠ , ওৰণি , পােৰণি , আড়ম্বৰপূর্ণ ।
উত্তৰঃ